ETV Bharat / state

1 বজাৰ দহটা শীৰ্ষ সংবাদ

author img

By

Published : Nov 26, 2021, 1:02 PM IST

top10 news
শীৰ্ষ সংবাদ

দিনৰ 1 বজাৰ দহটা শীৰ্ষ সংবাদ...

1 বজাৰ দহটা শীৰ্ষ সংবাদ-

Kaliabhomora Bridge Accident : এটা সপ্তাহত কলিয়াভোমোৰাত সংঘটিত দ্বিতীয়টো দুৰ্ঘটনা

একেটা সপ্তাহতে কলিয়াভোমোৰাত সংঘটিত হ’ল দ্বিতীয়টো বাহন দুৰ্ঘটনা(Kaliabhomora Bridge Accident) ৷ দলঙৰ পৰা নদীৰ ওপৰত ওলমি ৰ’ল এখন মালবাহী কণ্টেইনাৰ ৷ বৃহস্পতিবাৰে পুৱতি নিশা ট্ৰাক আৰু এখন যাত্ৰীবাহী মেজিক ভানৰ মাজত হৈছিল মুখামুখি সংঘৰ্ষ ৷ দুয়োখন বাহনৰ আহত চালক দুজনক সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ ইফালে এতিয়াও নিখোজ হৈ আছে কণ্টেইনাৰখনৰ হেণ্ডিমেন ৷

জৰাজীৰ্ণ অৱস্থাত ঐতিহাসিক নামতিপুল দলং

শিৱসাগৰৰ আমগুৰিত 5 বছৰেও মুকলি নহ’ল ঐতিহাসিক নামতিপুলৰ বিকল্প দলং(Namti Pool Bridge) ৷ আমগুৰিৰ ধোদৰ আলিত থকা ঐতিহাসিক নামতিপুল সংৰক্ষণৰ বাবে নিৰ্মাণ কৰা দলংখন আজি পৰ্যন্ত মুকলি নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে জাতীয় দল-সংগঠনে ৷ যিকোনো সময়তে ঐতিহাসিক নামতিপুল দলং ভাঙি পৰাৰ আশংকা(Namti pool Bridge may Collapse) প্ৰকাশ কৰা হৈছে ।

AIIMS in Changsari: চাংসাৰী AIIMSৰ তৃতীয়-চতুৰ্থ বৰ্গৰ পদত এশ শতাংশ থলুৱা নিযুক্তিৰ দাবী

সদৌ অসম ছাত্ৰ সন্থাৰ এটা সজাঁতি দলে বৃহস্পতিবাৰে চাংসাৰীত নিৰ্মীয়মান AIIMS (AIIMS in Changsari) পৰিদৰ্শন কৰে ৷ আছুৰ উপদেষ্টা প্ৰকাশ দাসৰ নেতৃত্বত কামৰূপ জিলা ছাত্ৰ সন্থাই (Kamrup dist AASU) পৰিদৰ্শন কৰে এইমছৰ নিৰ্মানস্থলী ৷ পৰিদৰ্শনকালত সজাঁতি দলটোৱে দাবী কৰে যে AIIMS (All India Institut of medical science)ত মুকলি হ'বলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত এশ শতাংশই অসমৰ থলুৱা লোকক নিযুক্তি প্ৰদান কৰাৰ লগতে ব্যৱসায় আদিত স্থানীয় যুৱক-যুৱতীক অগ্ৰাধিকাৰ প্ৰদান কৰিব লাগে ৷

Men's Junior Hockey World Cup 2021: আমেৰিকাৰ বিৰুদ্ধে স্পেইনৰ ঐতিহাসিক জয়

চলিত পুৰুষৰ জুনিয়ৰ হকী বিশ্বকাপ (Men's Junior Hockey World Cup 2021)ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে ঐতিহাসিক ১৭-০ গ'লত জয় সাব্যস্ত কৰিছে স্পেইনে । কানাডাৰ বিৰুদ্ধে ১৩-১ গ'লত জয় লাভ ভাৰতৰ ।

কেবিনেট বৈঠকৰ পিছতে ৰঙিয়াত উপস্থিত মন্ত্ৰী পৰিমল শুক্লবৈদ‍্য

বঙাইগাঁৱত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক (Assam Cabinet meeting Bangaingaon)ৰ পিছত ৰাজ্যৰ বন তথা মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য (Minister Parimal Suklabadya) ৰঙিয়াত উপস্থিত হৈ এখন সভাত অংশগ্ৰহণ কৰে ৷ মন্ত্ৰীগৰাকীয়ে স্থানীয় হিতাধিকাৰীসকলৰ সৈতে মতবিনিময় কৰাৰ লগতে সাংবাদিকেৰেও মুখামুখী হয় ৷

বৰপেটাৰ হাউলীত বিজেপিৰ তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰ

ৰাজ্যৰ ভিন্ন প্ৰান্তত ভাৰতীয় জনতা পাৰ্টিয়ে আয়োজন কৰিছে জিলা ভিত্তিক প্ৰশিক্ষণ শিবিৰ । দলৰ নেতা-কৰ্মী আৰু নতুনকৈ যোগদান কৰা কৰ্মীসকল দিয়া হৈছে প্ৰশিক্ষণ । বৰপেটা জিলাৰ হাউলীৰ প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ বহু দলীয় কৰ্মীৰ (BJP training camp at Howly)।

Pijush Hazarika visits Baksa: হিতাধিকাৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰী পীযুষ হাজৰিকাই

বৃহস্পতিবাৰে বাক্সা জিলা পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika visits Baksa) ৷ জিলাখনৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ বাসগৃহত উপস্থিত হৈ তেওঁলোকৰ সমস্যাৰ বুজ লয় ৷

Lumding reserve forest encroachment : দালালৰে মিতিৰালি বন বিভাগৰ

লামডিঙ সংৰক্ষিত বনাঞ্চলত চলা বেদখল (Lumding reserve forest encroachment) সন্দৰ্ভত শেহতীয়াকৈ পোহৰলৈ আহিছে আৰু নতুন তথ্য ৷ বেদখলকাৰীক সংস্থাপিত কৰাৰ নামত দালালৰ সৈতে জড়িত বন বিভাগৰ বিষয়া ৷ ভূ-মাফিয়াৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা আৰক্ষীৰ জালত পৰিল এইবাৰ বন বিভাগৰ লোক ৷

Barpeta MC college: বৰপেটাৰ এম চি কলেজত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

নতুন শিক্ষানীতিৰ আৰ্হিৰে শিক্ষাখণ্ডৰ আন্তঃগাঁথনি সক্ৰিয় কৰাৰ কথা ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ৷ বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত উপস্থিত হৈ (Ranoj Pegu visited MC College)নতুন শিক্ষানীতিৰ যোগাত্মক দিশৰ এটি আভাস দিয়ে মহাবিদ্যালয় কৰ্তৃপক্ষক ৷

Constitution Day : সংবিধান দিৱসত ড০ বি আৰ আম্বেদকাৰ, ৰাজেন্দ্ৰ প্ৰসাদক স্মৰণ প্ৰধানমন্ত্ৰী মোডীৰ

আজি দেশজুৰি পালন কৰা হৈছে সংবিধান দিৱস (Constitution Day) । ১৯৪৯ চনৰ আজিৰ দিনটোতে গৃহীত হৈছিল ভাৰতৰ সংবিধান । ২০১৫ চনত এই ঐতিহাসিক দিনটোক সংবিধান দিৱস (Constitution Day) হিচাপে ঘোষণা কৰে ভাৰত চৰকাৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.