ETV Bharat / state

অসম-অৰুণাচলৰ সম্প্ৰীতিৰ বাবে কাম কৰি যাম : নীলিম মহন্ত

author img

By

Published : Mar 30, 2022, 12:42 PM IST

অৰুণাচল সচিবালয়ৰ দেৱালত NO MORE DAMS শীৰ্ষক ছবি অংকন কৰাৰ পিছতে অৰুণাচল প্ৰদেশ আৰক্ষীৰ ৰোষত পৰিছিল চিত্ৰশিল্পী নীলিম মহন্ত ৷ মঙলবাৰে সন্ধিয়া জামিনত মুক্তি লাভ(Nilim Mahanta granted bail) কৰে শিল্পীগৰাকীয়ে ৷ কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছতে অসম-অৰুণাচলৰ সম্প্ৰীতিৰ হকে কাম কৰি যোৱাৰ সদিচ্ছা প্ৰকাশ কৰে শিল্পী মহন্তই ৷

Reaction of artist Nilim Mahanta after reached home
চিত্ৰশিল্পী নীলিম মহন্ত

লখিমপুৰ, 30 মাৰ্চ : খং-ৰাগ অথবা অভিমান নহয় । চেনেহৰ ডোলেৰে বান্ধিব খোজে অৰুণাচলক । অৰুণাচলত কাৰাবন্দী হৈ থকা শিল্পী নীলিম মহন্তই মঙলবাৰে নিশা মুকলি হৈ আহিয়েই এই মনোভাৱ ব্যক্ত কৰে সংবাদ মাধ্যমৰ সন্মুখত ৷ শিল্পীগৰাকীয়ে চুবুৰীয়া ৰাজ্যখনৰ সৈতে সংঘাত হোৱাটো নিবিচাৰে । বিপৰীতে অসম-অৰুণাচলৰ সমন্বয়-সম্প্ৰীতিৰ হকে কাম কৰি যাব বুলি শিল্পী মহন্তই ব্যক্ত কৰে ।

অৰুণাচলৰ আৰক্ষীৰ জিম্মাৰ পৰা জামিনত মুকলি হৈ আহি মঙলবাৰে নিশা স্ব-গৃহত উপস্থিত হয় যুৱ শিল্পীগৰাকী(Nilim Mahanta reached home) ৷ নীলিম মহন্তৰ গ্ৰেপ্তাৰৰ ঘটনাই দুয়োখন ৰাজ্যৰ সম্প্ৰীতিত যাতে আঘাত নকৰে, তাৰবাবেও তেওঁ সকলোকে আহ্বান জনায় । অৰুণাচল প্ৰদেশতো যথেষ্ঠ সংখ্যক ভাল মানুহেৰে ভৰি থকাৰ অনুভৱ ব্যক্ত কৰি এতিয়াৰ পৰা চুবুৰীয়া দুয়োখন ৰাজ্যৰ সংঘাত দূৰ কৰি সম্প্ৰীতিৰ বাবে তেওঁ কাম কৰাৰ সংকল্পৰ কথা উল্লেখ কৰে ।

লখিমপুৰত উপস্থিত চিত্ৰ শিল্পী নীলিম মহন্ত

শৈল্পিক শৈলীৰে তেওঁ অৰুণাচলক সোনকালেই বহু উপহাৰ দিব বুলিও প্ৰকাশ কৰে ৷ ইয়াৰ লগতে শিল্পীগৰাকীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ শীঘ্ৰে উঠাই লোৱাৰ আশা প্ৰকাশ কৰে ৷

উল্লেখ্য যে, অৰুণাচলৰ সচিবালয়ৰ দেৱালত ৰাজ্যখনৰ একাংশ লোকৰ আমন্ত্রণমৰ্মে গৈ নীলিম মহন্তই বৃহৎ নদীবান্ধৰ বিৰুদ্ধে NO MORE DAMS লিখাৰ বাবেই দেওবাৰে নিশা অৰুণাচলৰ আৰক্ষীয়ে লখিমপুৰ আৰক্ষীৰ সহযোগত শিল্পীগৰাকীক নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰি অৰুণাচললৈ নিছিল ৷ শিল্পীগৰাকীক এনেদৰে গ্ৰেপ্তাৰ কৰাত চৌদিশে প্ৰতিবাদৰ জোৱাৰ উঠে ।

বিভিন্ন সংগঠনৰ প্ৰবল প্ৰতিবাদত কঁপি উঠে সমগ্ৰ লখিমপুৰ । অৱশেষত মঙলবাৰে তেওঁ জামিন লাভ কৰি ওলাই আহে । নিশা লখিমপুৰত আহি উপস্থিত হোৱাৰ পাছতে শিল্পীগৰাকীক অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, অসমীয়া যুৱ মঞ্চ আদি বিভিন্ন সংগঠনে গামোচা পিন্ধাই আদৰণি জনায় ।

লগতে চাওক: Nilim Mahanta granted bail: মুকলি আকাশৰ তললৈ আহিল শিল্পী নীলিম মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.