Psychotropic Drugs Seized : ৰাজ্যত পুনৰ নিচাযুক্ত সামগ্ৰী জব্দ

author img

By

Published : Nov 29, 2021, 10:55 AM IST

Psychotropic Drugs Seized

দেওবাৰে ডিফুৰ মাঞ্জাত 6350 টা নীলা ৰঙৰ ছেমপ্লেক্স নিচাজাতীয় কেপচুল জব্দ(Psychotropic Drugs Seized at Manja) হয় ৷ কাৰ্বি আংলং জিলাৰ আৰক্ষী উপ পৰিদৰ্শকসহ এটা আৰক্ষীৰ দলৰ অভিযানত জব্দ হয় কেপচুলখিনি ৷ ইফালে সোণাৰিত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ(Drugs seized at Sonari by Charaideo Police) চৰাইদেউ আৰক্ষীৰ ৷ লগতে আৰক্ষীয়ে দুটা সৰবৰাহকাৰীকো আটক(Drugs Peddler arrest at Sonari) কৰে ৷

ডিফু/মৰাণ, 29 নৱেম্বৰ : ৰাজ্যত বৰ্তমানেও অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান (Assam Police Anti Drugs Operation) ৷ প্ৰতিদিনে ৰাজ্য ভিন্ন প্ৰান্তত নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে সৰবৰাহকাৰী তথা ব্যৱসায়ীকো আটক কৰি আছে আৰক্ষীয়ে ৷ কাৰ্বি আংলং জিলাৰ ডিমাপুৰ সংযোগী পথৰ মাঞ্জাত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট(Intoxicating tablet seized at Manja) ৷

প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে মাঞ্জা থানাৰ অন্তৰ্গত ডিমাপুৰ সংযোগী পথৰ হিদিম টেৰণ চাৰিআলি নাইটিংগেল ইংলিছ হাইস্কুলৰ সমীপত আৰক্ষী উপ পৰিদৰ্শক নীলোৎপল দলে, সহকাৰী উপ পৰিদৰ্শক জনৈক ৰংপিসহ এটা আৰক্ষীৰ দলে চলোৱা এক তালাচীত জব্দ হয় বৃহৎ পৰিমাণৰ নিচাযুক্ত কেপচুল (Karbi Anglong Police Drugs Operation) ৷

drugs seized
ড্ৰাগছ জব্দ

জানিব পৰা মতে, নগাঁৱৰ পৰা ডিমাপুৰ অভিমুখে এখন AS-021-A-4962 নম্বৰৰ হুণ্ডাই 10 বাহনত কঢ়িয়াই নি থকা অৱস্থাত অভিযানকাৰী দলটোৱে জব্দ কৰে কেপচুলখিনি ৷ বাহনখনত তালাচী চলাই আৰক্ষীয়ে 6350 টা নীলা ৰঙৰ ছেমপ্লেক্স নিচাজাতীয় কেপচুল জব্দ কৰে ৷

নিচাযুক্ত কেপচুলসমূহ কাৰ্বি আংলং জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ উপস্থিতিত জব্দ কৰা হয় ৷ এই নিচাজাতীয় কেপচুলখিনি সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত নগাঁও জিলাৰ চিনাপট্টিৰ আব্দুল খালেক নামৰ লোকজনৰ পুত্ৰ আব্দুল ৰফিকক আটক কৰা বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰে ৷

Drugs Peddler Arrest
ড্ৰাগছ সৰবৰাহকাৰী আটক

ইফালে, চৰাইদেউৰ সোণাৰিতো দেওবাৰে বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ(Drugs Seized at Sonari) কৰে আৰক্ষীয়ে ৷ লগতে ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে জড়িত দুটা সৰবৰাহকাৰীকো আটক(Drugs Peddler Arrest at Sonari) কৰা হয় ৷ চৰাইদেউ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই ড্ৰাগছসহ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুটা হৈছে অসম-নাগালেণ্ড সীমান্তৱৰ্তী নামতোলা হাতীকেম্পৰ কবিতা ৰায় (42) আৰু সোণাৰিৰ ৰজাঢাপৰ যোগেশ গগৈ(29) ।

এখন AS-04-BC-3613 নম্বৰৰ বলেৰ’ পিক আপ বাহনত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় নিষিদ্ধ ড্ৰাগছখিনি । ইয়াৰ পাচতে আটকাধীন দুই সৰবৰাহকাৰীৰ বিৰুদ্ধে নামতোলা আৰক্ষী থানাত 55/2021 নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ U/S- 21(a)/27/29 NDPS Act, 1985ৰ অধীনত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : Drugs peddler arrest : নগাঁও আৰক্ষীৰ জালত মাৰণাস্ত্ৰসহ দুই সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.