যোৰহাটত কোষাগাৰ কাৰ্যালয়ত ঘোচখোৰ গাণনিক বিষয়াক আটক

🎬 Watch Now: Feature Video

thumbnail
যোৰহাটত কোষাগাৰ কাৰ্যালয়ত ঘোচখোৰ গাণনিক বিষয়াক আটক (undefined)

By ETV Bharat Assamese Team

Published : March 14, 2024 at 7:02 PM IST

|

Updated : March 14, 2024 at 8:47 PM IST

1 Min Read
Choose ETV Bharat

যোৰহাট,১৪ মাৰ্চ: পুনৰ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে । বৃহস্পতিবাৰে যোৰহাট কোষাগাৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই চলায় অভিযান । অভিযানত যোৰহাট কোষাগাৰৰ এগৰাকী মহিলা কৰ্মচাৰীক উৎকোচ লোৱাৰ সময়ত হাতে-লোটে কৰায়ত্ত কৰে । সহকাৰী গাণনিক বিষয়াগৰাকীয়ে এগৰাকী ব্যক্তিৰ পৰা নগদ তিনি হাজাৰ টকা উৎকোচ গ্ৰহণ কৰা সময়তে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই আটক কৰে । অভিযানকাৰী দলটোৱে কৰ্মচাৰীগৰাকীৰ কোঠা তন্নতন্নকৈ পৰীক্ষা কৰে ।  

তাৎপৰ্যপূণ যে যোৰহাট কোষাগাৰ কাৰ্যালয়ত বিভিন্ন কাম-কাজ কৰি দিয়াৰ নামত দুৰ্নীতি সংঘটিত হৈ থকাৰ গুৰুতৰ অভিযোগ পূৰ্বৰ পৰাই উত্থাপিত হৈ আহিছিল । সেই অভিযোগক সঁচা প্ৰতিপন্ন কৰিলে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযানে । আনহাতে যোৰহাট কোষাগাৰ কাৰ্যালয়ত এগৰাকী কৰ্মচাৰীয়ে উৎকোচ লৈ আটক হোৱা ঘটনাই কোষাগাৰটোৰ বিষয়া আৰু কৰ্মচাৰীসকলৰ মাজত এক প্ৰকাৰ ৰহস্যৰ সৃষ্টি কৰিছে । উল্লেখ্য যে বিগত সময়ত যোৰহাট সদৰ থানাৰ এগৰাকী আৰক্ষী বিষয়াই গোচৰ মীমাংসা কৰা নামত উৎকোচ গ্ৰহণ কৰা সময়ত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ হাতত আটক হ'বলগীয়া হৈছিল । 

লগতে পঢ়ক: বিহপুৰীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত লাট মণ্ডলসহ গ্ৰেপ্তাৰ দালাল

Last Updated : March 14, 2024 at 8:47 PM IST