ETV Bharat / state

তেজৰ নামত চলিছে দালালি; অসম চিকিৎসা মহাবিদ্যালয়ত 6 দালাল আটক - Blood broker arrested

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 7:38 PM IST

Blood broker arrested: অসম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰচ’ৰাত চলিছে দালালৰ দপদপনি । ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত নিৰাপত্তাৰক্ষীয়ে কৰায়ত্ত কৰে ৬ টাকৈ তেজৰ দালালক । দালাল চক্ৰক উৎখাত কৰাৰ দাবী সাধাৰণ ৰাইজৰ ।

Police detain six blood brokers at Assam Medical College in Dibrugarh
আৰক্ষীৰ জালত পৰিল ৬টাকৈ তেজৰ দালাল (ETV Bharat Assam)

ডিব্ৰুগড়, ১৬ মে': ৰাজ্য চৰকাৰে স্বাস্থ্যখণ্ডৰ উন্নয়ন কৰাৰ লগতে ৰোগীৰ বাবে সকলো চিকিৎসাৰ পৰীক্ষা-নিৰীক্ষা চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া কৰাৰ কথা কৈ থকা সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ চিকিৎসা ক্ষেত্ৰৰ অন্যতম প্ৰাণকেন্দ্ৰ অসম চিকিৎসা মহাবিদ্যালয়ত এতিয়া মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য বিভাগে কৈ থকাৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে ।

অসম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰচ’ৰাত দালালৰ দপদপনি চলিছে । কিয়নো একাংশ চিকিৎসক আৰু কৰ্মচাৰীয়ে কমিছনৰ অংকত অসম চিকিৎসা মহাবিদ্যালয়ত সম্ভৱ হোৱা চিকিৎসা আৰু পৰীক্ষা এতিয়া AMCH ৰ চৌহদৰ বাহিৰৰ একাংশ লেবৰটৰীত আৰম্ভ কৰাৰ অভিযোগ উত্থাপন হৈছে । দৈনিক দালালৰ জৰিয়তে সাধাৰণ ৰোগীসকলক ব্যক্তিগত লেবৰটৰীত পৰীক্ষা কৰোৱাই লক্ষ লক্ষ টকা আহৰণ কৰাৰ অভিযোগ উঠিছে ।

অসম চিকিৎসা মহাবিদ্যালয়ত একাংশ চিকিৎসকৰ বাবে চিকিৎসালয়ৰ ভিতৰচ’ৰাত দালালৰ জন্ম হোৱাৰ লগতে দালালৰ দপদপনিত সাধাৰণ ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে । এই অভিযোগ বিভিন্ন জনে দি থকাৰ মাজতে ডিব্ৰুগড়ৰ বিজেপিৰ জিলা সভাপতি উজ্বল কাশ্যপে অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত চলি থকা কেতবোৰ ভয়ংকৰ অনিয়মৰ কথা মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি জনোৱাৰ লগতে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰিছিল ।

ইয়াৰ পাছতে অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাত তৎপৰ হৈছে । বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ৬ টাকৈ তেজৰ দালালক কৰায়ত্ত কৰা হৈছে । চিকিৎসালয়ৰ চৌহদত দীৰ্ঘদিনৰ পৰা যুৱককেইজনে ৰোগীৰ আত্মীয়ৰ লগত কথা-বতৰা পাতি তেজ দিয়াৰ নামত শ শ টকা সংগ্ৰহ কৰি আহিছিল ।

ধৃত ৬টা তেজৰ দালালক AMCH ৰ নিৰাপত্তাৰক্ষীয়ে হাতে-লোটে কৰায়ত্ত কৰে । ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীক তেজৰ দালাল কেইটাক গটাই দিছে অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই । অনুমান কৰা হৈছে এই তেজৰ দালাল চক্ৰটোৰ লগত চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰীও জড়িত হৈ আছে । আৰক্ষীৰ তদন্ততহে এই সকলো কথা পোহৰলৈ আহিব যদিহে আৰক্ষীয়ে তদন্ত ভালদৰে আগবঢ়ায় ।

কিন্তু পূৰ্বেও অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা বিভিন্ন দিলাক আটক কৰি এটা দিনৰ পাছতেই পুনৰ এৰি দিয়াৰো অভিযোগ আছে । আনহাতে অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই অসম চিকিৎসা মহাবিদ্যালয়ত চলি থকা দালাল চক্ৰক উৎখাত কৰিবলৈ জিলা আৰক্ষী অধীক্ষকক আনুষ্ঠানিকভাৱে জনাইছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: জখলাবন্ধা আৰক্ষীৰ জিম্মাত তিনি মাটিৰ দালাল

ধেমাজিত সুদখোৰ আটক

যোৰহাটত কোষাগাৰ কাৰ্যালয়ত ঘোচখোৰ গাণনিক বিষয়াক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.