ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Apr 8, 2022, 1:04 PM IST

Updated : Apr 8, 2022, 4:08 PM IST

1 বজাৰ শীৰ্ষ 10 টা বাতৰি
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

Encounter in Morigaon: আৰক্ষীৰ গুলিত আহত ড্ৰাগছ ব্যৱসায়ী

ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা(Police encounter in Morigaon) ৷ এইবাৰ স্থান মৰিগাঁও ৷ মৰিগাঁও আৰক্ষীৰ গুলীত আহত এটা কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ।

পুনৰ আৰম্ভ হ’ল মাজুলীলৈ ফেৰী সেৱা

শুকুৰবাৰৰ পৰা পুনৰ আৰম্ভ হ’ল মাজুলী নিমাতী সংযোগী ফেৰী সেৱা (Majuli and Nimati ferry service resumes)। ব্ৰহ্মপুত্ৰ নদীৰ জলৰাশি বৃদ্ধি হোৱাৰ ফলত মাজুলী জিলা প্ৰশাসনে এই মাজুলী নিমাতী সংযোগী ফেৰী সেৱা বিগত দুটা দিনে বন্ধ কৰি ৰাখিছিল (Majuli and Nimati ferry service stopped)৷ কিন্তু বৰ্তমান ব্ৰহ্মপুত্ৰৰ জলস্তৰ কিছু পৰিমাণে হ্ৰাস পোৱাৰ ফলত শুকুৰবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে এই ফেৰী সেৱা ।

বিলাসীপাৰাত চক্ৰ বিষয়া-লাট মণ্ডলৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

ধনৰ বিনিময়ত বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সংঘটিত হৈছে দুৰ্নীতি (Allegation of scam in Circle office)৷ ধনৰ বিনিময়ত এজনৰ মাটি আনজনৰ নামত কৰি দিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিলাসীপাৰাবাসীয়ে ৷

কাজিৰঙাত নিশা আৰক্ষীৰ গুলীচালনা; সন্দেহযুক্ত আলফা কেডাৰ আটক

বোকাখাতত পুনৰ সক্ৰিয় হৈছে নেকি আলফাৰ শক্তি ! কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এখন ধাবাত ধনদাবী সন্দেহযুক্ত আলফা সদস্যৰ(Suspected ULFA-I Cader) ৷ আলফাৰ নামত দাবী কৰা ধন নিবলৈ অহা দুষ্কৃতিকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা(Police firing at Kaziranga) ৷

লীলাবাৰী বিমান বন্দৰত মুকলি হ’ব উত্তৰ-পূৱৰ প্ৰথমটো পাইলট প্ৰশিক্ষণ কেন্দ্র

এটা সুখবৰে উৎফুল্লিত কৰি তুলিছে লখিমপুৰবাসীক । কেৱল লখিমপুৰৰ বাবেই নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ বাবেও আশাৰ বতৰা কঢ়িয়াই আনিছে খবৰটোৱে । উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো পাইলট প্ৰশিক্ষণ কেন্দ্র মুকলি হ’ব লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰত(Northeast's first pilot training academy at Lilabari Airport) ।

Son did PhD on father: পিতৃৰ জীৱনৰ ওপৰত পুত্ৰই কৰিছে পি এইছ ডি

স্বাধীনতা সংগ্ৰামী ৰেশমলাল জাংড়েৰ জীৱনৰ ওপৰত তেওঁৰ পুত্ৰই পি এইছ ডি কৰিছে (Son did PhD on father Reshamlal Jangde)৷ হেমচন্দ্ৰ জাংড়েয়ে ৰবিশংকৰ স্কুল বিশ্ববিদ্যালয়ৰ পৰা এই পি এইছ ডি কৰিছে ৷ জানো আহক কিয় পি এইছ ডিৰ বিষয় হিচাপে নিজ পিতৃৰ জীৱন পৰিক্ৰমাক বাচি ল’লে হেমচন্দ্ৰ জাংড়েয়ে ৷

আইপিএল জ্বৰত আক্ৰান্ত হৰিদ্বাৰৰ সাধু-সন্ত এইবাৰ ক্ৰিকেটাৰৰ ৰূপত

আইপিএলৰ জ্বৰত আক্ৰান্ত হৰিদ্বাৰৰ সাধুসকলো ৷ ব্যতিক্ৰমীৰূপত এইবাৰ সাধুসকলক দেখা গ’ল ক্ৰিকেটাৰৰ ৰূপত (The saints of Haridwar playing cricket ) ৷

বিধায়ক কৰিমুদ্দিন বৰভূঞালৈ বিৰোধী দলপতিৰ আইনী জাননী

ৰাজ্যসভা নিৰ্বাচনৰ পাৰ্শ্বক্ৰিয়া ৰাজ্যৰ ৰাজনীতিত চলিয়েই আছে (Politics behind Assam Rajya sabha election 2022) । কংগ্ৰেছৰ ৭-৮ গৰাকী বিধায়কে সদ্যসমাপ্ত ৰাজ্যসভা নিৰ্বাচনত ক্ৰছ ভোটিং (Cross voting in Assam Rajya sabha election 2022) কৰি বিজেপিৰ প্ৰাৰ্থীক ভোট দিছিল বুলি এ আই ইউ ডি এফৰ বিতৰ্কিত বিধায়ক কৰিমুদ্দিন বৰভূঞাই মন্তব্য কৰিছিল ।

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল

অসম আৰক্ষীত ব্যপক সালসলনি (Major reshuffle in Assam Police) । অসম চৰকাৰে বৃহস্পতিবাৰে অসম আৰক্ষীত ভালেমান উচ্চপৰ্যায়ৰ বিষয়াক বদলি কৰাৰ লগতে বহুকেইজন আৰক্ষী বিষয়াক নতুন দায়িত্বভাৰ অৰ্পণ কৰে ৷

উত্তৰাখণ্ডৰ নিৰ্ভয়াৰ ন্যায়: অভিযুক্তৰ ফাঁচীৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়দান স্থগিত

ছাওলা ধৰ্ষণৰ গোচৰত(Chhawla Rape case), দিল্লী উচ্চ ন্যায়ালয়ে তিনিজন দোষীক মৃত্যুদণ্ড প্ৰদান কৰিছিল, ইয়াৰ পিছত ভুক্তভোগীৰ পৰিয়ালে ন্যায়ৰ আশা দেখিছিল । পিছে এই সময়ছোৱাত, অভিযুক্তসকলে ফাঁচীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰে আৰু অৱশেষত আজি গোচৰটোৰ শুনানি উচ্চতম ন্যায়ালয়ত হৈছিল আৰু আদালতে অভিযুক্তক দোষী সাব্যস্ত কৰা নকৰাৰ ওপৰত সম্প্ৰতি নিজৰ ৰায়দান স্থগিত কৰি ৰাখিছে ৷

Last Updated :Apr 8, 2022, 4:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.