ETV Bharat / health

চাহ অধিক উতলাই খাই নেকি ? কি কয় বিশেষজ্ঞই, চাওঁ আহক.. - Overboiling Tea Side Effect

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 8:11 PM IST

Overboiling Tea Side Effect: পুৱা শুই উঠাৰ পিচত একাপ গৰম চাহত দিয়া চুমুকে আমাৰ শৰীৰলৈ আনে যথেষ্ট উদ্যম । একেদৰে দিনটোৰ কামৰ হেঁচাই আনি দিয়া অৱসাদ দূৰীকৰণৰ প্ৰধান উপায় হ’ব পাৰে একাপ চাহ । প্ৰায়ে দেখা যায় যে, চাহকাপ অধিক সোৱাদযুক্ত কৰি তুলিবলৈ কিছুমান মানুহে চাহকাপ বহু সময় ধৰি উতলাই থাকে ।

HOW DOES OVER-BOILED MILK TEA HARM YOUR HEALTH? KNOW ITS POSSIBLE SIDE EFFECTS
চাহ অধিক উতলাই খাই নেকি ? কি কয় বিশেষজ্ঞই, চাওঁ আহক.. (Getty Images)

পুৱা শোৱাপাটিৰ পৰা উঠি যোৱাৰ পিচত কিছু সময়লৈ আমি সকলোৱে এক শাৰীৰিক বা মানসিক অৱসাদ অনুভৱ কৰো ৷ এই অৱসাদ দূৰৰ ঔষধ হিচাপে আমাৰ মনে বিচাৰে একাপ চাহ ৷ পচন্দৰ চাহ কাপত এটা চুমুক, আহ ! সঁচাকৈ যেন নিমিষতে দূৰ হৈ যায় আমাৰ সকলো অৱসাদ, মগজুৱে যেন লাভ কৰে নতুন প্ৰাণ আৰু.. শান্ত হৈ উঠে আমাৰ শৰীৰ ! সময়মতে একাপ চাহ খাবলৈ নাপালেই যেন বহুতেই অস্থিৰ হৈ পৰে, মুহূৰ্তৰ ভিতৰতে আৱৰি ধৰে অৱসাদে ৷ পুৱাৰ পৰা সন্ধিয়ালৈকে দিনটোৰ ভিতৰত ৫-৬ বাৰকৈ প্ৰয়োজন এই প্ৰাণসঞ্চাৰী ঔষধ ৷ এয়াই আমাৰ সমাজৰ এক পৰিচিত দৃশ্য ৷

পুৱা শুই উঠি একাপ গৰম চাহত দিয়া চুমুকে আমাৰ শৰীৰলৈ আনে যথেষ্ট উদ্যম ৷ একেদৰে দিনটোৰ কামৰ হেঁচাই আনি দিয়া অৱসাদ দূৰীকৰণৰ প্ৰধান উপায় হ’ব পাৰে একাপ চাহ ৷ প্ৰায়ে দেখা যায় যে, চাহকাপ অধিক সোৱাদযুক্ত কৰি তুলিবলৈ কিছুমান মানুহে চাহকাপ বহু সময় ধৰি উতলাই থাকে ৷ কিন্তু আপুনি জানেনে, এনেদৰে অধিক সিজোৱা চাহ আমাৰ দেহৰ বাবে যথেষ্ট ক্ষতিকাৰক হ’ব পাৰে ?

ডায়েটিচিয়ান পায়েল শৰ্মাই এই সন্দৰ্ভত উল্লেখ কৰা মতে, অতিমাত্ৰা সিজোৱা চাহ স্বাস্থ্যৰ বাবে বিপদজনক ৷ শেহতীয়াকৈ ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিচাৰ্ছ (ICMR)- এ এই সন্দৰ্ভত গাইডলাইন জাৰি কৰি কয় যে দীৰ্ঘসময় ধৰি সিজাই থকা চাহ খালে আমাৰ লিভাৰ আৰু হৃদযন্ত্ৰৰ ওপৰত বেয়া প্ৰভাৱ পৰে ৷

অধিক সময় ধৰি সিজাই থকা চাহ খালে কেনেধৰণৰ সমস্যাই দেখা দিব পাৰে চাওঁ আহক-

ৰক্তচাপ

বিশেষজ্ঞসকলৰ মতে, বহু সময় ধৰি সিজাই থকা চাহ খালে ৰক্তচাপ বৃদ্ধি পায় ৷ বেছিকৈ উতলালে বা বাৰে বাৰে গৰম কৰিলে চাহৰ পৰা অধিক টেনিন নিৰ্গত হয় ৷ ই ৰক্তচাপ বৃদ্ধি কৰিব পাৰে ৷

হজম শক্তিৰ সমস্যা

বাৰে বাৰে উতলাই থকা চাহ খালে শৰীৰত এচিডৰ পৰিমাণ বৃদ্ধি পায় ৷ ইয়াৰ বাবে পেটৰ লগত জড়িত সমস্যাৰ আশংকা থাকে ৷ বিশেষকৈ গ্ৰীষ্মকালত এনেদৰে বহু সময় ধৰি উতলোৱা চাহ খালে পেটৰ বিষ, কোষ্ঠকাঠিন্য, এচিডিটি আৰু হজম শক্তিৰ লগত জড়িত অন্যান্য সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷

আইৰণ আৰু কেলচিয়াম শোষণত সমস্যা

অতিৰিক্ত টেনিনে আইৰণ আৰু কেলচিয়াম শোষণত বাধা দিয়ে ৷ এনে পৰিস্থিতিত হাড় বা দাঁতৰ লগত জড়িত যিকোনো সমস্যা থকা লোকে চাহ খাব নালাগে ৷ বিশেষজ্ঞসকলৰ মতে অত্যধিক শক্তিশালী চাহ খালে ৰক্তহীনতা হ’ব পাৰে ৷

নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ তথ্য অনুসৰি চাহত পলিফিনল যেনে টেনিন, কেটেচিন, থাইঅ’ফ্লেভিন আৰু ফ্লেভন’ইড আদি বহুতো যৌগ থাকে ৷ ইয়াত প্ৰাকৃতিক এন্টিঅক্সিডেন্ট থাকে, যিয়ে শৰীৰক ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ৷ কিন্তু অত্যধিক পৰিমাণৰ টেনিনে শৰীৰৰ বহু অংশত প্ৰভাৱ পেলায় ৷

লগতে পঢ়ক: আপুনিও গাখীৰ চাহ বহু সময় উতলাই খায় নেকি ? - OVERBOILING MILK TEA SIDE EFFECTS

লগতে পঢ়ক: আপোনাৰো চাহ প্ৰিয় নেকি ? সত্যটো জনাৰ পিচত আপুনি ভাবিব চাহত চুমুক দিয়াৰ কথা - ICMR on milk tea

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.