ETV Bharat / state

Coal Mining in Assam: প্ৰকৃতিৰ বিপৰীতে আৰ্থ-সামাজিক উন্নয়নক গুৰুত্ব দি কয়লাৰ মুক্ত খনন আৰম্ভ

author img

By

Published : Mar 30, 2022, 8:09 PM IST

এইবাৰ বৈধ নথিৰে হ'ব কয়লাৰ ছিণ্ডিকেট (Coal mining in Assam)। চৰকাৰে ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে কয়লা খনন প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰিলে যদিও ইয়াৰ যোগেদি ছিণ্ডিকেটৰ সাম্ৰাজ্যখনো সম্প্ৰসাৰিত হ'ব । চৰকাৰে বৈধ কয়লাৰ বাবদ সামন্য ৰাজহ লাভ কৰিব যদিও বিশেষভাৱে লাভবান হ'ব ছিণ্ডিকেট চক্ৰ । চৰকাৰে ন্যায়াধীশ বি পি কটকীৰ নেতৃত্বৰ কমিটীৰ পৰামর্শ কার্যকৰী কৰাৰ সলনি টিকক কয়লাখনিটো পুনৰ মুকলি কৰিলে ।

Coal Mining in Assam
প্ৰকৃতিৰ বিপৰীতে আৰ্থ-সামাজিক উন্নয়ণক গুৰুত্ব দি কয়লাৰ মুক্ত খনন আৰম্ভ

গুৱাহাটী, ৩০ মাৰ্চ: ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ লক্ষ্যৰে প্ৰায় দুবছৰ ধৰি বন্ধ হৈ থকা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ উত্তৰ-পূব কয়লাক্ষেত্ৰৰ টিকক কয়লা খনিৰ খননকার্য পুনৰ মুকলি কৰ‍া হৈছে (Coal mining in Assam)। উল্লেখ্য যে, পাৰিপাৰ্শ্বিক কাৰণত ২০২০ চনৰ ৩ জুনৰ পৰা উত্তৰ পূব কয়লাক্ষেত্ৰত খননকার্য স্থগিত ৰখা হৈছিল । অৱশেষত সকলো বাধা আঁতৰ কৰি প্ৰতি বছৰে চাৰি লাখ টন কয়লা উৎপাদনক্ষম দুটা মুক্ত খনন প্ৰকল্প ক্ৰমে টিকক অ’ চি পি আৰু টিকক সম্প্ৰসাৰিত অ’ চি পিৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ কয়লাক্ষেত্ৰই মাৰ্ঘেৰিটাৰ টিকক কয়লা খনিত ক’লা হীৰাৰ খনন চলোৱাৰ পথ প্ৰশস্ত কৰা হ'ল (Resumption of coal mining in North Eastern Coalfields)।

কয়লাৰ মুক্ত খনন প্ৰক্ৰিয়া পুনৰ আৰম্ভ হোৱাৰ লগে লগে বৰ্তমান কেতবোৰ বিষয় উত্থাপিত হৈছে । চৰকাৰে ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে কয়লা খনন প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰিলে যদিও ইয়াৰ যোগেদি ছিণ্ডিকেটৰ পথো মুকলি হ'ল । লক্ষ্যণীয় বিষয় যে, কয়লাৰ খনন বন্ধ হৈ থকাৰ সময়তো অব্যাহত আছিল ছিণ্ডিকেট । কিন্তু এতিয়া মুক্ত খনন আৰম্ভ হোৱাৰ লগে লগে বৈধতাৰ মাজত চলিব ছিণ্ডিকেটৰ বিশাল সাম্ৰাজ্য । বৈধ খনন প্ৰক্ৰিয়াৰ মাজতে অবৈধভাৱে সৰবৰাহ হ'ব বুজন পৰিমাণৰ কয়লা । এক কথাত এইবাৰ বৈধ নথিৰে হ'ব কয়লাৰ বিশাল ছিণ্ডিকেট ।

চৰকাৰে বৈধ কয়লাৰ বাবদ সামন্য ৰাজহ লাভ কৰিব যদিও বিশেষভাৱে লাভবান হ'ব ছিণ্ডিকেটৰ লগত জড়িত লোকসকল । কয়লাৰ এই বিশাল ছিণ্ডিকেটৰ আঁৰত মন্ত্ৰী-বিধায়ককে ধৰি চৰকাৰী শীৰ্ষ আমোলা-বিষয়া আৰু আৰক্ষীৰ লোকো জড়িত হৈ আছে । অৱশ্যে এই অভিযোগ নতুন নহয় । এতিয়া মুক্ত খননৰ ফলত ছিণ্ডিকেটৰ বজাৰখনে আৰু অধিক প্ৰসাৰতা লাভ কৰিব । এটা কথা ঠিক যে, প্ৰকৃতিৰ সুৰক্ষাৰ স্বাৰ্থৰ বাবে নহয় মানুহৰ আর্থ-সামাজিক উন্নয়নৰ দিশটোক অধিক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰি ২৬ মাৰ্চত পুনৰ মুকলি কৰা হ’ল বিতৰ্কিত টিকক মুক্ত খনন প্ৰকল্পত কয়লা খননৰ কাম ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় কয়লা আৰু খনি দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে উত্তৰ পূব কয়লা ক্ষেত্ৰৰ টিকক মুক্ত কয়লা খনন প্ৰকল্পটো পুনৰ মুকলি কৰে । উল্লেখ্য যে, নিয়ম বহিৰ্ভূতভাৱে কয়লা খননৰ অপৰাধত ২০২০ চনৰ জুন মাহৰ পৰা এই কয়লা খনিটোৰ কাম-কাজত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছিল । ডিগবৈ বন সংমণ্ডলৰ অধীনস্থ শালেকী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ ভিতৰত ৯৮.৫৯ হেক্টৰ ভূমিত কয়লাৰ মুক্ত খনন কৰিবলৈ ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদে ২০২০ চনৰ এপ্ৰিল মাহত উত্তৰ পূব কয়লা ক্ষেত্ৰক অনুমতি প্ৰদান কৰাৰ পৰাই এই বিতর্কৰ সূচনা হৈছিল ।

আশ্চৰ্যকৰ কথা যে, কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৱে কোনো পূৰ্ব অনুমতি নোলোৱাকৈয়ে ইতিমধ্যে ৫৭.২০ হেক্টৰ ভূমিৰ বনাঞ্চল মুকলি কৰি ২০০৩ চনৰ পৰাই কয়লা আহৰণ কৰি আছিল । ২০২০ চনতহে এই তথ্য পোহৰলৈ অহাত অসম চৰকাৰে তৎকালেই বলৱৎ হোৱাকৈ কয়লা খননৰ কাম-কাজ বন্ধ ৰখাৰ আদেশ দিয়াৰ উপৰি উত্তৰ পূব কয়লা ক্ষেত্ৰক ৪৩.২৪৮৫ কোটি টকাৰ জৰিমনা বিহে । ইয়াৰ পৰৱৰ্তী সময়ত সমগ্ৰ বিষয়টোৰ অনুসন্ধান কৰিবলৈ অসম চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি পি কটকীৰ নেতৃত্বত এখন এজনীয়া তদন্ত কমিটী গঠন কৰি দিয়ে ।

কটকী কমিটীয়ে ২০২১ চনৰ ডিচেম্বৰ মাহত অসম বিধানসভাৰ শীতকালীন অধিৱেশনত এই প্ৰতিবেদন দাখিল কৰে । কমিটীয়ে প্ৰতিবেদনত অসম চৰকাৰক পৰামর্শ দি কৈছিল যে, যিহেতু বিষয়টোৰ লগত বিভিন্ন বিভাগ আৰু সংস্থা জড়িত হৈ আছে সেয়ে বিশদ নিৰপেক্ষ অনুসন্ধানৰ বাবে বিষয়টো কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ হাতত অৰ্পণ কৰিব লাগে আৰু প্ৰায় কুৰি বছৰে কোনো অনুমতি নোহোৱাকৈ ৪৮৭২.১৩ কোটি টকা মূল্যৰ কয়লা আহৰণৰ বাবে এই সমুদায় ধন উত্তৰ পূবৰ কয়লা ক্ষেত্ৰৰ পৰা আদায় কৰিব লাগে ।

কিন্তু তিনিমাহ উকলি যোৱাৰ পাছতো অসম চৰকাৰে তদন্ত কমিটীখনৰ পৰামর্শ কার্যকৰী কৰাৰ সলনি অঞ্চলটোৰ তথাকথিত আর্থ-সামাজিক উন্নয়নৰ স্বাৰ্থত টিকক কয়লাখনিটো পুনৰ মুকলি কৰাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিলে । উল্লেখ্য যে, ন্যায়াধীশ বি পি কটকীৰ প্ৰতিবেদনখনৰ প্ৰতিটো পৃষ্ঠাতে কয়লা খননৰ নামত কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ এই প্ৰতিষ্ঠানটোৱে চৰকাৰে বান্ধি দিয়া নীতি-নিয়ম সম্পূর্ণকৈ উলংঘা কৰি কেনেদৰে স্বেচ্ছাচাৰীভাৱে কার্য পৰিচালনা কৰি আছে তাক উদঙাই দেখুৱাইছে ।

ইয়াৰ পাছতো অসম চৰকাৰে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আজি পর্যন্ত আইনী ব্যৱস্থা লোৱাৰ কোনো প্ৰক্ৰিয়াই আৰম্ভ নকৰিলে । ইয়াৰ আঁৰত কি ৰহস্য আছে ? এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে অলপতে ৰাজ্য চৰকাৰক উক্ত কমিটীখনৰ পৰামর্শ কার্যকৰী কৰাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া এখন শপতনামা যোগে দর্শাবলৈ নিৰ্দেশ প্ৰদান কৰিছে । বিষয়টো এতিয়াও ৰাজহুৱা হোৱা নাই । কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সংস্থাই সময়ে সময়ে দাখিল কৰা প্ৰতিবেদন সমূহৰ পৰা দেখা গৈছে যে, উত্তৰ পূব কয়লা ক্ষেত্ৰই ১৯৮০ চনৰ বন সংৰক্ষণ আইনকে ধৰি খনিজ পদার্থ আহৰণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ বিভিন্ন নীতি-নিয়ম ভৰিৰে মোহাৰি তথাকথিত উন্নয়নৰ বাবে কয়লা আহৰণ কৰি আহিছে ।

উল্লেখ্য যে, উত্তৰ-পূব কয়লা ক্ষেত্ৰই কয়লা খনন কৰা অঞ্চলটো পোনপটীয়াকৈ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ অন্তর্ভুক্ত নহয় যদিও ই বর্ষাৰণ্যখনৰ এটা সংলগ্ন অঞ্চল আৰু ৯৩৭ বর্গ কিলোমিটাৰ এলেকাৰ দিহিং পাটকাইস্থিত সংৰক্ষিত অঞ্চলৰ অন্তর্ভুক্ত । পুনৰ আৰম্ভ কৰিবলৈ লোৱা টিকক মুক্ত খনন প্ৰকল্প আৰু টিকক সম্প্ৰসাৰণ মুক্ত খনন প্ৰকল্পৰ পৰা এতিয়া বছৰি চাৰি লাখ মেট্ৰিক টন কয়লা উৎপাদন কৰিব বুলি উত্তৰ পূব কয়লা ক্ষেত্ৰই ঘোষণা কৰিছে ।

ইফালে কয়লাৰ মুক্ত খনন আৰম্ভ হোৱাৰ লগে লগে সামগ্ৰিক দৃষ্টিত সেই অঞ্চলটো আৰ্থ-সামাজিক উন্নয়ন হ'ব যদিও পাৰিপাৰ্শ্বিক দিশত যথেষ্ট প্ৰভাৱ পৰিব । প্ৰদূষণৰ কৱলত পৰিব প্ৰাকৃতিকভাৱে চহকী অঞ্চলটো । কয়লাৰ মুক্ত খনন আৰম্ভ কৰাৰ পূৰ্বে এই দিশসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হোৱা নাই । আনহাতে কয়লাৰ খনন কাৰ্য আৰম্ভ হোৱাৰ লগে লগে বিশাল পৰিমাণৰ মাটি ওলাব আৰু সেই মাটি ক'ত কেনেকৈ পেলাব তাৰ কোনো স্পষ্ট নিৰ্দেশনা নাই ।

কয়লা খননৰ ডাম্পিং গ্ৰাউণ্ড আৰু ইয়াৰ পৰা নিৰ্গত হোৱা পানীয়ে কৃষিভূমিৰ উৰ্বৰা নষ্ট কৰিব । পূৰ্বেও এনে ঘটনা সংঘটিত হৈছে । কয়লাৰ মুক্ত খননৰ লগত বহু কথাই জড়িত হৈ থাকে আৰু এই দিশসমূহত গুৰুত্ব নিদিলে ভৱিষ্যতে বহু জটিল সমস্যাৰ সৃষ্টি হোৱাটো নিশ্চিত ।

লগতে পঢ়ক: গুৱাহাটীত চেঞ্চুৰী কোৱালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.