ETV Bharat / city

সীমা বিবাদ মীমাংস‍াৰ চুক্তি সন্দৰ্ভত বিধানসভাত মুখ্যমন্ত্রীৰ বিবৃতি

author img

By

Published : Mar 30, 2022, 9:14 PM IST

অসম-মেঘালয়ৰ ৬ টা বিবাদিত এলেকাৰ সমাধানে ঐক্যবদ্ধ উত্তৰ পূবৰ এটা নতুন বীজ অংকুৰিত কৰিছে (MoU on Assam-Meghalaya border dispute issue) । সংসদত অনুমোদিত হ'লে এই চুক্তিয়ে পূৰ্ণতা লাভ কৰিব । একেটা মডেল লৈ সীমা বিবাদৰ ক্ষেত্ৰত অৰুণাচল প্ৰদেশৰ লগতো আলোচনা আগুৱাই নিয়া হ'ব । অসমে সাতভনীৰ জ্যেষ্ঠ হিচাপে নিজৰ দায়িত্ব-কৰ্তব্য প‍ালন কৰিব লাগিব ।

Assam Meghalaya sign agreement to resolve border dispute
সীমা বিবাদ মীমাংস‍াৰ চুক্তি সন্দৰ্ভত বিধানসভাত মুখ্যমন্ত্রীৰ বিবৃতি

গুৱাহাটী, ৩০ মাৰ্চ : অসম-মেঘালয়ৰ ৬ টা বিবাদমান এলেকাক বিবাদমুক্ত কৰি মঙলবাৰে চুক্তিত স্বাক্ষৰ কৰিলে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে(Assam Meghalaya sign agreement to resolve border dispute) । নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এই চুক্তিত স্বাক্ষৰ কৰে(MoU signed between Assam Meghalaya CM) । এই ঐতিহাসিক চুক্তি সন্দৰ্ভত বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাত এক বিবৃতি দাঙি ধৰে ।

Assam Meghalaya sign agreement to resolve border dispute
সীমা বিবাদ মীমাংস‍াৰ চুক্তি সন্দৰ্ভত বিধানসভাত মুখ্যমন্ত্রীৰ বিবৃতি

মুখ্যমন্ত্ৰীয়ে অসম বিধানসভাৰ মজিয়াত এই চুক্তিৰ সন্দৰ্ভত কয় যে, বিবাদমান এলেকাসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈ প্ৰতিবেদন দিয়াৰ বাবে মন্ত্ৰী পৰ্যায়ত তিনিখন কমিটি কৰা হৈছিল । এই কমিটিকেইখনে এলেকাসমূহ পৰিদৰ্শন কৰি ৰাইজৰ লগত মত-বিনিময় কৰিছিল । অনুৰূপধৰণে মেঘালয়ৰ কমিটিকেইখনেও মত-বিনিময় কৰিছিল । ইয়াৰ পাছত কমিটিকেইখনৰ কেইবাখনো বৈঠক অনুষ্ঠিত হৈছিল ।

এই প্ৰক্ৰিয়াৰ দ্বাৰা অসম-মেঘালয় সীমা বিবাদৰ ১২ টা এলেকাৰ ভিতৰত ৬ টাৰ মীমাংসা কৰা হয় । এইক্ষেত্ৰত দুয়োখন ৰাজ্যৰ মাজত বিবাদমান এলেকাৰ ভূমিৰ পৰিমাণ হৈছে ৩৬.৭৯ বৰ্গ কিলোমিটাৰ । ইয়াৰ ভিতৰত ১৮.৩৩ বৰ্গ কিলোমিটাৰ মেঘালয়ৰ লগত থাকি যায় আৰু ১৮.৪৬ বৰ্গ কিলোমিটাৰ অসমৰ লগত থাকে । মুখ্যমন্ত্ৰী লগতে কয় যে, তদুপৰি ইয়াৰ কিছুমান অঞ্চল মেঘালয়ৰ লগত বহু আগৰে পৰা আছে । নতুনকৈ হঠাতে দি দিয়া হোৱা নাই ।

প্ৰসংগক্ৰমে তেওঁ বৰাকৰ ৰাতাছেৰাৰ কথা উল্লেখ কৰি কয় যে, ইয়াৰ লোকসকল মেঘালয়ৰ লগত আছে আৰু মেঘালয়তে ভোট দিয়ে । বিবাদমান এলেকাৰ বিবাদ মীমাংসা কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে তাৰাবাৰী এলেকাৰ ৪.৬৯ বৰ্গ কিলোমিটাৰ অঞ্চল মেঘালয়ক দিয়া হৈছে । দিজাং এলেকাৰ ২.৯ বৰ্গ কিলোমিটাৰ অঞ্চল মেঘালয়ক দিয়া হয় । সেইদৰে হাহিমত ৩.২১ বৰ্গ কিলোমিটাৰ এলেকা মেঘালয়ৰ সৈতে চামিল হৈছে ।

Assam Meghalaya sign agreement to resolve border dispute
সীমা বিবাদ মীমাংস‍াৰ চুক্তি সন্দৰ্ভত বিধানসভাত মুখ্যমন্ত্রীৰ বিবৃতিসীমা বিবাদ মীমাংস‍াৰ চুক্তি সন্দৰ্ভত বিধানসভাত মুখ্যমন্ত্রীৰ বিবৃতি

একেদৰে, বকলাপাৰাৰ ১.৫৭ বৰ্গ কিলোমিটাৰ বিবাদমান এলেকাৰ .৫৬ বৰ্গ কিলোমিটাৰ মেঘালয়ে লাভ কৰে । খানাপাৰা পিলিংকাটাৰ ২.২৯ বৰ্গ কিলোমিটাৰ বিবাদমান এলেক‍াৰ .৫ বৰ্গ কিলোমিটাৰ মেঘালয়ত চামিল হয় । বাকী সকলোখিনি অসমৰ লগত থাকিব । ৰাতাছেৰাৰ ১১.২ বৰ্গ কিলোমিটাৰ বিবাদমান এলেকাৰ ৬.৪২ বৰ্গ কিলোমিট‍াৰ মেঘালয়ে লাভ কৰিছে । তেওঁ কয় যে পূৰ্বতে ৰাতাছেৰাৰ গোটেইখিনি মেঘালয়ৰ লগত আছিল যদিও ৬.৪২ বৰ্গ কিলোমিটাৰক বাদ দি বাকীখিনি অসমৰ লগত থাকিব ।

মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয় যে, এইখিনিৰ ওপৰত সিদ্ধান্ত লৈ প্ৰথমে বুজাবুজিৰ এখন খচৰা প্ৰস্তুত কৰা হয় । ইয়াৰ পাছত সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰা হয় আৰু বৈঠকত কংগ্ৰেছ আৰু অখিল গগৈক বাদ দি সকলো দলে ইয়াক আদৰণি জনায় । পৰবৰ্তী পৰ্যায়ত ছাত্ৰ সংগঠন লগত আলোচনা কৰা হৈছিল আৰু আছুৱে ঐক্যৱদ্ধ উত্তৰ-পূবৰ কথা কৈছিল । ইয়াৰ পাছত বুজাবুজিৰ চুক্তিৰ খচৰাখন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হয় । ভাৰত চৰকাৰে চাৰ্ভে অৱ ইণ্ডিয়াক প্ৰাৰম্ভিক চাৰ্ভে কৰিব দিয়ে ।

চাৰ্ভে হোৱাৰ পাছত কেন্দ্ৰীয় চৰকাৰে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনায় । সেইমৰ্মে মঙলবাৰে বুজাবুজিৰ চুক্তিখনত স্বাক্ষৰ কৰা হয় বুলি তেওঁ কয় । ইয়াৰ পাছৰ পৰ্যায়ত এই বিষয়টো সংসদলৈ যাব আৰু সংসদে বিধানসভাৰ মত‍ামত বিচাৰিব পাৰে । সংসদত অনুমোদিত হ'লে এই চুক্তিয়ে পূৰ্ণতা লাভ কৰিব । সংসদে অনুমোদন জনালেহে চুক্তিখন চূড়ান্ত হ'ব বুলি তেওঁ কয় । এই চুক্তিখন হোৱাৰ পাছত সমগ্ৰ দেশতে চৰ্চা হৈছে ।

অসম-মেঘালয়ৰ এই নিদৰ্শন কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ ক্ষেত্ৰত প্ৰযোজ্য কৰাৰ কথাও চৰ্চালৈ আহিছে বুলি মুখ্যমন্ত্ৰী শৰ্মাই সদনত সদৰি কৰে । সীমা বিবাদ নিষ্পত্তিৰ প্ৰসংগত তেওঁ কয় যে, এই সমগ্ৰ প্ৰক্ৰিয়াটোক সকলোৱে আদৰণি জনাইছে আৰু শান্তিপূৰ্ণভাৱে হৈছে । মানুহক বিশ্বাসকলৈ এই কাম কৰা হৈছে । স্থানীয় বিধায়কসকলেও সহযোগিতা কৰিছে ।

আনহাতে সীমা সমস্যাকলৈ চুবুৰীয়া ৰাজ্যসমূহৰ লগত জৰ্জৰিত হৈ থকাৰ ফলত উত্তৰ পূবৰ সম্পদ-সম্ভাৱনীয়তাৰ ওপৰত পৰা প্ৰভাৱ সম্পৰ্কে উল্লেখ কৰি তেওঁ কয় যে, অসম-মেঘালয়ৰ ৬ টা বিবাদিত এলেকাৰ সমাধানে ঐক্যবদ্ধ উত্তৰ পূবৰ এটা নতুন বীজ অংকুৰিত কৰিছে । সীমা সমস্যাৰ ক্ষেত্ৰত বাস্তৱৰ সন্মুখীন হ'ব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে অসম-মেঘালয়ৰ বিবাদমান এলেকা ১২ টাৰ আৰু কোনো কাৰণতে বৃদ্ধি নহয় । ৬ টাৰ মীমাংসা হৈছে আৰু ৬ টাৰ হ'ব । ইয়াত আৰু ১৩ নম্বৰ নহয় বুলি ইতিমধ্যে মেঘালয় চৰকাৰে স্পষ্ট ৰূপত জনাই দিছে ।

অৰ্থাৎ আৰু নতুনকৈ বিবাদমান এলেকা হ'ব নোৱাৰে বুলি তেওঁ কয় । তেওঁ লগতে কয় যে, এই একেটা মডেল লৈ সীমা বিবাদৰ ক্ষেত্ৰত অৰুণাচল প্ৰদেশৰ লগতো আলোচনা আগুৱাই নিয়া হ'ব । অৰুণাচলৰ লগত ১২২ খন গাঁৱৰ সৈতে ১,১১৯ বৰ্গ কিলোমিটাৰ ভূমিক লৈ বিবাদ আছিল । আলোচনাৰ পাছত অৰুণাচল চৰকাৰে ৮৫০ বৰ্গ কিলোমিটাৰ ভূমিকলৈ বিবাদ থকা বুলি কৈছে । তেওঁ কয় যে, বিবাদমান এলেকাৰ সংশ্লিষ্ট বিধায়ক আৰু স্থানীয় ৰাইজে মিলি যদি বিষয়টো মীমাংসা কৰিব পাৰে তেন্তে তাত আমাৰ কৰিবলগীয়া একো নাই ।

স্থানীয় ৰাইজ মান্তি নোহোৱা পৰ্যন্ত চৰকাৰে একো কৰিব নোৱাৰে । অসম-অৰুণাচলৰ ক্ষেত্ৰত স্থানীয় কমিটি হ'ব আৰু স্থ‍ানীয় বিধায়ক থাকিব । দুয়োখন ৰাজ্যৰে বিধায়ক থাকিব আৰু স্থানীয় ৰাইজৰে মিলি কৰিব পৰা বিবাদখিনি মীমাংসা কৰিব । বাকীখিনি পৰ্যায়ক্ৰমে কৰা হ'ব । অসমে সাতভনীৰ জ্যেষ্ঠ হিচাপে নিজৰ দায়িত্ব-কৰ্তব্য প‍ালন কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

লগতে পঢ়ক : বিবাদমুক্ত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আজিৰ দিনটো ঐতিহাসিক দিন : অমিত শ্বাহ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.