ETV Bharat / state

বণিয়াক ৰাজ্যৰ ভূমি হস্তান্তৰৰ বিৰোধিতাৰে KMSSৰ বিক্ষোভ

author img

By

Published : Mar 30, 2022, 9:40 PM IST

Updated : Mar 31, 2022, 6:10 AM IST

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদত কঁপিল গুৱাহীটী ক্লাৱ । ৰাজ্যৰ থলুৱা ভূমিহীন পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদান আৰু বহিৰাগত পুঁজিপতি বণিয়াক ৰাজ্যৰ ভূমি হস্তান্তৰ বন্ধ কৰা দাবীৰে তীব্ৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তিৰ কৰ্মকৰ্তা সকলে (KMSS Protest against transfer of land to corporates)।

kmsss protest against transfer of land lease
বণিয়াক ৰাজ্যৰ ভূমি হস্তান্তৰৰ বিৰোধীতাৰে KMSSৰ বিক্ষোভ

গুৱাহাটী, ৩০ মাৰ্চ: ৰাজ্যৰ থলুৱা ভূমিহীন পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদান আৰু বহিৰাগত পুঁজিপতি বণিয়াক ৰাজ্য ভূমি হস্তান্তৰ বন্ধ কৰা দাবীৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ প্ৰতিবাদ (KMSS Protest against transfer of land to corporates) । গুৱাহাটী ক্লাবৰ ৰটাৰীত বুধবাৰে সংগঠনটোৱে ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী ।

ভণ্ডবাবা ৰামদেৱক মাটি দিয়া বন্ধ কৰক, থলুৱা ভূমিহীনক ভূমি প্ৰদান কৰক, বিজেপি চৰকাৰৰ হায় হায়, গুৱাহাটী পাহাৰত থকা থলুৱাই মাটি পাব লাগিব আদি বিভিন্ন শ্লোগানেৰে গুৱাহাটী ক্লাব উত্তাল কৰি তুলে প্ৰতিবাদী কৃষক মুক্তি সংগ্ৰাম সমিটিৰ কর্মীসকলে । যিয়ে জাতি মাটি ভেঁটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে চৰকাৰ গঠন কৰিছিল, তেওঁলোকে ২০১৬ চনৰ পৰা কোনো থলুৱা ভূমিহীনক গুৱাহাটীত ভূমি প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন কৰে ।

বণিয়াক ৰাজ্যৰ ভূমি হস্তান্তৰৰ বিৰোধীতাৰে KMSSৰ বিক্ষোভ

লগতে কয় যে থলুৱাক ভূমি প্ৰদান নকৰি বহিৰাগত বণিয়াক ভূমি হস্তান্তৰ কৰি আহিছে । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে শাসনত আহিয়েই বিধানসভাত গুৱাহাটীৰ ভূমিহীনক মাটি প্ৰদান কৰা হব বুলি কৈছিল । কিন্তু সেইয়া নাটক আছিল বুলিও অভিহিত কৰে প্ৰতিবাদকাৰীসকলে ।

কৃষক মুক্তি সংগ্রাম সমিতিৰ দাবীসমূহ হৈছে- প্ৰতিটো থলুৱা ভূমিহীন পৰিয়ালক ৮বিঘা পৰ্যন্ত ভূমিৰ অধিকাৰ প্ৰদান, বন অধিকাৰ আইন-২০০৬ মৰ্মে বনাঞ্চলত বসবাস কৰা প্ৰতিটো জনজাতীয় আৰু অন্য শ্রেণীৰ লোকক বনগাঁওবাসী হিচাপে স্বীকৃতিৰে ভূমিৰ অধিকাৰ অৰ্পণ কৰা ।

ইয়াৰ উপৰিও ২০১১ চনৰ ভিত্তিত গুৱাহাটীৰ বিভিন্ন স্থানত থকা প্ৰতিটো থলুৱা ভূমিহীন পৰিয়ালক ডেৰ কঠা পৰ্যন্ত ভূমি প্ৰদানৰো দাবী উত্থাপন কৰে । অসমৰ ভূমি যাতে বহিৰাগত বণিয়াক হস্তগত কৰিব নোৱাৰে, তাৰ বাবে এখন নতুন প্ৰগতিশীল ভূমি আইন শীঘ্ৰে প্ৰস্তুত কৰিবলৈ বিক্ষোভস্থলী পৰাই চৰকাৰক সজোৰে দাবী কৰে । আনহাতে বিক্ষোভস্থলীৰ পৰাই ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ তেওঁলোকৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

লগতে পঢ়ক: গুৱাহাটীত চেঞ্চুৰী কোৱালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যই

Last Updated :Mar 31, 2022, 6:10 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.