ETV Bharat / state

1 বজাৰ দহটা শীৰ্ষ সংবাদ

author img

By

Published : Nov 29, 2021, 12:59 PM IST

top10 news
শীৰ্ষ সংবাদ

দিনৰ 1 বজাৰ দহটা শীৰ্ষ সংবাদ...

1 বজাৰ দহটা শীৰ্ষ সংবাদ-

Farm Laws Repeal Bill: লোকসভাত গৃহীত হ’ল কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক

অৱশেষত লোকসভাৰ মজিয়াত গৃহীত হ’ল কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক (Farm Laws repeal Bill) ৷ ধ্বনি ভোটত গৃহীত হ’ল কৃষি আইন প্ৰত্যাহাৰ বিধেয়কখন (Farm Laws Repeal Bill) ৷

reliance jio unlimited plans revised : 1 ডিচেম্বৰৰ পৰা বৃদ্ধি পাব জিঅ’ৰ নিৰিখ

বৃদ্ধি পাব জিঅ’ৰ সকলো আনলিমিটেড সেৱাৰ নিৰিখ(reliance jio unlimited plans revised) ৷ এই মূল্য কাৰ্যকৰী কৰা হ’ব 1 ডিচেম্বৰৰ পৰা ৷

bokoliaghat road accident : দুখন বাহনৰ সংঘৰ্ষত আহত 6

কাৰ্বি আংলঙৰ বকলীয়াঘাটত পথ দুৰ্ঘটনা(bokoliaghat road accident) ৷ মাৰুতী আৰু ই-ৰিক্সাৰ মুখামুখি সংঘৰ্ষত শিশুকে ধৰি 6 জন লোক আহত ৷ আটাইকেইজনকে চিকিৎসালয়ত ভৰ্তি ৷

Death anniversary of Mamoni Raisom Goswami : মৃত্যু তিথিত প্ৰিয় সাহিত্যিকগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি

"লিখাতো কেতিয়াও মোৰ কেৰিয়াৰ নাছিল । এইটো মোৰ আবেগ আছিল... মই মোৰ জীৱন উপভোগ কৰিবলৈ লিখিছো । লিখা অবিহনে, মই এগৰাকী মৃত ব্যক্তি হ’লোহেতেন’’ ৷ ইন্দিৰা গোস্বামী, যি সাহিত্য জগতত মামণি ৰয়ছম গোস্বামী(Mamoni Raisom Goswami) হিচাপে পৰিচিত ৷ তেওঁ সামাজিক গাঁথনিৰ দ্বাৰা বশীভূত লোকসকলৰ জীৱনৰ বিষয়ে লিখি পাঠকক আমোদ জগাইছিল ৷ আজি 10 সংখ্যক মৃত্যু তিথিত মামণি বাইদেউ(Death Anniversary of Mamoni Raisom Goswami)লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সমগ্ৰ অসমবাসীয়ে ৷

Jorhat-Majuli Bridge : আজি খুঁটা পোতা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে

সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই খুঁটা পোতা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব যোৰহাট-মাজুলী সংযোগী দলঙৰ (Jorhat-Majuli Bridge)৷ প্ৰায় 925 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া দলংখনৰ দৈৰ্ঘ হ’ব 4 কিল’মিটাৰ ৷ দলংখনত থাকিবলগীয়া মুঠ খুঁটাৰ সংখ্যা হ’ব 65 টা ৷ ইয়াৰে 10 টাকৈ খুঁটা সম্পূৰ্ণ বিশাল ব্ৰহ্মপুত্ৰৰ বক্ষত স্থাপন কৰা হ’ব ৷

Tripura civic poll result : বিৰোধীক ধূলিস্যাৎ কৰি বিজেপিৰ বৃহৎ বিজয়

ত্ৰিপুৰাৰ নগৰ সমিটি, পৌৰ সভাৰ নিৰ্বাচনত বিজেপিয়ে সাব্যস্ত কৰিছে বৃহৎ বিজয়(BJP sweeps Tripura civic body election) ৷ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে এই বিজয়ক 'ঐতিহাসিক' হিচাপে অভিহিত কৰিছে(Chief Minister of Tripura termed his parties win as historic) ৷

Chief minister against Pradeep Dutta Roy : হিন্দু সকলক ভাগ ভাগ কৰাৰ চেষ্টা চলাইছে প্ৰদীপ দত্ত ৰয়ে

তেজপুৰত এক অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ এক ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশ হৈ ৰাজ্যৰ হিন্দু সকলক ভাগ ভাগ কৰাৰ চেষ্টা চলাই আছে প্ৰদীপ দত্ত ৰয়ে(CM Himanta claims Pradeep Dutta Roy is dividing hindus) ৷ গ্ৰেপ্তাৰৰ পিছতে মমতা বেনাৰ্জীৰ সহায় বিচৰা দেখা গৈছিল বিতৰ্কিত বাঙালী নেতা গৰাকীক ৷ সবিশেষ জানো আহক ৷

Psychotropic Drugs Seized : ৰাজ্যত পুনৰ নিচাযুক্ত সামগ্ৰী জব্দ

দেওবাৰে ডিফুৰ মাঞ্জাত 6350 টা নীলা ৰঙৰ ছেমপ্লেক্স নিচাজাতীয় কেপচুল জব্দ(Psychotropic Drugs Seized at Manja) হয় ৷ কাৰ্বি আংলং জিলাৰ আৰক্ষী উপ পৰিদৰ্শকসহ এটা আৰক্ষীৰ দলৰ অভিযানত জব্দ হয় কেপচুলখিনি ৷ ইফালে সোণাৰিত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ(Drugs seized at Sonari by Charaideo Police) চৰাইদেউ আৰক্ষীৰ ৷ লগতে আৰক্ষীয়ে দুটা সৰবৰাহকাৰীকো আটক(Drugs Peddler arrest at Sonari) কৰে ৷

Microfinance Loan Waiver : প্ৰথম পৰ্যায়ত এইসকল মহিলাকহে ধন দিব চৰকাৰে !

ইতিমধ্যে মাইক্ৰ'ফাইনেঞ্চ কোম্পানী (Micro finance company in Assam) সমূহৰ ওচৰত ঋণী হৈ থকা অসমৰ প্ৰায় 12 লাখ মহিলাক চৰকাৰে সকাহ দিয়াৰ পৰ্ব আৰম্ভ হৈছে । এই পৰ্বৰ আৰম্ভণিৰ প্ৰথম পৰ্যায়ত ৰাজ্যৰ আঠখন জিলাক এই অভিযানত সামৰি লোৱা হৈছে । এই জিলা সমূহ হ'ল শোণিতপুৰ, মাজুলী, শিৱসাগৰ, যোৰহাট, ডিমা হাচাও, পশ্চিম কাৰ্বি আংলং, চৰাইদেউ আৰু গোলাঘাট ।

JAFA Achievers Award 2021: কেইবাগৰাকীও সাংবাদিকলৈ বিশেষ সন্মান

সংবাদ জগতৰ লগতে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত বিশেষ বৰঙণি যোগাই অহা ব্যক্তিসকলক জাৰ্ণেলিষ্ট এছ’চিয়েছন ফ’ৰ আসাম চমুকৈ জাফাই দেওবাৰে প্ৰদান কৰে এচিভাৰ্ছ এৱাৰ্ড(JAFA Achievers Award 2021) ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন আৰু বিশিষ্ট অতিথি হিচাপে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.