bokoliaghat road accident : দুখন বাহনৰ সংঘৰ্ষত আহত 6

author img

By

Published : Nov 29, 2021, 10:38 AM IST

bokoliaghat road accident

কাৰ্বি আংলঙৰ বকলীয়াঘাটত পথ দুৰ্ঘটনা(bokoliaghat road accident) ৷ মাৰুতী আৰু ই-ৰিক্সাৰ মুখামুখি সংঘৰ্ষত শিশুকে ধৰি 6 জন লোক আহত ৷ আটাইকেইজনকে চিকিৎসালয়ত ভৰ্তি ৷

ডিফু, 29 নৱেম্বৰ : বকলীয়াঘাটত দেওবাৰে এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় (bokoliaghat road accident) ৷ বকলীয়াঘাট থানাৰ সমীপত AS 19 A 1898 নম্বৰৰ এখন মাৰুতী 800 বাহনে বিপৰীত দিশৰ পৰা আহি থকা এখন ই-ৰিক্সাত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে ৷ যাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় (Clash between maruti and e rikshaw) ৷

দুৰ্ঘটনাটোৰ ফলত বাহনখনত থকা এটি শিশুকে ধৰি 5 জন লোক গুৰুতৰভাৱে আহত(5 people including a child injured at bokoliaghat) হয় ৷ আহত লোককেইজন ক্ৰমে- কালে ইংতিপী(30), আলন তিমুং(6), ভম টেৰণ(35), ধীৰেণ ৰংহাং(16) আৰু গীতা টেৰণপী(45) বুলি চিনাক্ত কৰা হৈছে ৷

দুৰ্ঘটনাস্থলীত উপস্থিত থকা স্থানীয় লোকে ততাতৈয়াকৈ এই সন্দৰ্ভত খবৰ দিয়ে আৰক্ষীক ৷ স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে বকলীয়াঘাট প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ পৰৱৰ্তী সময়ত আটাইকে উন্নত চিকিৎসাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰা হয় ৷

লগতে চাওক : Supari killing at Assam : দুৰ্ঘটনাৰ ৰূপ দি ব্যৱসায়ীক হত্যাৰ চেষ্টা গোৱালপাৰাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.