কলেৰা-ডায়েৰীয়াৰ প্ৰাদুৰ্ভাৱ : মন্ত্ৰী সঞ্জয় কিষাণৰ বিশেষ পৰ্যালোচনা সভা - Cholera Cases

By ETV Bharat Assamese Team

Published : May 29, 2024, 6:14 PM IST

thumbnail
শিৱসাগৰত মন্ত্ৰী সঞ্জয় কিষাণৰ বিশেষ পৰ্যালোচনা সভা (ETV BHARAT ASSAM)

শিৱসাগৰ, 29 মে’ : উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়াৰ লগতে শিৱসাগৰ জিলাত কলেৰা আৰু ডায়েৰীয়া আদি ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱাত উদ্বিগ্ন হৈ পৰিছে অসম চৰকাৰ ৷ পৰিস্থিতি যাতে অধিক অৱনতি নঘটে তাৰ বাবে বুধবাৰে অসম চৰকাৰৰ শ্ৰম, নিয়োগ আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণে শিৱসাগৰত এখন বিশেষ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে ৷

শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ ছ্যুকাফা ভৱনত অনুষ্ঠিত এই পৰ্যালোচনা সভাত মন্ত্ৰী সঞ্জয় কিষাণে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ পৰিস্থিতি পৰ্যালোচনা কৰি শীঘ্ৰেই কাৰ্যকৰী ব্যৱস্থা লোৱাৰ নিৰ্দেশ প্ৰদান কৰে ৷ বিশুদ্ধ খোৱাপানী, অনাময়, পৰিষ্কাৰ-পৰিচ্ছন্নতা আদি বিভিন্ন দিশ সন্দৰ্ভত পৰ্যালোচনা কৰি স্বাস্থ্য, জনস্বাস্থ্য আদি বিভাগৰ লগতে বাগিচাসমূহক ৰোগ নিৰাময় আৰু প্ৰতিৰোধ কৰাৰ বাবে ল’বলগীয়া পদক্ষেপ অনতিপলমে ল’বলৈ মন্ত্ৰী কিষাণে নিৰ্দেশ দিয়ে ৷

লগতে পঢ়ক : ঘূৰ্ণিবতাহ ৰেমলৰ প্ৰভাৱক লৈ দিছপুৰত উচ্চ পৰ্যায়ৰ বৈঠক মুখ্য সচিব ৰবি কোটাৰ - Cyclone Remal Impact

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.