ETV Bharat / state

Nilim Mahanta granted bail: মুকলি আকাশৰ তললৈ আহিল শিল্পী নীলিম মহন্ত

author img

By

Published : Mar 29, 2022, 7:35 PM IST

Updated : Mar 29, 2022, 7:40 PM IST

মঙলবাৰে সন্ধিয়া মুকলি আকাশৰ তললৈ আহিল নীলিম মহন্ত (Nilim Mahanta granted bail)। দুদিনৰ আগতে লখিমপুৰ আৰক্ষীৰ সহযোগত অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চিত্ৰশিল্পী নীলিম মহন্তক । অৰুণাচল প্ৰদেশৰ সচিবালয়ৰ দেৱালত NO MORE DAMS শীৰ্ষক ছবি অংকন কৰাৰ পিছতে অৰুণাচল প্ৰদেশ আৰক্ষীৰ ৰোষত পৰিছিল শিল্পীগৰাকী ৷

Nilim Mahanta granted bail
মুকলি আকাশৰ তললৈ আহিল শিল্পী নীলিম মহন্ত

লখিমপুৰ, ২৯ মাৰ্চ: দুটা দিনৰ উৎকন্ঠাৰ অৱসান ঘটাই মঙলবাৰে সন্ধিয়া মুকলি আকাশৰ তললৈ আহিল নীলিম মহন্ত (Nilim Mahanta granted bail)। দুদিনৰ আগতে লখিমপুৰ আৰক্ষীৰ সহযোগত অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চিত্ৰশিল্পী নীলিম মহন্তক । অৰুণাচল প্ৰদেশৰ সচিবালয়ৰ দেৱালত NO MORE DAMS শীৰ্ষক ছবি অংকন কৰাৰ পিছতে অৰুণাচল প্ৰদেশ আৰক্ষীৰ ৰোষত পৰিছিল শিল্পীগৰাকী ৷

Nilim Mahanta granted bail
মুকলি আকাশৰ তললৈ আহিল শিল্পী নীলিম মহন্ত

ভিন্ন প্ৰান্তত দেৱাল অংকণৰ জৰিয়তে সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা শিল্পীগৰাকীৰ বিৰুদ্ধে ইটানগৰ থানাত ৰুজু হয় ৮০/২২ আৰু ৪২৫/৩৪/৩ পিডিপিপি ধাৰাৰ অধীনত দুটাকৈ গোচৰ ৷ ইয়াৰ পিছতে দুদিনৰ বাবে অৰুণাচল আৰক্ষীৰ জিম্মাত আছিল শিল্পীগৰাকী । দেওবাৰে নিশা চিত্ৰশিল্পীগৰাকীক গ্ৰেপ্তাৰৰ পিছতে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে সকলোৱে একেমুখে গৰিহণা দিয়ে আৰুণাচল আৰক্ষীৰ এই কাৰ্যক ।

Nilim Mahanta granted bail
মুকলি আকাশৰ তললৈ আহিল শিল্পী নীলিম মহন্ত

শিল্পীগৰাকীৰ গৃহভূমিত অৰুণাচল আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছিল ৷ ইয়াৰোপৰি সামাজিক মাধ্যমযোগে ভিন্নজনে নীলিম মহন্তক বিনাচৰ্তে মুক্তিৰ দাবী উত্থাপন কৰিছিল ৷ ইয়াৰ পিছতে মঙলবাৰে বিয়লি জামিন লাভ কৰে নীলিম মহন্তই । শিল্পীগৰাকীৰ জামিন লাভৰ খবৰত সকলোৱে আনন্দ প্ৰকাশ কৰিছে । অসমৰ একাংশ দল-সংগঠন, শিল্পীগৰাকীৰ শুভাকাংক্ষীয়ে তেওঁক গৃহ চহৰলৈ আদৰি অনাৰো প্ৰস্তুতি চলাৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

Last Updated : Mar 29, 2022, 7:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.