ETV Bharat / state

বিবাদমুক্ত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আজিৰ দিনটো ঐতিহাসিক দিন : অমিত শ্বাহ

author img

By

Published : Mar 29, 2022, 8:38 PM IST

৫০ বছৰীয়া অসম-মেঘালয় সীমা বিব‍াদৰ সমাধানৰ চুক্তিত দুই ৰাজ্যৰ মুখ্যমন্ত্রীৰ স্বাক্ষৰ(mou signed between Assam Meghalaya cm)। ১২ টা বিবাদমান এলেকাৰ ৬ টাৰ মীমাংসা। চুক্তি অনুসৰি সীমান্তৰ মুঠ ৬ টা স্থান ক্ৰমে তাৰাবাৰী, গিজাং, হাহিম, বাকলাপাৰা, খানাপাৰা, পিলিংকাটা আৰু ৰাতাচেৰাকলৈ বুজাবুজিত উপনীত দুই ৰাজ্য।

amit-shah-on-historic-agreement-towards-dispute-free-north-east
বিবাদমুক্ত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আজিৰ দিনটো ঐতিহাসিক দিন : অমিত শ্বাহ

গুৱাহাটী, ২৯ মাৰ্চ: অসম আৰু মেঘালয়ৰ মাজত বিগত পাঁচ দশকজোৰি চলি অহা সীমা সমস্যাৰ (Assam-Meghalaya boder dispute) সমাধানে আজি এক অন্য গতি লাভ কৰিলে। দুয়োখন ৰাজ্যৰ মাজত আজি সম্পন্ন হ’ল ঐতিহাসিক চুক্তি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নতুন দিল্লীত দীৰ্ঘদিনীয়া এই সমস্যা সমাধানৰ বাবে সহমতত মিলিত হৈ চুক্তি সাক্ষৰিত কৰে ।নতুন দিল্লীৰ গৃহ মন্ত্রণালয়ৰ কাৰ্যালয়ত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই দীৰ্ঘদিনীয়া সীমা বিবাদৰ সমাধান চুক্তিত সাক্ষৰ কৰে।

বিবাদমুক্ত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আজিৰ দিনটো ঐতিহাসিক দিন : অমিত শ্বাহ

এই সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, দুয়োখন ৰাজ্যৰ ৭০ শতাংশ সীমা সমস্যাৰ আজি অন্ত পৰিল। বাকী থকা সমস্যা আলোচনাৰ মাজেৰে সম্পন্ন কৰা হ’ব বুলি দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে জনাইছে। তেওঁ লগতে কয় যে বিবাদমুক্ত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আজিৰ দিনটো ঐতিহাসিক দিন। চুক্তি সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আজি অসম আৰু মেঘালয়ৰ মাজত ৫০ বছৰ পুৰণি অমীমাংসিত সীমা বিবাদৰ সমাধান কৰা হয়।

Amit Shah on historic agreement towards dispute free North East
বিবাদমুক্ত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আজিৰ দিনটো ঐতিহাসিক দিন : অমিত শ্বাহ

বিবাদৰ ১২ টা স্থানৰ ভিতৰত ৬ টা স্থানৰ সমস্যা সমাধান কৰা হৈছে। য’ত সীমাৰ প্ৰায় ৭০ শতাংশ অন্তৰ্ভুক্ত আছে। বাকী ৬ টা স্থানৰ সমস্যাও অতি সোনকালে সমাধান কৰা হ’ব। তেওঁ লগতে কয় যে ২০১৪ চনৰ পৰা মোডীয়ে উত্তৰ-পূবৰ উন্নয়নৰ বাবে বহু প্ৰচেষ্টা চলাই আহিছে। তেওঁ এই চুক্তিৰ বাবে অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰে। উল্লেখ্য যে সুদীৰ্ঘ পাঁচ দশক ধৰি অসম আৰু মেঘালয়ৰ মাজত সীমা সমস্যাই গা কৰি থকাৰ লগতে বহু কেইটা সংঘাতৰ সৃষ্টি হৈছিল।

এই সমস্যা সমাধানৰ লক্ষ্যৰে দুয়োৰাজ্যৰ মুখ্যমন্ত্ৰী তথা বিষয়া পৰ্যায়ত কেইবাখনো বৈঠক অনুষ্ঠিত হোৱাৰ লগতে সীমাবিবাদৰ উৎপত্তিস্থল ভ্ৰমণ কৰি সীমান্তৰ স্থানীয় ৰাইজৰ সৈতে মতবিনিময়ো কৰিছিল দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। অৱশেষত আজি দিল্লীত এই সীমা বিবাদ সমাধানৰ বাবে এক চুক্তিত স্বাক্ষৰ কৰিলে দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। এই চুক্তি অনুসৰি সীমান্তৰ মুঠ ৬ টা স্থান ক্ৰমে তাৰাবাৰী, গিজাং, হাহিম, বাকলাপাৰা, খানাপাৰা, পিলিংকাটা আৰু ৰাতাচেৰাকলৈ বুজাবুজিত উপনীত হৈছে।

এই বিবাদিত স্থানত মুঠ ৩৬ খন গাওঁ আছে। এই চুক্তি অনুসৰি অসম বিবাদমান এলেকাৰ ৩৬.৭৯ বৰ্গ কিলোমিটাৰ ভূমি অসমে লাভ কৰাৰ বিপৰীতে মেঘালয়ে লাভ কৰিব ১৮. ৫১ বৰ্গ কিলোমিটাৰ এলেকাৰ ভূমি । চুক্তি স্বাক্ষৰ কৰাৰ পিছতে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, কংগ্ৰেছৰ শাসনকালত অসম-মেঘালয়ৰ সীমা সমস্যা দূৰ নহ’ল। দুই ৰাজ্যৰ সীমা সমস্যাৰ বাবে কংগ্ৰেছ দলেই জগৰীয়া ।

আনহাতে, উত্তৰ পূৰ্বাঞ্চলৰ আন আন ৰাজ্যৰ সৈতেও অসমৰ সীমা সমস্যাক লৈ বিবাদ অব্যাহত আছে । সেই বিষয়ত তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ সৈতে থকা সীমা বিবাদো অতি শীঘ্ৰে সমাধান হ’ব । তেওঁ কয় যে ১৯৭২ চনৰ পৰা আজিলৈকে সীমা সমস্যা চলি আহিছিল। দুয়ো ৰাজ্যৰ মাজত মুঠ ১২ টা স্থানত বিবাদ চলি আছিল। ইয়াৰে ৬ টা বিবাদমান অঞ্চলৰ বিবাদ আজি মীমাংস‍ হ'ল।

তেওঁ কয়, বিবাদ মীমাংসা কৰিব যাওতে সীমান্তৰ গাঁওবাসীৰ কথা মনত ৰখা হৈছে। দুয়োখন ৰাজ্যৰ বিশেষ কোনো ক্ষতি নোহোৱাকৈ বিবাদ মীমাংসা কৰা হৈছে। বাকী ৬টাৰ বাবেও কথা-বতৰা আৰম্ভ হৈছে। আনহাতে অসম আৰু অৰুণাচলৰ মাজত থকা সীমা বিবাদ সমাধানৰ ফালে আগবাঢ়িছে বুলি উল্লেখ কৰি তেওঁ কয় যে নাগালেণ্ড আৰু মিজোৰামৰ লগত প্ৰাৰম্ভিক যোগাযোগ স্থাপন কৰা হৈছে ।

সীমা বিবাদ সমাধান হ'লে উত্তৰ-পূৰ্বাঞ্চলৰ পাৰস্পৰিক সংঘাত নাথাকিব বুলি তেওঁ কয় । আনহাতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় যে ১২ টা বিবাদিত অঞ্চলৰ ভিতৰত অসমৰ সৈতে ৬ টা স্থানৰ বিবাদ সমাধানৰ এক চুক্তিত উপনিত হৈছো । উল্লেখ্য যে চুক্তি স্বাক্ষৰ কৰাৰ সময়ত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপৰি দুই ৰাজ্যৰ প্ৰধান সচিব আৰু অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

লগতে পঢ়ক : প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.