ETV Bharat / state

লীলাবাৰী বিমান বন্দৰত মুকলি হ’ব উত্তৰ-পূৱৰ প্ৰথমটো পাইলট প্ৰশিক্ষণ কেন্দ্র

author img

By

Published : Apr 8, 2022, 8:59 AM IST

এটা সুখবৰে উৎফুল্লিত কৰি তুলিছে লখিমপুৰবাসীক । কেৱল লখিমপুৰৰ বাবেই নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ বাবেও আশাৰ বতৰা কঢ়িয়াই আনিছে খবৰটোৱে । উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো পাইলট প্ৰশিক্ষণ কেন্দ্র মুকলি হ’ব লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰত(Northeast's first pilot training academy at Lilabari Airport) ।

Northeast's first pilot training academy at Lilabari Airport
লীলাবাৰী বিমান বন্দৰ

লখিমপুৰ, 8 এপ্রিল : লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰত 12 এপ্রিলত মুকলি কৰা হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো পাইলট প্ৰশিক্ষণ কেন্দ্র(Commercial pilot training to start at Lilabari ) ৷ পাইলট প্ৰশিক্ষণ কেন্দ্রটো আনুষ্ঠানিকভাৱে মুকলি কৰিব কেন্দ্রীয় অসামৰিক বিমান পৰিবহন দপ্তৰৰ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই(Union Civil Aviation Minister Jyotiraditya Scindia) । আনুষ্ঠানটোত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

Northeast's first pilot training academy at Lilabari Airport
লীলাবাৰী বিমান বন্দৰ

ৰেড বাৰ্ড ফ্লাইট ট্ৰেইনিং একাডেমীয়ে(The Red Bird Flight Training Academy) পৰিচালনা কৰা এই কেন্দ্রটোত বিমান সেৱাৰ লগত জড়িত সকলো কৰ্মচাৰীৰ প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব ৷ অৱশ্যে প্ৰথম অৱস্থাত কেৱল পাইলটৰ প্ৰশিক্ষণ কেন্দ্রটোহে মুকলি কৰা হ’ব । পৰৱৰ্তী সময়ত সকলো সেৱাৰে প্ৰশিক্ষণ দিয়া হ’ব এই কেন্দ্রটোত ।

উল্লেখ্য যে, বৰ্তমান অসামৰিক বিমান সেৱা চলি থকা এই বন্দৰটোত যুদ্ধকালীন পৰিস্থিতিত তৎকালীনভাৱে সামৰিক ঘাটিলৈ পৰিৱৰ্তন কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে । চুখৈ যুঁজাৰু বিমানৰ(Sukhoi Fighter Aircraft) উৰণ অৱতৰণ কৰি বিমান বন্দৰটো সামৰিক বন্দৰৰূপে ব্যৱহাৰ কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে । পাইলট প্ৰশিক্ষণ কেন্দ্রটো স্থাপনৰ ফলত গুৰুত্ব বৃদ্ধি পাইছে লীলাবাৰী বিমান বন্দৰৰ ।

লগতে পঢ়ক : অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.