ETV Bharat / bharat

reliance jio unlimited plans revised : 1 ডিচেম্বৰৰ পৰা বৃদ্ধি পাব জিঅ’ৰ নিৰিখ

author img

By

Published : Nov 29, 2021, 11:53 AM IST

বৃদ্ধি পাব জিঅ’ৰ সকলো আনলিমিটেড সেৱাৰ নিৰিখ(reliance jio unlimited plans revised) ৷ এই মূল্য কাৰ্যকৰী কৰা হ’ব 1 ডিচেম্বৰৰ পৰা ৷

reliance jio unlimited plans revised
1 ডিচেম্বৰৰ পৰা বৃদ্ধি পাব জিঅ’ৰ নিৰিখ

নিউজ ডেস্ক, 29 নৱেম্বৰ : জিঅ’ ব্যৱহাৰকাৰীসকলৰ বাবে দুঃখবৰ ৷ 1 ডিচেম্বৰৰ পৰা বৃদ্ধি পাব জিঅ’ৰ আনলিমিটেড সকলো টেৰিফ প্লেনৰ হাৰ(reliance jio unlimited plans revised) ৷ পূৰ্বে কম তথা সীমিত মূল্যত গ্ৰাহকক সেৱা আগবঢ়াই অহা জিঅ’ৰ সকলো আনলিমিটেড টেৰিফ প্লেনৰ হাৰ বৃদ্ধি কৰা হৈছে ৷ এই মূল্য কাৰ্যকৰী কৰা হ’ব 1 ডিচেম্বৰৰ পৰা ৷

প্ৰতিগৰাকী ভাৰতীয়ক এক প্ৰকৃত ডিজিটেল জীৱন দিয়াৰ বাবে জিঅ’ সংকল্পবদ্ধ বুলি কোম্পানীটোৰ কৰ্তৃপক্ষই সদৰী কৰে ৷ যাৰ বাবে জিঅ’ৰ নতুন টেৰিফ প্লেন আৰম্ভ কৰা হৈছে ৷ এই প্লেন আৰম্ভ হোৱাৰ লগে লগে পূৰ্বৰ সকলো সেৱাৰ নিৰিখ বৃদ্ধি পাব ৷ আনলিমিটেড সেৱাৰ ক্ষেত্ৰত পূৰ্বে সৰ্বনিম্ন মূল্য আছিল 129 টকা ৷ 1 ডিচেম্বৰৰ পৰা এয়া হ’ব 179 টকা ৷

একেদৰে অন্যান্য সেৱাৰ মূল্যসমূহৰ নিৰিখো বৃদ্ধি পাইছে ৷ সেয়া এনেধৰণৰ- প্ৰতিদিনে ২ জিবি ডাটা (২৮ দিনৰ বাবে), সীমাহীন ভইচ কল, ১০০ এছএমএছ প্লেনৰ মূল্য আছিল ২৪৯ টকা । ইয়াৰ নতুন মূল্য ১ ডিচেম্বৰৰ পৰা ২৯৯ টকা । প্ৰতিদিনে ১.৫ জিবি ডাটা (৫৬ দিনৰ বাবে), সীমাহীন ভইচ কল, ১০০ এছএমএছ আঁচনিৰ মূল্য ৩৯৯ টকা আছিল । এইবাৰ নতুন মূল্য ৪৭৯ টকা । প্ৰতিদিনে ২ জিবি ডাটা (৫৬ দিনৰ বাবে), সীমাহীন ভইচ কল, ১০০ এছএমএছ প্লেনৰ মূল্য ৪৪৪ টকাৰ পৰা হৈছে ৫৩৩ টকা ।

উল্লেখ্য যে, পূৰ্বে ভোডাফোন আৰু শেহতীয়াকৈ এয়াৰটেলে নিজৰ সেৱাসমূহৰ প্লেনৰ নিৰিখ বৃদ্ধি কৰাৰ পিছতে জিঅ’-ও সকলো আনলিমিটেড প্লেনৰ নিৰিখ বৃদ্ধি কৰে ৷ বিগত জুলাই মাহত সম্পন্ন হোৱা এক সমীক্ষা অনুসৰি, সম্প্ৰতি ভাৰতত প্ৰায় 443.2 মিলিয়ন লোকে জিঅ’ৰ সেৱা উপভোগ কৰি আছে ৷

লগতে চাওক: 31 ডিচেম্বৰলৈকে বৃদ্ধি কৰা হৈছে আয়কৰ ৰিটাৰ্ণৰ সময়সীমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.