ETV Bharat / city

গুৱাহাটী পৌৰ নিৰ্বাচনৰ বাবে ২১২গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

author img

By

Published : Mar 30, 2022, 10:47 PM IST

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ(Guwahati Municipal Election 2022) বাবে মনোনয়ন দাখিলৰ আজি অৰ্থাৎ বুধবাৰে আছিল অন্তিম দিন ৷ নিৰ্বাচনৰ বাবে মুঠ ২১২ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । ১৯ এপ্ৰিলত অনুষ্ঠিত হ'ব নিৰ্বাচন । পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ । ২১ এপ্ৰিলত হ’ব ভোটগণনা ।

Guwahati Municipal Election 2022
গুৱাহাটী পৌৰ নিৰ্বাচনৰ মনোনয়ন দাখিল

গুৱাহাটী, 30 মাৰ্চ : গুৱাহাটী পৌৰ নিগমৰ ৬০টা ৱাৰ্ডৰ নিৰ্বাচনৰ বাবে মুঠ ২১২ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন(212 candidates files nominations for GMC election) । ইয়াৰে বিজেপিৰ ৫৩ গৰাকী, অগপৰ ৭ গৰাকী, কংগ্ৰেছৰ ৫৯ গৰাকী, অসম জাতীয় পৰিষদৰ ২৬ গৰাকী, আম আদমী পাৰ্টীৰ ৩৭ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন ৷

Guwahati Municipal Election 2022
গুৱাহাটী পৌৰ নিৰ্বাচনৰ মনোনয়ন দাখিল

অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ৩০ মাৰ্চ অৰ্থাৎ বুধবাৰে মনোনয়ন দাখিলৰ শেষ দিন নিৰ্ধাৰণ কৰিছিল । ৪ এপ্ৰিললৈ মনোনয়ন প্ৰত্যাহাৰ কৰাৰ শেষ দিন নিৰ্ধাৰণ কৰা হৈছে । অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ'ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন । পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ । ২১ এপ্ৰিলত হ’ব ভোটগণনা ।

Guwahati Municipal Election 2022
গুৱাহাটী পৌৰ নিৰ্বাচনৰ মনোনয়ন দাখিল

সেইদিনা পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা । ৬০ টা ৱাৰ্ডত মুঠ ৭ লাখ ৯৬ হাজাৰ ৮২৯ জন ভোটাৰ আছে । ইয়াৰে পুৰুষ ভোটাৰ আছে ৩ লাখ ৯৬ হাজাৰ ৮৯১ গৰাকী, মহিলা ভোটাৰ আছে ৩ লাখ ৯৯ হাজাৰ ৯১১ গৰাকী আৰু তৃতীয় লিঙ্গৰ আছে ২৭ গৰাকী ভোটাৰ । নিৰ্বাচনত ৫০ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত কৰা হৈছে । এগৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত ২ লাখ ৫০ হাজাৰ টকা খৰছ কৰিব পাৰিব । মুঠ ভোটকেন্দ্ৰ ৭৮৯ টা নিৰ্দ্ধাৰণ কৰা হৈছে ।

Guwahati Municipal Election 2022
গুৱাহাটী পৌৰ নিৰ্বাচনৰ মনোনয়ন দাখিল

ইপিনে গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ ৫৩ জন প্ৰাৰ্থীৰ লগতে মিত্ৰদল অগপৰ ৭ জনকৈ প্ৰাৰ্থীয়ে বুধবাৰে দলীয় সমৰ্থকৰ উপস্থিতিৰ মাজেৰে কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে । ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাকে আদি কৰি কেইবাজনো ৰাজ্যিক বিষয়ববীয়া মনোনয়ন পত্ৰ দাখিল অনুষ্ঠানত উপস্থিত থাকে ।

লগতে পঢ়ক : সীমা বিবাদ মীমাংস‍াৰ চুক্তি সন্দৰ্ভত বিধানসভাত মুখ্যমন্ত্রীৰ বিবৃতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.