ETV Bharat / health

সাৱধান ! আপুনিও খাদ্যৰ লগত চাহ-কফি খায় নেকি ? - Drinking Tea with Meals

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 6:42 PM IST

Drinking Tea with Meals: চাহ-কফি অবিহনে ব্ৰেকফাষ্ট অসম্পূৰ্ণ বুলি গণ্য কৰা হয় । যদি আপুনিও একেধৰণৰ কথাত বিশ্বাস কৰে তেন্তে সাৱধান হওক, কাৰণ এইটো খাদ্য সম্পৰ্কীয় অন্যতম এটা ডাঙৰ ভুল । কেৱল এয়াই নহয়, এই ভুলৰ বাবেও আপোনাৰ স্বাস্থ্যৰ যথেষ্ট ক্ষতি হ’ব পাৰে ।

Is Drinking Tea or Coffee with Meals Bad for Your Health? What Do the Experts Say?
সাৱধান! আপুনিও খাদ্যৰ লগত চাহ-কফি খায় নেকি ? (FREEPIK)

ব্যস্ততাৰে ভৰা এই জীৱনে আমাৰ খাদ্যাভ্যাস প্ৰায়ে সলনি কৰি পেলাইছে ৷ অফিচ আৰু অন্যান্য কামত ব্যস্ত লোকে খৰধৰকৈ খাদ্য খায়, যাৰ বাবে শৰীৰত পুষ্টিকৰ উপাদানসমূহ সঠিকভাৱে পোৱা নাযায় ৷ আজিকালি ৰেডি টু ইট খাদ্যৰ ট্ৰেণ্ড বেছি, সেয়েহে প্ৰায়ভাগ লোকেই নিজৰ খাদ্যত গুৰুত্ব নিদিয়ে ৷ তাৰে ভিতৰত এটা হৈছে চাহ বা কফিৰ সৈতে কিছুমান খাদ্য খোৱা যেনে বিস্কুট, চিপছ, ডোচা, অমলেট ইত্যাদি ৷

সাধাৰণতে মানুহে কফি বা চাহৰ লগত কিবা এটা নাখালে চাহৰ সোৱাদ আধৰুৱা যেন লাগে ৷ কিছুমানে জলপানৰ লগত চাহ খায় ৷ মানুহৰ বিশ্বাস যে, ই সোৱাদ বৃদ্ধি কৰে আৰু লগতে খাদ্যৰ হজমতো সহায় কৰে ৷ এই দুবিধ পানীয় অবিহনে ব্ৰেকফাষ্ট অসম্পূৰ্ণ বুলি গণ্য কৰা হয় ৷ কিন্তু বিশেষজ্ঞই এই সন্দৰ্ভত কয় যে, খাদ্যৰ লগত চাহ বা কফি খোৱাটো স্বাস্থ্যৰ লগত খেলা কৰাৰ দৰেই ৷

যদি আপুনিও খাদ্যৰ সৈতে চাহ বা কফি খাই আছে তেন্তে ভুল কৰিছে ৷ বিশেষজ্ঞসকলে কয় যে খাদ্যৰ সৈতে চাহ বা কফি খালে খাদ্যত থকা পুষ্টিকৰ উপাদানসমূহ শৰীৰত সঠিকভাৱে লাভ কৰিব নোৱাৰে ৷ বিশেষকৈ চাহ আৰু কফিয়ে আইৰণ শোষণত বাধাৰ সৃষ্টি কৰে ৷ দুয়োবিধতে পলিফিনল আৰু টেনিনৰ দৰে যৌগ পোৱা যায়, যিবোৰ আইৰণৰ লগত বান্ধ খায় ৷

কোন সময়ত চাহ বা কফি খাব লাগে ?

অৱশ্যে এই দুয়োটা খাদ্যৰ সৈতে খালে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, কিন্তু ইয়াৰ পৰা আঁতৰি থকাটোও ইমান সহজ নহয় ৷ চাহ-কফি খোৱাৰ উপযুক্ত সময় কি সেই কথা মনত ৰখাটো জৰুৰী ৷ বিশেষজ্ঞসকলে কয় যে খালী পেটত চাহ বা কফি নাখাব ৷ ইয়াৰ ফলত গেছ, পেট ফুলা বা এচিড ৰিফ্লাক্সৰ দৰে সমস্যা হ’ব পাৰে ৷ বিশেষজ্ঞসকলৰ মতে, খাদ্য খোৱাৰ প্ৰায় আধা ঘণ্টাৰ পিচতহে চাহ বা কফি খাব লাগে ৷ পুৱাও বিস্কুট বা অন্যান্য জলপানৰ সৈতে চাহ খোৱাটো পৰিহাৰ কৰিব লাগে ৷

লগতে পঢ়ক: চাহ অধিক উতলাই খাই নেকি ? কি কয় বিশেষজ্ঞই, চাওঁ আহক.. - Overboiling Tea Side Effect

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.