ETV Bharat / state

Encounter in Morigaon: আৰক্ষীৰ গুলিত আহত ড্ৰাগছ ব্যৱসায়ী

author img

By

Published : Apr 8, 2022, 9:50 AM IST

ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা(Police encounter in Morigaon) ৷ এইবাৰ স্থান মৰিগাঁও ৷ মৰিগাঁও আৰক্ষীৰ গুলীত আহত এটা কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ।

Police encounter in Morigaon
Police encounter in Morigaon

মৰিগাঁও, 8 এপ্ৰিল : মৰিগাঁৱত বৃহস্পতিবাৰে নিশা আৰক্ষীৰ গুলীত আহত হয় এটা কুখ্যাত ড্ৰাগছ ব্যৱসায়ী(Police encounter in Morigaon) ৷ মৰিগাঁও আৰক্ষীয়ে বৃহস্পতিবাৰে ড্ৰাগছ সৰবৰাহ কৰাৰ সময়ত আটক কৰিছিল ধৃত ড্ৰাগছ ব্যৱসায়ীটোক ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীটো জেহিৰুল ইছলাম বুলি জানিব পৰা হৈছে ৷

জেহিৰুল ইছলামে তেওঁৰ এজন সহযোগী আৰু এগৰাকী মহিলাৰ সহযোগত AS 02 CC 0989 নম্বৰ টাটা ম’বাইল গাড়ীৰে লাহৰীঘাটৰ পৰা মৈৰাবাৰী অভিমুখে ড্ৰাগছখিনি সৰবৰাহ কৰি আনিছিল ৷ কিন্তু ড্ৰাগছখিনি সৰবৰাহ কৰি অনা সময়তে দাঁতিয়ালবৰী আৰক্ষীৰ জালত পৰে জেহিৰুল ৷

আৰক্ষীয়ে জেহিৰুলৰ পৰা প্ৰায় তিনি কোটি টকা মূল্যৰ প্ৰায় 390 গ্ৰাম ড্ৰাগছ জব্দ কৰে ৷

মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন

মৈৰাবাৰী আৰক্ষীৰ জেৰাত অধিক ড্ৰাগছ লুকুৱাই ৰখাৰ তথ্য প্ৰকাশ কৰিছিল গুলিবিদ্ধ জেহিৰুলে । ইয়াৰ পাছত নিশা আৰক্ষীয়ে ড্ৰাগছখিনি জব্দ কৰাৰ বাবে জেহিৰুলক লৈ অভিযান চলাবলৈ যায় ৷ ইয়াৰে সুযোগ লৈ জেহিৰুলে মৈৰাবাৰীৰ বৰজান দলঙৰ সমীপত গাড়ীৰ পৰা জঁপিয়াই পলায়ন চেষ্টা কৰে ।

আৰক্ষীয়ে প্ৰথমে শূন্যলৈ গুলীচালনা কৰে যদিও জেহিৰুলে পলায়নৰ চেষ্টা অব্যাহত ৰখাত আৰক্ষীয়ে ভৰিলৈ লক্ষ্য কৰি গুলীচলাবলৈ বাধ্য হয়(Drug dealer injured in Morigaon police firing) । আহত জেহিৰুলক মৰিগাঁৱত প্ৰাথমিক চিকিৎসাৰ পিছত গুৱাহাটীৰ জি এম চি এইছলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ জেহিৰুল ইছলামক ।

লগতে পঢ়ক : কাজিৰঙাত নিশা আৰক্ষীৰ গুলীচালনা; সন্দেহযুক্ত আলফা কেডাৰ আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.