ETV Bharat / state

Chief minister against Pradeep Dutta Roy : হিন্দু সকলক ভাগ ভাগ কৰাৰ চেষ্টা চলাইছে প্ৰদীপ দত্ত ৰয়ে

author img

By

Published : Nov 28, 2021, 10:03 PM IST

cm-himanta-claims-pradeep-dutta-roy-is-dividing-hindus
Chief minister against Pradeep Dutta Roy : হিন্দু সকলক ভাগ ভাগ কৰাৰ চেষ্টা চলাইছে ৰয়ে

তেজপুৰত এক অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ এক ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশ হৈ ৰাজ্যৰ হিন্দু সকলক ভাগ ভাগ কৰাৰ চেষ্টা চলাই আছে প্ৰদীপ দত্ত ৰয়ে(CM Himanta claims Pradeep Dutta Roy is dividing hindus) ৷ গ্ৰেপ্তাৰৰ পিছতে মমতা বেনাৰ্জীৰ সহায় বিচৰা দেখা গৈছিল বিতৰ্কিত বাঙালী নেতা গৰাকীক ৷ সবিশেষ জানো আহক ৷

তেজপুৰ, 28 নৱেম্বৰ : তেজপুৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা গৰজি উঠিল বৰাকৰ বিতৰ্কিত নেতা প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে(Himanta Biswa Sarma at Tezpur) ৷ তেজপুৰ কলেজিয়েট হাইস্কুল খেল পথাৰত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে উত্থাপন কৰে কেইবাটাও অভিযোগ ৷ ড৹ শৰ্মাই কয় যে, এক ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশ হৈ ৰাজ্যৰ হিন্দু সকলক ভাগ ভাগ কৰাৰ চেষ্টা চলাই আছে প্ৰদীপ দত্ত ৰয়ে ৷ ইয়াৰোপৰি নিজকে এগৰাকী গৌৰৱী অসমীয়া তথা হিন্দু বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

উল্লখযোগ্য যে, শনিবাৰে কাছাৰ আৰক্ষীয়ে বিতৰ্কিত বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ(Pradeep Dutta Roy arrested) কৰাৰ আগেয়ে এক সংবাদমেল যোগে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই বিতৰ্কিত নেতাজনক সকিয়নী প্ৰদান কৰাও দেখা গৈছিল (CM Himanta Warned Pradeep Dutta Roy) । তেওঁ কৈছিল যে, "আগৰ চৰকাৰবোৰৰ কথা নাজানো । কিন্তু এইখন চৰকাৰ বহুত টান । মই মুখ্যমন্ত্ৰী, কেনেকৈ কেতিয়া কি কাম কৰিব লাগে মই জানো ।''

Chief minister against Pradeep Dutta Roy : হিন্দু সকলক ভাগ ভাগ কৰাৰ চেষ্টা চলাইছে ৰয়ে

তেওঁ পুনৰ কয় , ''মই চাইহে আছো যেতিয়া ঠেলা দিম, ভালকৈয়ে ঠেলা পৰিব । ব্যৱস্থা নিশ্চয় হ’ব । আচলতে এতিয়াই কিবা এটা ব্যৱস্থা হাতত লৈ এজন অখ্যাত লোকক বিখ্যাত কৰিব খোজা নাই ।'' লক্ষণীয়ভাৱে, ইয়াৰ পিছতেই কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বিতৰ্কিত বাঙালী নেতাজনক ৷

ইয়াৰ পিছতে শিলচৰত আৰক্ষীৰ জিম্মাত (Pradeep Dutta Roy under police custody) থকাৰ অৱস্থাতে সাংবাদিকৰ সৈতে হোৱা মুখামুখিৰ সময়ত প্ৰদীপ দত্ত ৰয়ে কৰিছিল কেতবোৰ বিস্ফোৰক মন্তব্য ৷ বাঙালী জাতিৰ অস্তিত্ব বিলুপ্ত কৰি দিয়াৰ চক্ৰান্ত হোৱাৰ অভিযোগ আনি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক আগবাঢ়ি অহাৰ দাবী জনোৱা দেখা গৈছিল প্ৰদীপ দত্ত ৰয়ে (Arrested Bengali leader Pradeep Dutta Roy asks for Mamtas help)।

লগতে পঢ়ক : Pradeep Dutta Roy arrested : মমতাৰ সমৰ্থন লাগে বিতৰ্কিত বাঙালী নেতা ৰয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.