ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Mar 31, 2022, 11:01 AM IST

11 বজাৰ শীৰ্ষ 10 টা বাতৰি
11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

NRC পুনৰীক্ষণৰ দাবীৰে আকৌ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব আসাম পাব্লিকছ ৱৰ্কছ

পুনৰ উত্থাপন হৈছে এনআৰচি-ৰ প্ৰসংগ ৷ এখন নতুন এনআৰচি-ৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশৰ পিছতে জাঙুৰ খাই উঠিছিল বিভিন্ন দল-সংগঠন ৷ শেহতীয়াকৈ ৰাজধানী নতুন দিল্লীত সংবাদমেল সম্বোধন কৰি আসাম পাব্লিকছ ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই NRC পুনৰীক্ষণৰ দাবী(APW demands reverification of NRC)ৰে আকৌ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি ঘোষণা কৰে ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীত AJYCP ৰ প্ৰতিবাদ

এইবাৰ প্ৰতিবাদত বহিল AJYCP (AJYCP Protest in Nalbari) ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰী চহৰৰ মাজমজিয়াত প্ৰতিবাদকাৰীসকলে দাহ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি ৷

চিচিটিভি কেমেৰাকো কেৰেপ নকৰি মালবাহী বাহন লৈ উধাও চোৰ

অপৰাধীৰ ঘাটিত পৰিণত ৰঙিয়া ৷ নিশাৰ এন্ধাৰ নহয়, পোহৰতে সংঘটিত হ’ল চুৰিকাণ্ড(Theft in Rangia) ৷ চিচিটিভিত বন্দী সমগ্ৰ চুৰিকাণ্ডৰ দৃশ্য(TATA DI van theft in Rangia) ৷

একেদিনাই বিধানসভাত গৃহীত ১৮ খনকৈ বিধেয়ক

বুধবাৰৰ দিনটোত অসম বিধানসভাত গৃহীত কৰা হয় ওঠৰখনকৈ বিধেয়ক ৷ সদনত গৃহীত হোৱা বিধেয়কসমূহ হ'ল শিক্ষা, সংখ্যালঘু উন্নয়ন, নগৰ উন্নয়ন আৰু গৃহ নিৰ্মাণ, বিত্ত, সমাজ কল্যাণ, প্ৰশাসনিক সংস্কাৰ, পৰিবহণ, উদ্যোগ আৰু বাণিজ্যকে ধৰি কেইবাটাও বিভাগৰ বিধেয়ক ।

Rajya Sabha Election: ভূপেন বৰাক মিছলীয়া আখ্যা AIUDF ৰ

ৰাজ্যসভা নিৰ্বাচনৰ এদিন পূৰ্বে বোকা ছটিওৱা ৰাজনীতি ৷ প্ৰদেশ কংগ্ৰেছৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ ধিঙৰ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ(AIUDF MLA Aminul Islam allegations on Congress) ৷ নিৰ্বাচনৰ পাছত সকলো ফাদিল কৰাৰ কথা উল্লেখ কৰিলে বিধায়কগৰাকীয়ে ৷

Coal Mining in Assam: প্ৰকৃতিৰ বিপৰীতে আৰ্থ-সামাজিক উন্নয়নক গুৰুত্ব দি কয়লাৰ মুক্ত খনন আৰম্ভ

এইবাৰ বৈধ নথিৰে হ'ব কয়লাৰ ছিণ্ডিকেট (Coal mining in Assam)। চৰকাৰে ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে কয়লা খনন প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰিলে যদিও ইয়াৰ যোগেদি ছিণ্ডিকেটৰ সাম্ৰাজ্যখনো সম্প্ৰসাৰিত হ'ব । চৰকাৰে বৈধ কয়লাৰ বাবদ সামন্য ৰাজহ লাভ কৰিব যদিও বিশেষভাৱে লাভবান হ'ব ছিণ্ডিকেট চক্ৰ । চৰকাৰে ন্যায়াধীশ বি পি কটকীৰ নেতৃত্বৰ কমিটীৰ পৰামর্শ কার্যকৰী কৰাৰ সলনি টিকক কয়লাখনিটো পুনৰ মুকলি কৰিলে ।

গুৱাহাটী পৌৰ নিৰ্বাচনৰ বাবে ২১২গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ(Guwahati Municipal Election 2022) বাবে মনোনয়ন দাখিলৰ আজি অৰ্থাৎ বুধবাৰে আছিল অন্তিম দিন ৷ নিৰ্বাচনৰ বাবে মুঠ ২১২ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । ১৯ এপ্ৰিলত অনুষ্ঠিত হ'ব নিৰ্বাচন । পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ । ২১ এপ্ৰিলত হ’ব ভোটগণনা ।

বণিয়াক ৰাজ্যৰ ভূমি হস্তান্তৰৰ বিৰোধিতাৰে KMSSৰ বিক্ষোভ

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদত কঁপিল গুৱাহীটী ক্লাৱ । ৰাজ্যৰ থলুৱা ভূমিহীন পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদান আৰু বহিৰাগত পুঁজিপতি বণিয়াক ৰাজ্যৰ ভূমি হস্তান্তৰ বন্ধ কৰা দাবীৰে তীব্ৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তিৰ কৰ্মকৰ্তা সকলে (KMSS Protest against transfer of land to corporates)।

অসম-মেঘালয় সীমা সমস্যাক লৈ হোৱা ত্ৰিপাক্ষিক চুক্তিকলৈ ASDCৰ প্ৰতিক্ৰিয়া

অসম-মেঘালয় সীমা সমস্যাকলৈ হোৱা ত্ৰিপাক্ষিক চুক্তিকলৈ বুধবাৰে এএছডিচিয়ে অনুষ্ঠিত কৰে এখনি সংবাদমেল ৷ সংবাদমেলৰ জৰিয়তে উক্ত চুক্তি সন্দৰ্ভত এএছডিচিৰ প্ৰতিক্ৰিয়া প্ৰকাশ (ASDC Reaction on tripartite agreement) ৷

Assam Meghalaya Border: দুৰ্বৃত্তই উভালিলে সীমা নিৰ্ধাৰণৰ খুঁটা

অসম-মেঘালয় সীমান্তৱৰ্তী বকোৰ কম্পাডলীত চাঞ্চল্য । অসম চৰকাৰৰ জৰীপ বিভাগৰ গাঁও নিৰ্ধাৰণৰ খুঁটা উভালি পেলালে দুৰ্বৃত্তই (Miscreants overthrown village border poles)। দুৰ্বৃত্তই উভালিলে দুটাকৈ জৰীপৰ খুঁটা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.