ETV Bharat / state

NRC পুনৰীক্ষণৰ দাবীৰে আকৌ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব আসাম পাব্লিকছ ৱৰ্কছ

author img

By

Published : Mar 31, 2022, 10:35 AM IST

পুনৰ উত্থাপন হৈছে এনআৰচি-ৰ প্ৰসংগ ৷ এখন নতুন এনআৰচি-ৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশৰ পিছতে জাঙুৰ খাই উঠিছিল বিভিন্ন দল-সংগঠন ৷ শেহতীয়াকৈ ৰাজধানী নতুন দিল্লীত সংবাদমেল সম্বোধন কৰি আসাম পাব্লিকছ ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই NRC পুনৰীক্ষণৰ দাবী(APW demands reverification of NRC)ৰে আকৌ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি ঘোষণা কৰে ৷

apw-to-again-approach-supreme-court-demanding-reverification-of-nrc
উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব আসাম পাব্লিকছ ৱৰ্কছ

গুৱাহাটী, 31 মাৰ্চ: আলোচনা, আলোচনা আৰু আলোচনাতে সীমাবদ্ধ এন আৰ চি ১০০% পুনৰীক্ষণৰ দাবীৰে আকৌ এবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব আসাম পাব্লিকছ ৱৰ্কছ চমুকৈ এ পি ডব্লিউ(APW demands reverification of NRC) ৷ ৰঙালী বিহুৰ পিছতে উচ্চতম ন্যায়লয়ৰ দ্বাৰস্থ হ’ব বুলি বুধবাৰে দিল্লীত এক সংবাদমেল সম্বোধন কৰি সংবাদ মাধ্যমৰ আগত এই ঘোষণা কৰে এ পি ডব্লিউৰ সভাপতি অভিজিত শৰ্মাই ৷

তেওঁ সংবাদমেল সম্বোধন কৰি কয় যে, প্ৰকাশৰ প্ৰায় আঢ়ৈ বছৰ পাছতো অমীমাংসিতভাৱে পৰি ৰোৱা অসমীয়া জাতিৰ ৰাজহাড়স্বৰূপ এনআৰচি-ৰ সুফল আজিও অসমীয়া জাতিয়ে নাপালে ৷ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিয়াগোম কেলেংকাৰী আৰু খামখেয়ালিৰ ফলত এনআৰচি-ৰ পৰা পাবলগীয়া ফল আৰু বিদেশীমুক্ত এখন ৰাজ্যৰ সপোনৰ পৰা আজিও আমি বঞ্চিত হৈ ৰ’লো ৷

এন আৰ চি প্ৰকাশৰ নামত সমগ্ৰ প্ৰক্ৰিয়াটোত প্ৰায় 355 কোটি টকাৰ বিত্তীয় অনিয়মৰ তথ্য AG ৰ ৰিপ’ৰ্টত স্পষ্টভাৱে উল্লেখ কৰা হৈছে ৷ এন আৰ চিত সংঘটিত হোৱা বিত্তীয় অনিয়ম আৰু দুৰ্নীতিৰ বিৰুদ্ধে একমাত্ৰ আসাম পাব্লিকছ ৱৰ্কছে বিগত তিনিবছৰ ধৰি মাত মাতি আহিছে বুলি সদৰী কৰে শৰ্মাই ৷ কিন্তু পৰিতাপৰ কথা এয়ে যে, অসম আৰক্ষীৰ বিভিন্ন দুর্নীতি নিবাৰক শাখাসমূহত বিগত তিনিবছৰত বিভিন্ন ধৰণৰ গোচৰ তথ্যপাতি সহ ৰুজু কৰাৰ পাছতো আজিলৈ কোনো এটা গোচৰতেই প্ৰতীক হাজেলাৰ দুৰ্নীতিৰ সঠিক তদন্ত নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

NRC পুনৰীক্ষণৰ দাবী আসাম পাব্লিকছ ৱৰ্কছৰ

এন আৰ চিৰ লগত অকল বিত্তীয় খেলিমেলিয়েই নহয়, উন্নীতকৰণত ব্যৱহৃত ছফটৱেৰৰ নামতো বিভিন্ন খেলিমেলি কৰা হৈছিল ৷ এই সম্পর্কত তদন্তৰ বাবে আসাম পাব্লিকছ ৱৰ্কছে চিআইডিত গোচৰ ৰুজু কৰে যদিও, চিআইডিয়ে উক্ত গোচৰৰ তদন্ত কৰাৰ সলনি গোচৰটো মহানগৰীৰ পল্টনবজাৰ থানালৈ হস্তান্তৰ কৰে ৷

এতিয়া কথাটো হ'ল চিআইডিৰ উচ্চমানৰ চাইবাৰ বিশেষজ্ঞ থকাৰ পাচতো পল্টনবজাৰ থানাৰ এছ আই এজনক উক্ত গোচৰৰ তদন্ত কৰিব দিয়াটোৱে অসম আৰক্ষীৰ সদিচ্ছাৰ ওপৰত প্ৰশ্নবোধক চিহ্নৰ সৃষ্টি কৰে ৷ ইয়াৰ উপৰিও এনআৰচিত সংঘটিত বিভিন্ন বিত্তীয় অনিয়মৰ ওপৰত তথ্য সমৃদ্ধ এজাহাৰ দুৰ্নীতি নিবাৰক শাখাত আজিৰ পৰা দুবছৰ আগতেই দাখিল কৰা হৈছিল ৷ উক্ত গোচৰত প্ৰাৰম্ভিক তদন্তত যথেষ্ট সাক্ষ্য প্ৰমাণ পোৱাৰ পিছতো এক নিৰ্দিষ্ট সীমাৰ পৰা অসম আৰক্ষীয়ে উক্ত গোচৰ আগনবঢ়োৱা বুলি এপিডব্লিউৱে অভিযোগ কৰে ৷

আনকি উক্ত গোচৰৰ সম্পূৰ্ণ তদন্তৰ বাবে ৰাজ্যৰ গৃহ বিভাগৰ অনুমতি বিচাৰি প্ৰদান কৰা পত্ৰ বিগত ন মাহে গৃহ বিভাগৰ টেবুলত পৰি থকা বুলিও সংবাদমেল(Press meet of APW in New Delhi) ত অভিযোগ উত্থাপন কৰে অভিজিৎ শৰ্মাই ৷ "আমি এতিয়াও অসম চৰকাৰক অনুৰোধ জনাও প্ৰতীক হাজেলাৰ বিয়াগোম দুৰ্নীতিৰ বিৰুদ্ধে এক পুংখানুপুংখ তদন্তৰ ব্যৱস্থা কৰা হওক ৷ এনআৰচি-ৰ পৰা নাম বাদ পৰি ৰোৱা তথা খচৰা এনআৰচি-ৰ পৰা নাম বাদ পৰি যোৱা ৪০ লাখ মানুহৰ প্ৰায় ২৭ লাখ মানুহেই পৰৱৰ্তী পৰ্যায়ত এনআৰচিত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন জনোৱাৰ লগতে এনআৰচি কৰ্তৃপক্ষৰ ফালৰ পৰা তেওঁলোকৰ বায়’মেট্ৰিক তথ্য সংগ্ৰহ কৰা হৈছিল" বুলি শৰ্মাই কয় ৷

এই কথা সত্য যে প্ৰতীক হাজেলাই বিভিন্ন কাৰচাজি-অনিয়মৰ মাজেৰে যিখন এনআৰচি প্ৰকাশ কৰি থৈ গ'ল, সেইখন মানি লোৱা নাই এপিডব্লিউৱে ৷ আনহে নালাগে, খোদ অসম চৰকাৰেও উক্ত এনআৰচি-ক মান্যতা প্ৰদান কৰা নাই ৷ যোৱা ২৪ মার্চত অসম চৰকাৰৰ উদ্যোগত খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়(Assam administrative staff college Khanapara)ত অনুষ্ঠিত হোৱা এখন সভাত এনআৰচি আৰু আধাৰকাৰ্ড সন্দৰ্ভত এক বৈঠকত অংশ লৈ আধাৰকাৰ্ড নাগৰিকত্বৰ পৰিচায়ক নথি নহয়, সেয়ে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ ৰোৱা ২৭ লাখ মানুহক আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী উত্থাপন কৰিছিল আসাম পাব্লিকছ ৱৰ্কছে ৷

আমি জানিব পৰা মতে, সমগ্ৰ দেশত নিয়মমতে ৫ বছৰৰ তলৰ হ’লে ‘বাল আধাৰ’, ৫ বছৰৰ ওপৰত হ’লে ‘আধাৰ’ কাৰ্ড দিয়াৰ ব্যৱস্থা আছে ৷ ইয়াৰ বাবে ভাৰতীয় নাগৰিকত্বতকৈ ভাৰতবৰ্ষত বসবাস কৰা শব্দটোত অধিক প্ৰাধান্য দিয়া হৈছে ৷ আনকি বিদেশী ব্যক্তি এজনেও যদি বৈধভাৱে ভাৰতত ১২ মাহ বসবাস কৰে, তেন্তে তেওঁকো আবেদনমৰ্মে আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থা আছে ৷ এনে এক প্ৰেক্ষাপটত অসমৰ এই ২৭ লাখ আধাৰ কাৰ্ড নোহোৱা মানুহৰ ভিতৰত বহু খিলঞ্জীয়া মানুহেও আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ থকাৰ বাবে তেওঁলোকে চৰকাৰৰ পৰা পাবলগীয়া বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত হৈ ৰৈছে বুলি সংবাদমেলত সদৰী কৰে শৰ্মাই ৷

এক কথাত কবলৈ গ'লে তেওঁলোক পণবন্দী হৈ থকাৰ নিচিনা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ খিলঞ্জীয়া মানুহৰ এই দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তথা এনআৰচি-ত নাম নোহোৱাৰ বাবেই আধাৰ প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ বিভিন্ন চৰকাৰী আঁচনিৰ সুফলৰ পৰা বঞ্চিত হৈ ৰোৱা খিলঞ্জীয়া মানুহৰ বেদনামৰ্মে উপলব্ধি কৰি তথা অসমত বাস কৰি হাতে হাতে ভোটাৰ কাৰ্ড লৈ অসমৰ ৰাজনৈতিক ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰা লাখ লাখ অবৈধ বাংলাদেশীয়ে ভোগ কৰি থকা সা-সুবিধাৰ কথা মনত ৰাখি আমি মহামান্য উচ্চতম নায়ালয়ত অসমৰ এই ২৭ লাখ মানুহক আধাৰ প্ৰদান কৰিবলৈ শপতনামা দাখিল কৰিছো বুলিও আসাম পাব্লিকছ ৱৰ্কছৰ অভিজিৎ শৰ্মাই ঘোষণা কৰে ৷

আমি মহামান্য ন্যায়ালয়ত প্ৰার্থনা জনাইছো যাতে বায়’মেট্ৰিক তথ্য ব্লক কৰি ৰখা ২৭ লাখ মানুহৰ সেই তথ্য খুলি আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰে ৷ এনআৰচি-ৰ মূল আবেদনকাৰী হিচাপে এই শপতনামা দাখিল কৰি আশা প্ৰকাশ কৰিছে যে, ৰাজ্য চৰকাৰেও একেই শপতনামা উচ্চতম ন্যায়ালয়ত দাখিল কৰিব ৷ পৰবৰ্তী পৰ্যায়ত আমি এনআৰচি-ৰ পুনৰীক্ষণৰ প্ৰাৰ্থনাৰে আন এখন শপতনামা আকৌ এবাৰ দাখিল কৰাৰ বাবে যো-জা চলাই থকাৰ বিষয়েও সংবাদমেলত সদৰী কৰা হয় ৷

আমি আকৌ কৈছো ধুবুৰী, কোকৰাঝাৰ, চিৰাং, দক্ষিণ শালমাৰা, মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ(গ্ৰাম্য), কামৰূপ(ম), দৰং, ওদালগুৰি, শোণিতপুৰ, লখিমপুৰ, ধেমাজি, মৰিগাঁও, নগাঁও, হোজাই, গোলাঘাট, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত ১০০% পুনৰীক্ষণৰ বাবে আমি লৈ অহা স্থিতি একেই আছে আৰু তাৰ বাবে আকৌ এবাৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ ওচৰত আমি প্ৰার্থনা জনাম বুলি সংবাদমেলত ঘোষণা কৰে এপিডব্লিউৰ সভাপতি অভিজিত শৰ্মাই (APW president Abhijit Sarma) ৷

লগতে চাওক: Rajya Sabha election 2022: সাজু বিধানসভাৰ চেন্ট্ৰেল হল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.