ETV Bharat / state

Rajya Sabha election 2022: সাজু বিধানসভাৰ চেন্ট্ৰেল হল

author img

By

Published : Mar 30, 2022, 7:58 PM IST

বৃহস্পতিবাৰে পৰা আৰম্ভ হ'ব ৰাজ্যসভাৰ দুয়োখন আসনৰ নিৰ্বাচন(Rajya Sabha election) ৷ ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে সাজু কৰি তোলা হৈছে অসম বিধানসভাৰ চেন্ট্ৰেল হল ৷ বিয়লি ৫ বজাত আৰম্ভ হ'ব ভোটগণনা ।

central-hall-of-assembly-ready-for-rajya-sabha-election-2022
সাজু বিধানসভাৰ চেন্ট্ৰেল হল

গুৱাহাটী,৩০ মাৰ্চ : ৰাজ্যসভাৰ দুখন আসনৰ বাবে বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব নিৰ্বাচন(Rajya Sabha election 2022) । ইয়াৰ বাবে ইতিমধ্যে সাজু কৰি তোলা হৈছে অসম বিধানসভাৰ চেণ্ট্ৰেল হল(Central hall of Assam assembly ready for Rajya Sabha election) । বৃহস্পতিবাৰে পুৱা ৯ বজাৰ পৰা আৰম্ভ হ'ব অসমৰ পৰা খালী হোৱা ৰাজ্যসভাৰ দুয়োখন আসনৰ নিৰ্বাচন ।

উল্লেখ্য যে, ৯ বজাৰ পৰা আৰম্ভ হ'বলগীয়া ভোটগ্ৰহণ সমাপ্ত হ'ব বিয়লি ৪ বজাত । সেইদৰে বিয়লি ৫ বজাত আৰম্ভ হ'ব ভোটগণনা । ৰাজ্যসভাৰ দুখন আসনৰ বাবে প্ৰাৰ্থী তিনিগৰাকী । উল্লেখনীয় বিষয় এয়ে যে, প্ৰথমখন আসনত শাসকীয় দলৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটাৰ জয় একপ্ৰকাৰে নিশ্চিত হৈ পৰিছে । কিন্তু দ্বিতীয়খন আসনৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰী আৰু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰাৰ মাজত যুঁজ তীব্ৰতৰ হ'ব বুলি এক প্ৰকাৰে ধাৰণা কৰা হৈছে ।

central-hall-of-assembly-ready-for-rajya-sabha-election-2022
ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে সাজু কৰি তোলা হৈছে সাজু বিধানসভাৰ চেন্ট্ৰেল হল

সংখ্যাৰ ফালৰ পৰা দ্বিতীয়খন আসনত বিজেপি মিত্রজোঁট জয়ী হ'ব নোৱাৰে যদিও বিজেপিয়ে দুয়োখন আসনত জয়লাভ কৰিব বুলি ইতিমধ্যে দাবী কৰিছে । ইফালে, দ্বিতীয়খন আসনত সংখ্যাৰ ফালৰ পৰা বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভ‍াৱনা আছে যদিও বিৰোধীৰ ঐক্যত আউল লগাত সমীকৰণ সলনি হোৱাৰ আশংকা আছে । ইফালে ৰাজ্যসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শেহতীয়াকৈ এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে ৰাজ্যৰ ৰাজনীতিত । দ্বিতীয়খন আসনৰ বাবে শাসক-বিৰোধীৰ মাজত ৰাজনৈতিক যুঁজ ক্ৰমান্বৰে আকৰ্ষণীয় হৈ পৰিছে ।

central-hall-of-assembly-ready-for-rajya-sabha-election-2022
ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে সাজু কৰি তোলা হৈছে সাজু বিধানসভাৰ চেন্ট্ৰেল হল

লক্ষণীয় বিষয় এয়ে যে, বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰাই জয়লাভ কৰিব বুলি দুদিন আগলৈকে আত্মবিশ্বাসী হৈ আছিল যদিও এতিয়া সলনি হৈছে দৃশ্যপট । বিশেষকৈ মঙলবাৰে নিশা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদমেলৰ(APCC president Press meet) জৰিয়তে উন্মোচন কৰে বহুকেইটা শেহতীয়া ৰাজনৈতিক দৃশ্য । এই সংবাদমেলৰ জৰিয়তে বিজেপিৰ ওচৰত এ আই ইউ ডি এফৰ ৫ গৰাকীকৈ বিধায়ক বিক্ৰী গৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সভাপতি ভূপেন বৰাই ।

উল্লেখ্য যে, অসম বিধানসভাত কংগ্ৰেছৰ ২৭, এ আই ইউ ডি এফৰ ১৫, ৰাইজৰ দলৰ ১, চি পি আই এমৰ এজন বিধায়ককে ধৰি মুঠ বিৰোধী ৪৪ গৰাকী বিধায়ক আছে । কিন্তু ইয়াৰে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসে বিজেপিৰ পক্ষত ভোট দিয়াৰ কথা ইতিমধ্যে সদৰি কৰিছে । তেনেস্থলত বিৰোধীৰ হাতত আছে ৪৩ টা ভোট । ৪৩ টা ভোটেৰে দ্বিতীয়খন আসনত বিৰোধী দলৰ প্ৰাৰ্থী ৰিপুন বৰা জয়ী হোৱাৰ সম্ভাৱনা নিশ্চিত হৈ থকাৰ পাছতো এতিয়া ক্ৰছ ভোটৰ আশংকাত টোপনি নাইকীয়া হৈছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ ।

ইফালে, কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত অব্যাহত আছে সংঘাত । বিৰোধীৰ এই দুই দলৰ মাজত অব্যাহত আছে আক্ৰমণ-প্ৰত্যাক্ৰমণ । ইয়াৰ মাজতে এআইইউডিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই অভিযোগ উত্থাপন কৰি কয় যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিৰোধীৰ মাজত বিভাজন আনিব বিচাৰিছে আৰু তেওঁ বিজেপিৰ হৈ কাম কৰি আছে । বৰ্তমান পৰিস্থিতিত এআইইউডিএফ দলে ভূপেন বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা বহিষ্কাৰ কৰিবৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতিলৈ আবেদন জনাব বুলি বৰভূঞাই সদৰি কৰে ।

তেওঁ কয় যে, ভূপেন বৰাক আঁতৰাই সদ্যহতে কমলাক্ষ দে পুৰকায়স্থক সভাপতিৰ দায়িত্ব অৰ্পণ কৰিব লাগে । এইবুলি তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে ক্ষোভ উজাৰি কঠোৰ ভাষাৰে সমালোচনা কৰে । ৰাজ্যসভাৰ নিৰ্বাচনৰ পূৰ্বে সঘনাই সলনি হ'ব ধৰিছে নিৰ্বাচনী সমীকৰণ । অৱশ্যে সকলো কথা বৃহস্পতিবাৰে বিয়লিহে স্পষ্ট হৈ পৰিব ।

লগতে পঢ়ক : Rajya Sabha Election: এ আই ইউ ডি এফ এফে ৰিপুন বৰাক ভোট দিব: দেবব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.