ETV Bharat / state

শিৱসাগৰত কৰ ফাঁকি দিয়া কোম্পানীত পৰিবহণ বিভাগৰ হাতোৰা

author img

By

Published : Mar 30, 2022, 3:07 PM IST

Raid for tax evasion against GDCL company in Sivsagar
কৰ ফাঁকি দিয়া কোম্পানীত পৰিবহণ বিভাগৰ হাতোৰা

কৰ ফাঁকি দি অহা ফৰলেন কোম্পানী জিডিচিএলৰ কাৰ্যালয়(Raid for tax evasion against GDCL company)ত পৰিবহণ বিভাগ-দণ্ডাধীশৰ অভিযান ৷ লগতে জব্দ পাঁচখন বাহন ৷ কৰ আদায় নকৰিলে নিৰ্মাণ কোম্পানীটোৰ আটাইকেইখন বাহন জব্দ কৰাৰ হুংকাৰ প্ৰদান ৷

শিৱসাগৰ, 30 মাৰ্চ: যান-বাহনৰ অনাদায় কৰ আদায়ৰ বাবে ৰাজ্যৰ পৰিবহণ বিভাগে ৩১ মাৰ্চ অন্তিম সময় সীমা নিৰ্ধাৰণ কৰি দিয়াৰ পিছতো পৰিবহণ বিভাগক বুঢ়া আঙুলি দেখুৱাই কৰ আদায় নিদিয়াকৈ থকা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান GDCL ৰ কাৰ্যালয়ত বুধবাৰে চলিল শিৱসাগৰ জিলা পৰিবহণ বিভাগৰ অভিযান(Raid for tax evasion against GDCL company) ৷

জিডিচিএলৰ অধীনত চলি থকা শতাধিক বাহনে আদায় দিব থকা প্ৰায় এক কোটি টকা আদায়ৰ উদ্দেশ্যে চলিল এই অভিযান ৷ জিলা প্ৰশাসনৰ এগৰাকী দণ্ডাধীশৰ উপস্থিতিত আৰু জিলা পৰিবহণ বিষয়া সিদ্ধাৰ্থ কৃষ্ণ শইকীয়াৰ নেতৃত্বত এনফ’ৰ্চমেণ্ট শাখাই চলোৱা অভিযান(Enforcement department Sivsagar) ৰ সময়তেই এই বাহনসমূহ জব্দ কৰা হয় ৷ জব্দ কৃত বাহনসমূহৰ ভিতৰত তিনিখন বৃহৎ ডাম্পাৰ আৰু এখন কাটাৰ পিলাৰ আছে ৷

কৰ ফাঁকি দিয়া কোম্পানীত পৰিবহণ বিভাগৰ হাতোৰা

একে সময়তেই অভিযানৰ পূৰ্বেই জিডিচিএলৰ কাৰ্যালয়ৰ পৰা গোপনে উজনিৰ এক অজ্ঞাত স্থানলৈ পলায়ন কৰা অৱস্থাত শিৱসাগৰ পৰিবহণ বিভাগৰ তথ্যৰ ভিত্তিত ডিব্ৰুগড় পৰিবহণ বিভাগে আন এখন বাহন জব্দ কৰাৰ বাতৰি পোৱা গৈছে ৷

উল্লেখ্য যে, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক চাৰিলেনযুক্ত পথলৈ ৰূপান্তৰিত কৰাৰ নামত বিগত পাঁচটা বছৰত মহা কেলেংকাৰীৰ সূত্ৰপাত ঘটোৱা জিডিচিএল নামৰ প্ৰতিষ্ঠানটোৱে নিজে কাম সম্পাদন কৰিব নোৱাৰি VSD নামৰ এটা প্ৰতিষ্ঠানক জাঁজীৰ পৰা ডিমৌলৈকে পথ নিৰ্মাণৰ ঠিকা অৰ্পণ কৰিছিল ৷ বিগত সময়চোৱাত জিডিচিএল আৰু ভিএচডিয়ে কাম সম্পাদন কৰাৰ নামত জিলাখনৰ দুই শতাধিক শিক্ষিত নিবনুৱাৰ পৰা বিভিন্ন যান-বাহনৰ ওপৰিও সামগ্ৰী যোগান লৈছিল ৷

কিন্তু দুয়োটা প্ৰতিষ্ঠানে স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ীসকলক দিব লগা ধন আদায় নিদি এক প্ৰকাৰৰ আত্মগোপন কৰিবলৈ ধৰে ৷ ইফালে ফৰলেনৰ নিৰ্মাণৰ কামত জিডিচিএল আৰু ভিএচডিয়ে ব্যৱহাৰ কৰা বাহনসমূহে দীৰ্ঘসময় ধৰি পৰিবহণ বিভাগক কৰ আদায় নিদিয়াকৈ চলাই আহিছিল ৷ ২০১৯ চনৰ পৰাই কৰ আদায় নিদিয়াৰ সন্দৰ্ভত পৰিবহণ বিভাগে বাৰম্বাৰ ফৰলেন কোম্পানীক বিভিন্ন মাধ্যমৰ যোগেদি আহ্বান জনাই আহিছিল যদিও, পৰিবহণ বিভাগৰ আহ্বানক কেৰেপকে কৰা নাছিল প্ৰতিষ্ঠান দুটাই ৷

অৱশেষত ডেডলাইন ৩১ মাৰ্চ বুলি চৰকাৰে নিৰ্ধাৰণ কৰি দিয়াৰ পিছতেই বুধবাৰে বিয়লিৰ ভাগত দণ্ডাধীশৰ উপস্থিতিত পৰিবহণ বিভাগে অভিযান চলায় ৷ অৱশ্যে আন্ধাৰ হোৱাৰ বাবে এই অভিযান দিনটোৰ বাবে বন্ধ ৰখা হয় যদিও বৃহস্পতিবাৰৰ পৰা পুনৰ কাৰ্যালয়টোত অভিযান চলোৱা হ’ব বুলি বিভাগটোৰ তৰফৰ পৰা জানিব পৰা গৈছে ৷ ইতিমধ্যে ঘিলাগুৰিস্থিত ফৰলেন নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোত বৰ্তমানেও প্ৰায় ৪০ খন কৰ আদায় নিদিয়া বাহন ৰখা হৈছে ।

লগতে চাওক: অসম-অৰুণাচলৰ সম্প্ৰীতিৰ বাবে কাম কৰি যাম : নীলিম মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.