বিধায়ক কৰিমুদ্দিন বৰভূঞালৈ বিৰোধী দলপতিৰ আইনী জাননী

By

Published : Apr 7, 2022, 10:29 PM IST

Updated : Feb 3, 2023, 8:22 PM IST

thumbnail

ৰাজ্যসভা নিৰ্বাচনৰ পাৰ্শ্বক্ৰিয়া ৰাজ্যৰ ৰাজনীতিত চলিয়েই আছে (Politics behind Assam Rajya sabha election 2022) । কংগ্ৰেছৰ ৭-৮ গৰাকী বিধায়কে সদ্যসমাপ্ত ৰাজ্যসভা নিৰ্বাচনত ক্ৰছ ভোটিং (Cross voting in Assam Rajya sabha election 2022) কৰি বিজেপিৰ প্ৰাৰ্থীক ভোট দিছিল বুলি এ আই ইউ ডি এফৰ বিতৰ্কিত বিধায়ক কৰিমুদ্দিন বৰভূঞাই মন্তব্য কৰিছিল । ফলত জাঙুৰ খাই উঠিছে কংগ্ৰেছ দল । বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বৃহস্পতিবাৰে বিধায়ক কৰিমুদ্দিন বৰভূঞালৈ প্ৰেৰণ কৰে এক আইনী জাননী । বিৰোধী দলপতিগৰাকীৰ অধিবক্তাই সাতদিনৰ ভিতৰত বিধায়ক বৰভূঞাক তেওঁ কৰা অভিযোগৰ প্ৰমাণ কৰিবলৈ সময় ধৰি দিছে এই জাননীত । আনহাতে, দুই বিধায়ক ক্ৰমে ছিদ্দিক আহমেদ আৰু শশীকান্ত দাসে ৰাজ্যসভা নিৰ্বাচনত দলীয় নিৰ্দেশ অমান্য কৰাৰ বাবে দুয়োৰে বিধায়ক পদ খাৰিজ কৰিবলৈও কংগ্ৰেছে ইতিমধ্যে বিধানসভাৰ অধ্যক্ষক আবেদন জনাইছে ।

Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.