ETV Bharat / state

Kaliabhomora Bridge Accident : এটা সপ্তাহত কলিয়াভোমোৰাত সংঘটিত দ্বিতীয়টো দুৰ্ঘটনা

author img

By

Published : Nov 26, 2021, 9:05 AM IST

Updated : Nov 26, 2021, 1:46 PM IST

একেটা সপ্তাহতে কলিয়াভোমোৰাত সংঘটিত হ’ল দ্বিতীয়টো বাহন দুৰ্ঘটনা(Kaliabhomora Bridge Accident) ৷ দলঙৰ পৰা নদীৰ ওপৰত ওলমি ৰ’ল এখন মালবাহী কণ্টেইনাৰ ৷ বৃহস্পতিবাৰে পুৱতি নিশা ট্ৰাক আৰু এখন যাত্ৰীবাহী মেজিক ভানৰ মাজত হৈছিল মুখামুখি সংঘৰ্ষ ৷ দুয়োখন বাহনৰ আহত চালক দুজনক সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ ইফালে এতিয়াও নিখোজ হৈ আছে কণ্টেইনাৰখনৰ হেণ্ডিমেন ৷

Kaliabhomora Bridge accident
কলিয়াভোমোৰাত বাহন দুৰ্ঘটনা

কলিয়াবৰ/তেজপুৰ, 26 নৱেম্বৰ : কলিয়াভোমোৰা দলঙত পুনৰ দুৰ্ঘটনাত পতিত হ’ল বাহন (Kaliabhomora Bridge Accident) ৷ দলঙৰ পৰা সৰি নপৰাকৈ কথমপি ওলমি থাকিল দুৰ্ঘটনাগ্ৰস্ত এখন মালবাহী কণ্টেইনাৰ ৷ বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় 3 বজাত কলিয়াভোমোৰা দলঙত সংঘটিত হয় এই দুৰ্ঘটনা ৷

মালবাহী কণ্টেইনাৰ আৰু এখন যাত্ৰীবাহী মেজিক ভানৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ তেজপুৰৰ দিশে গৈ থকা অৱস্থাতে কলিয়াভোমোৰা দলঙত দুৰ্ঘটনাত পতিত হয় NL-01-AB-3444 নম্বৰৰ ট্ৰাকখন ৷ দুৰ্ঘটনাৰ ফলত দলঙৰ ৰেলিং ভাঙি কথমপিহে ওলমি থাকে কণ্টেইনাৰখন ৷

Kaliabhomora Bridge Accident : এটা সপ্তাহত কলিয়াভোমোৰাত সংঘটিত দ্বিতীয়টো দুৰ্ঘটনা

কলিয়াবৰ মহকুমাৰ চুলুং আৰক্ষী তহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এটা দলে নিয়মিত তহলৰ সময়ত দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে তেজপুৰ আৰক্ষী(Tezpur Police)ক ৷ আৰক্ষীয়ে জনোৱা মতে, দুৰ্ঘটনাৰ ফলত বাহন দুখনৰ চালক দুজন গুৰুতৰভাৱে আহত হোৱাৰ বাবে দুয়োকে সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

এই দুৰ্ঘটনাৰ পাচতে দলঙৰ ওপৰেদি অহা-যোৱা সম্পূৰ্ণৰূপে বন্ধ হৈ আছে । অৱশ্যে আৰক্ষীয়ে ওলমি থকা ট্ৰাকখন দলঙৰ পৰা আঁতৰাই নগাঁও-উজনি অসম সংযোগী 37(A) ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । ইফালে বৰ্তমানেও সন্ধানহীন হৈ আছে কণ্টেইনাৰখনৰ হেণ্ডিমেন ৷

সন্ধানহীন হেণ্ডিমেনজনক বিচাৰি ব্ৰহ্মপুত্ৰ বুকুত অভিযান আৰম্ভ কৰিছে SDRF বাহিনীয়ে ৷ চিকিৎসাধীন ট্ৰাকখনৰ চালকজন জামুগুৰিৰ আগৰিপামৰ ৰাজীৱ বিশ্বকৰ্মা আৰু নিখোজ হৈ থকা হেণ্ডিমেনজন বিহালীৰ ৰাংচালিৰ অমিত ডনাৰ ওৰফে লুতে বুলি চিনাক্ত হৈছে ৷ কণ্টেইনাৰৰ ভিতৰত পোৱা এটা বেগৰ পৰা উদ্ধাৰ হয় তেওঁলোকৰ নাম আৰু পৰিচয়ৰ নথি-পত্ৰ ।

উল্লেখ্য যে, একেটা সপ্তাহতে দুটাকৈ বাহন দুৰ্ঘটনা সংঘটিত হৈছে কলিয়াভোমোৰা দলঙত ৷ চলিত নৱেম্বৰ মাহৰ 22 তাৰিখেও কলিয়োভোমোৰা দলঙত সংঘটিত হৈছিল আন এক ভয়ংকৰ দুৰ্ঘটনা ৷ দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰ বুকুত সৰি পৰিছিল এখন ট্ৰাক ৷ 13 আৰু 14 নম্বৰৰ পিলাৰৰ মাজত থকা চিমেণ্টৰ বেৰিকেড ভাঙি ব্ৰহ্মপুত্ৰত সৰি পৰিছিল ট্ৰাকখন ৷

ইয়াৰ পূৰ্বেও দলংখনত বহু দুৰ্ঘটনা সংঘটিত হৈছে যদিও সংশ্লিষ্ট বিভাগে এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ দলংখনৰ বিজুলী বাতিসমূহ বহু বছৰ ধৰি বিকল হৈ থকাৰ ফলতো বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ কলিয়াভোমোৰা দলঙত একপ্ৰকাৰ কালিকা লগাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : Kaliabhomora Bridge Accident : ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰাক

Last Updated :Nov 26, 2021, 1:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.