ETV Bharat / city

গুৱাহাটীত চেঞ্চুৰী কোৱালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যই

author img

By

Published : Mar 30, 2022, 5:54 PM IST

ৰাজ্যৰ অন্যান্য জিলাৰ পাছতে গুৱাহাটীতো এশ টকা পাৰ কৰিলে পেট্ৰ'লৰ মূল্যই(Petrol price crosses 100 in Guwahati) । বুধবাৰে গুৱাহাটী মহানগৰীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মৃল্য ৮৯ পইছাকৈ আৰু ডিজেলৰ মূল্য ৮৫ পইছাকৈ বৃদ্ধি পায়(Petrol Diesel price in Guwahati) । ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ(Russia Ukraine War) পৰিপ্ৰেক্ষিতত আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধি হোৱাৰ বাবেই ভাৰততো বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য ৷

Petrol price crosses 100 in Guwahati
গুৱাহাটীত চেঞ্চুৰী কোৱালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যই

গুৱাহাটী, ৩০ মাৰ্চ : অৱশেষত গুৱাহাটীতো পেট্ৰ’লৰ মূল্যই এশৰ ঘৰ পাৰ কৰিলে(Petrol price crosses 100 in Guwahati) । বুধবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লত ৮৯ পইছাকৈ বৃদ্ধি পালে । ইয়াৰ লগতে মহানগৰীত বুধবাৰে পেট্ৰলৰ মূল্য বৃদ্ধি পালে ১০০.৭৮ টকালৈ । বিগত ৯ দিনত ৮ বাৰকৈ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য(Petrol Diesel price in Guwahati) ।

২ নৱেম্বৰৰ পৰা ২১ মাৰ্চলৈ গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য আছিল ৯৪.৫৮ টকা । ইয়াৰ পিছতে ২২ মাৰ্চৰ পৰা দৈনিক বৃদ্ধি পাই আহিছে পেট্ৰ’ল ডিজেলৰ মূল্য । বুধবাৰে মহানগৰীত প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৮৫ পইছাকৈ বৃদ্ধি পায় হয়গৈ ৮৬.৭৫ টকা ।

গুৱাহাটীত চেঞ্চুৰী কোৱালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যই

ইতিমধ্যে ইন্ধনৰ এনে ধাৰাবাহিক মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে । বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক তথা ব্যৱসায়িক দল-সংগঠনে এই মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে যদিও ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ বাবে ভাৰততো এই মূল্যবৃদ্ধি হৈছে বুলি মন্তব্য কৰিয়েই চৰকাৰ নিৰ্বিকাৰ হৈ আছে ।

লক্ষ্যণীয়ভাৱে ইন্ধনৰ এনে ধাৰাবাহিক মূল্যবৃদ্ধিয়ে সকলো নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি ঘটাই জনজীৱন অসহনীয় কৰি তুলিছে যদিও এই ক্ষেত্ৰত সকাহ দিবলৈ চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰাটোৱে জনতাৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক : শিৱসাগৰত কৰ ফাঁকি দিয়া কোম্পানীত পৰিবহণ বিভাগৰ হাতোৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.