ETV Bharat / city

Rajya Sabha Election: ভূপেন বৰাক মিছলীয়া আখ্যা AIUDF ৰ

author img

By

Published : Mar 30, 2022, 7:34 PM IST

AIUDF MLA Aminul Islam allegations on Congress
ধিঙৰ বিধায়ক আমিনুল ইছলাম

ৰাজ্যসভা নিৰ্বাচনৰ এদিন পূৰ্বে বোকা ছটিওৱা ৰাজনীতি ৷ প্ৰদেশ কংগ্ৰেছৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ ধিঙৰ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ(AIUDF MLA Aminul Islam allegations on Congress) ৷ নিৰ্বাচনৰ পাছত সকলো ফাদিল কৰাৰ কথা উল্লেখ কৰিলে বিধায়কগৰাকীয়ে ৷

গুৱাহাটী, 30 মাৰ্চ : ভূপেন বৰাক মিছলীয়া আখ্যা ধিঙৰ বিধায়ক আমিনুল ইছলামৰ ৷ বিধানসভাৰ বাহিৰত বুধবাৰে সাংবাদিকক সম্বোধন কৰি এই মন্তব্য কৰে এ আই ইউ ডি এফৰ ধিঙৰ বিধায়ক আমিনুল ইছলামে (Dhing MLA terms Bhupen Bora as biggest liar) ৷ তেওঁ কয় যে, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা মিছলীয়া । মঙলবাৰে সাংবাদিকৰ আগত ভূপেন বৰাই এ আই ইউ ডি এফৰ বিৰুদ্ধে কেইবাটাও মিছা কথা কৈছে । এ আই ইউ ডি এফৰ বিৰুদ্ধে অনা এটা অভিযোগৰো প্ৰমাণ দিব নোৱাৰে ভূপেন বৰাই

ধিঙৰ বিধায়ক আমিনুল ইছলাম

এ আই ইউ ডি এফৰ বিধায়কগৰাকীয়ে ভূপেন বৰাক মুখ চম্ভালি কথা কোৱাৰ বাবেও সকীয়াই দিয়ে । তেওঁ কংগ্ৰেছৰ কোনে কোনে বিজেপিৰ পৰা টকা লৈছে কাইলৈ দিনটো যোৱাৰ পাছত সকলো ফাদিল কৰাৰ কথা কৰিলে উল্লেখ । বিধায়কগৰাকীয়ে লগতে কংগ্ৰেছৰ দুজন প্ৰাক্তন মন্ত্ৰীয়ে বিজেপিৰ পৰা টকা লোৱাৰো এক গুৰুতৰ অভিযোগ উত্থাপন কৰে । তেওঁ লগতে কয় যে, আমি কংগ্ৰেছৰ বিধায়কসকলক ডিনাৰ কৰিব মাতিছিলো, ব্ৰেকফাষ্ট কৰিব মাতিছিলো । তাত উত্তৰ নাপালোঁ ; কিন্তু মিটিঙৰ পৰা ওলাই আহি কংগ্ৰেছে আমাৰ বিৰুদ্ধে সংবাদমেল দিলে ।

ধিঙৰ বিধায়কগৰাকীয়ে এ আই ইউ ডি এফৰ বাবে বেলট বাকচ আছুতীয়াকৈ দিয়াৰ বাবেও দাবী জনায় ৷ তেতিয়াই সকলো দুধ কা দুধ পানী কা পানী হৈ যাব বুলি তেওঁ উল্লেখ কৰে । উল্লেখ্য যে, এ আই ইউ ডি এফৰ 15জন বিধায়কে লিখিত পত্ৰযোগে প্ৰধান সচিবলৈ আছুতীয়া বেলেট বাকচ বিচাৰিছে ।

লগতে পঢ়ক : কাইলৈ ৰাজ্যসভা নিৰ্বাচন: জয়ী হোৱাৰ দাবী ৰিপুণ বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.