ETV Bharat / state

চিচিটিভি কেমেৰাকো কেৰেপ নকৰি মালবাহী বাহন লৈ উধাও চোৰ

author img

By

Published : Mar 31, 2022, 10:04 AM IST

অপৰাধীৰ ঘাটিত পৰিণত ৰঙিয়া ৷ নিশাৰ এন্ধাৰ নহয়, পোহৰতে সংঘটিত হ’ল চুৰিকাণ্ড(Theft in Rangia) ৷ চিচিটিভিত বন্দী সমগ্ৰ চুৰিকাণ্ডৰ দৃশ্য(TATA DI van theft in Rangia) ৷

theft-tata-di-van-in-rangia
মালবাহী বাহন লৈ ৰঙিয়াত উধাও চোৰ

ৰঙিয়া, 31 মাৰ্চ: কামৰূপ (গ্ৰাম্য) জিলাৰ অন্যমত গুৰুত্বপূৰ্ণ অঞ্চল হিচাপে পৰিচিত ৰঙিয়া মহকুমাত চোৰৰ তাণ্ডৱ(Theft in Rangia) ৷ বৃহত্তৰ অঞ্চলটোত কিছুদিনৰে পৰা নিত্য নৈমিত্তিকভাৱে বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যকলাপ সংঘটিত হোৱাৰ কথা জানিবলৈ পোৱা গৈছে ৷ শেহতীয়াকৈ ৰঙিয়া চহৰৰ মাজমজিয়াৰ পৰা চুৰি হৈছে এখন মালবাহী DI ভান(Theft TATA DI van in Rangia) ৷

চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত(Theft scene captured on CCTV camera) ৷ মাত্ৰ 1.10 মিনিটৰ ভিতৰতে এই চুৰিকাণ্ড সংঘটিত হোৱাৰ ঘটনাত হতচকিত হৈ পৰিছে স্থানীয় লোকসকল ৷

এটা কথা মন কৰিবলগীয়া যে, ৰঙিয়া আৰক্ষী থানা চহৰৰ ঠিক মাজমজিয়াতে অৱস্থিত ৷ তেনেক্ষেত্ৰত সদাব্যস্ত চহৰখনৰ মাজমজিয়াত সংঘটিত এই বাহনৰ চুৰিকাৰ্যই নিৰাপত্তাৰ ফোঁপোলা স্বৰূপটো উন্মোচিত কৰিছে ৷

AS 25 EC 9972 নম্বৰৰ মালবাহী ডি আই ভানখন ময়ুৰী এণ্টাৰপ্ৰাইজৰ (Mayuri Enterprise in Rangia) সন্মুখৰ পৰা অতি সন্তৰ্পণে চোৰে চুৰি কৰি নিয়ে ৷

মালবাহী বাহন লৈ ৰঙিয়াত উধাও চোৰ

বাহনখনৰ গৰাকীয়ে চিচিটিভিত বন্দী হোৱা ফুটেজ পৰীক্ষা কৰাৰ পিছতহে চুৰিকাণ্ড সম্পৰ্কে অৱগত হয় ৷ অঞ্চলটোত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা থকাৰ বাবেই সমগ্ৰ কাণ্ড চিচিটিভিত বন্দী হৈ পৰে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত বাহনখনৰ গৰাকীয়ে স্থানীয় ৰঙিয়া থানাত দাখিল কৰিছে এজাহাৰ ৷

উল্লেখ্য যে, বিগত সময়চোৱাত হোলীৰ বন্ধৰ সুযোগ গ্ৰহণ কৰি ৰঙিয়াস্থিত চৰকাৰী কাৰ্যালয়ত চোৰে চলাইছিল চাফাই অভিযান ৷ বৈদ্যগড় গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ প্ৰস্ৰাৱগাৰৰ দুৱাৰ ভাঙি পানী তোলা বৈদ্যুতিক মটৰটো চুৰি কৰি নিয়ে ৷

লগতে চাওক: Rajya Sabha election 2022: সাজু বিধানসভাৰ চেন্ট্ৰেল হল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.