31 ডিচেম্বৰলৈকে বৃদ্ধি কৰা হৈছে আয়কৰ ৰিটাৰ্ণৰ সময়সীমা

author img

By

Published : Sep 10, 2021, 7:05 AM IST

The deadline for filing Income Tax returns has been extended till December 31

30 ছেপ্তেম্বৰৰ সলনি 31 ডিচেম্বৰলৈ বৃদ্ধি কৰা হ’ল আয়কৰ ৰিটাৰ্ণৰ সময়সীমা ৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে এক বিবৃতিযোগে জানায় এই কথা ৷

নিউজ ডেস্ক, 10 ছেপ্তেম্বৰ : আয়কৰ ৰিটাৰ্ণৰ সময়সীমা অহা 31 ডিচেম্বৰলৈকে বৃদ্ধি ৷ ক’ভিড মহামাৰীৰ প্ৰকোপ আৰু আয়কৰ বিভাগৰ ৱেব চাইটত হোৱা কিছু কাৰিকৰী বিজুতিৰ বাবে এই সময়সীমা বৃদ্ধি কৰা বুলি বৃহস্পতিবাৰে জানিবলৈ দিয়ে কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে ৷ সাধাৰণতে আয়কৰ ৰিটাৰ্ণৰ সময়সীমা জুলাই পৰ্যন্তেহ থাকে যদিও যোৱা মে’ মাহত এই সময়সীমা বৃদ্ধি কৰি 30 ছেপ্তেম্বৰ কৰা হৈছিল ৷

বৃহস্পতিবাৰে কেন্দ্ৰীয় বৃত্ত মন্ত্ৰণালয়ে এক বিবৃতিযোগে কয়, "2021-22 বৰৰ্ষৰ আয়কৰ জমা দিয়াৰ সময়ত কৰদাতা আৰু অংশীদাৰলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ ভিত্তিত Income-tax Act, 1961ৰ অধীনত Central Board of Direct Taxes এ 2021-22 বৰ্ষৰ আয়কৰ ৰিটাৰ্ণৰ সময়সীমা বৃদ্ধিৰ সিদ্ধান্ত লৈছে ৷ "

ইয়াৰ ইপৰিও বিবৃতিখনত উল্লেখ আছে যে, ‘2021-22 বৰ্ষৰ বাবে আয়কৰ পৰিশোধৰ সমসয়ীমা যি পূৰ্বে Income-tax Act, 1961ৰ section 139ৰ sub-section (1)ৰ অধীনত 31 জুলাইৰ পৰিৱৰ্তে 31 ছেপ্তেম্বৰ কৰা হৈছিল তাক পুনৰ বৃদ্ধি কৰি 31 ডিচেম্বৰ কৰা হৈছে ৷’

লগতে Central Board of Direct Taxes এ কোম্পানীসমূহ ITR পূৰণৰ সময়সীমাও 2021 বৰ্ষৰ 30 নৱেম্বৰৰ পৰা 2022 বৰ্ষৰ 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছে ৷ ইয়াৰ উপৰিও tax audit ৰিপোৰ্ট আৰু ট্ৰেন্সফাৰ প্ৰাইচিং চাৰ্টিফিকেট পূৰণৰ সময়ীমা ক্ৰমে 15 জানুৱাৰী 2022 আৰু 31 জানুৱাৰী 2022 কৰা হৈছে ৷ ইয়াৰ পূৰ্বে এই সময়সীমা আছিল চলিত বৰ্ষৰ 31 অক্টোৱৰ আৰু 30 নৱেম্বৰ ৷

লগতে পঢ়ক : ৩০ নৱেম্বৰলৈ বৃদ্ধি আয়কৰ জমা দিয়াৰ সময়সীমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.