ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীত AJYCP ৰ প্ৰতিবাদ

author img

By

Published : Mar 31, 2022, 10:13 AM IST

এইবাৰ প্ৰতিবাদত বহিল AJYCP (AJYCP Protest in Nalbari) ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰী চহৰৰ মাজমজিয়াত প্ৰতিবাদকাৰীসকলে দাহ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি ৷

Price hike in Assam
মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীত AJYCP ৰ প্ৰতিবাদ

নলবাৰী, ৩০ মাৰ্চ : নৰেন্দ্ৰ মোডী গ’ বেক, বিজেপি চৰকাৰ হায় হায় ইত্যাদি ধ্বনিৰে উত্তাল হ’ল নলবাৰী চহৰ ৷ কিয়নো এইবাৰ নলবাৰীত AJYCP য়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ (AJYCP Protest in Nalbari) ৷ কেৱল প্ৰতিবাদ কৰাই নহয় প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীতে দাহ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি (PM Modi's effigy burnt in Nalbari) ৷

উল্লেখ্য যে, প্ৰতিদিনাই ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে ৰন্ধন গেছৰ পৰা আদি কৰি পেট্ৰ’ল-ডিজেলৰ মূল্যও (Price hike in Assam) ৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলাইছে ৰাজ্যৰ সৰ্ব-সাধাৰণ ৰাইজক ৷ এমুঠি অন্নৰ বাবে এতিয়া হাহাকাৰ কৰিব লগাত পৰিছে খাটি খোৱা লোকসকল ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীত AJYCP ৰ প্ৰতিবাদ

যাৰ বিৰোধিতাৰে বুধবাৰে প্ৰতিবাদত বহিল নলবাৰীৰ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ একাংশ কৰ্মী ৷ নলবাৰী চহৰৰ মাজমজিয়াৰ এন টি ৰোডস্থিত সংগঠনটোৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত সহযোগ কৰে নলবাৰী চহৰ সমিতিয়েও (Protest against price hike)৷

এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক কৌশিক বৰ্মন, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী চহৰ সমিতিৰ সভাপতি নয়ন শৰ্মা, সাধাৰণ সম্পাদক ভাস্কৰ জ্যোতি বৰ্মনকে ধৰি সংগঠনৰ বহু কেইগৰাকী বিষয়ববীয়া ৷

লগতে পঢ়ক : মূল্যবৃদ্ধিৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদত বহিল AJYCP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.