ETV Bharat / state

Kaliabhomora Bridge Accident : ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰাক

author img

By

Published : Nov 22, 2021, 11:34 AM IST

Updated : Nov 22, 2021, 2:23 PM IST

কলিয়াভোমোৰা দলঙত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা (Kaliabhomora Bridge Accident) ৷ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰাক ৷ অব্যাহত আছে উদ্ধাৰ অভিযান ৷

A_KLBR_Nov_22_02_Cattle_Accident_at_Kaliabhomora_Bridge_Vis_Bite_ASC1014
Kaliabhomora Bridge Accident: ৰেলিং ভাঙি সৰি পৰিল ট্ৰাক

কলিয়াবৰ, 22 নৱেম্বৰ : কলিয়াভোমোৰা দলঙত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা (Kaliabhomora Bridge Accident) ৷ দলঙৰ ৰেলিং ভাঙি সৰি পৰিল ট্ৰাক ৷ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষী আৰু এছডিআৰএফ (SDRF) দলে ৷

সোমবাৰে পুৱতি নিশা দলঙৰ ১৩ আৰু ১৪ নম্বৰৰ পিলাৰৰ মাজত থকা চিমেণ্টৰ বেৰিকেড ভাঙি ব্ৰহ্মপুত্ৰত সৰি পৰে ট্ৰাকখন ৷ SDRF ৰ ডুবাৰুসকলে নদীৰ 25 ফুট গভীৰতাৰ পৰা ট্ৰাকখন বিচাৰি উলিয়াবলৈ সক্ষম হৈছে ৷ বৰ্তমানলৈকে ট্ৰাকখনত থকা কোনো লোকৰ সন্ধান লাভ কৰিব পৰা নাই ডুবাৰুসকলে ৷

Kaliabhomora Bridge Accident : ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰাক

সোমবাৰে পুৱা আৰক্ষীৰ এক তহলদাৰী গোটে দলঙৰ ভঙা ৰেলিং দেখি এই বিষয়ে অনুসন্ধান কৰাতহে বিষয়টো পোহৰলৈ আহে ৷ দলং নিৰ্মাণ সংস্থা গেমন ইণ্ডিয়াৰ এক সূত্ৰই পুৱতি নিশা এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে ৷ দলং নিৰ্মাণ প্ৰতিষ্ঠান গেমন ইণ্ডিয়াৰ পৰা এটা বাৰ্জ সংগ্ৰহ কৰি ক্ৰেইনৰ দ্বাৰা চলাই থকা হৈছে উদ্ধাৰ অভিযান ৷

ইয়াৰ পূৰ্বেও দলঙখনৰ চাপৰ ৰেলিঙৰ বাবে বহু দুৰ্ঘটনা সংঘটিত হৈছিল যদিও বিভাগীয় কৰ্তৃপক্ষই এই দিশত কোনো গুৰুত্ব প্ৰদান কৰা নাছিল ৷ তাৰ ওপৰত দলঙখনৰ বিজুলী বাতিসমূহো বহু বছৰৰ পৰা বিকল হৈ আছে ৷ যাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷

বাহনখন উদ্ধাৰৰ পাছতহে উদ্ধাৰ হ’ব দুৰ্ঘটনাৰ প্ৰকৃত ৰহস্য ৷ সম্প্ৰতি দলঙত যান-বাহনৰ নিয়মীয়া চলাচল আৰম্ভ কৰা হৈছে আৰু পৰিস্থিতি স্বাভাৱিক বুলি জনাইছে আৰক্ষী অধীক্ষকে ৷

লগতে পঢ়ক : Bogibeel Bridge Tollgate : মুকলিৰ দিশে বগীবিলৰ সমীপৰ টোলগেট

Last Updated :Nov 22, 2021, 2:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.