ETV Bharat / bharat

Constitution Day : সংবিধান দিৱসত ড০ বি আৰ আম্বেদকাৰ, ৰাজেন্দ্ৰ প্ৰসাদক স্মৰণ প্ৰধানমন্ত্ৰী মোডীৰ

author img

By

Published : Nov 26, 2021, 12:20 PM IST

আজি দেশজুৰি পালন কৰা হৈছে সংবিধান দিৱস (Constitution Day) । ১৯৪৯ চনৰ আজিৰ দিনটোতে গৃহীত হৈছিল ভাৰতৰ সংবিধান । ২০১৫ চনত এই ঐতিহাসিক দিনটোক সংবিধান দিৱস (Constitution Day) হিচাপে ঘোষণা কৰে ভাৰত চৰকাৰে ।

PM Modi in Constitution Day programme
সংবিধান দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

নেশ্যনেল ডেস্ক, ২৬ নৱেম্বৰ : ভাৰতৰ সংবিধান গৃহীত হোৱা দিনটোৰ তাৎপৰ্যৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰো দেশত উদযাপন কৰা হৈছে (Constitution Day) । শুকুৰবাৰে সংবিধান দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Modi greets citizens on Constitution Day) । ১৯৪৮ চনৰ ৪ নৱেম্বৰত সংবিধান সভাত ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ ড০ বি আৰ আম্বেদকাৰে আগবঢ়োৱা ভাষণৰ লিখিত টোকাৰ এখন ফটো টুইটযোগে শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে (Narendra Modi remembers Dr BR Ambedkar) ।

খচৰা সমিতিৰ দ্বাৰা নিষ্পত্তি কৰা খচৰা সংবিধান গ্ৰহণৰ বাবে এক প্ৰস্তাৱ উত্থাপন কৰাৰ কথা এই ভাষণত উল্লেখ আছে । ইয়াৰ উপৰিও, ভাৰতৰ সংবিধান সভাৰ সভাপতি ৰাজেন্দ্ৰ প্ৰসাদৰ আদৰ্শৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে টুইটত লিখিছে যে, "সুন্দৰ, সু-শৃংখল, শক্তিশালী সংবিধান প্ৰস্তুত কৰিলেও দেশৰ প্ৰকৃত, নিৰ্ভীক, নিস্বাৰ্থ সেৱকসকলৰ দ্বাৰা পৰিচালিত নহ'লে, তেন্তে সংবিধান দেশবাসীৰ বাবে বিশেষ একো কৰিব নোৱাৰে ।" তেওঁ লগতে উল্লেখ কৰে যে, ড০ ৰাজেন্দ্ৰ প্ৰসাদ এগৰাকী পথপ্ৰদৰ্শকৰ দৰে । প্ৰধানমন্ত্ৰী মোডীয়ে আজি সংসদ ভৱনৰ কেন্দ্ৰীয় হলত আয়োজিত সংবিধান দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব (Constitution Day programme in parliament) ।

  • Best wishes to our citizens on Constitution Day.

    On this special day, sharing a part of Dr. Ambedkar’s speech
    in the Constituent Assembly on 4th November 1948 in which he moved a motion for adoption of the Draft Constitution as settled by the Drafting Committee. pic.twitter.com/pviZNrKsGd

    — Narendra Modi (@narendramodi) November 26, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে বিজ্ঞান ভৱনত আয়োজিত হ'বলগীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে (Narendra Modi in Constitution Day programme) । উল্লেখ্য যে, ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই ভাৰতীয় সংবিধান গৃহীত কৰিছিল আৰু সেয়ে, এই দিনটো সংবিধান দিৱস হিচাপে পালন কৰা হয় । ১৯৫০ চনৰ ২৬ জানুৱাৰীত সংবিধান কাৰ্যকৰী হয়, যিয়ে ভাৰতৰ ইতিহাসত এক নতুন যুগৰ আৰম্ভণি কৰে ।

২০১৫ চনত প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰথম আইন মন্ত্ৰী ভীমৰাও আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সংবিধান দিৱস উদযাপন কৰা হৈছিল । তেওঁ সংবিধানৰ খচৰা প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ২০১০ চনৰ ২৬ নৱেম্বৰত গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে "সংবিধান গৌৰৱ যাত্ৰা" আৰম্ভ কৰি এই দিনটো পালন কৰে । এইবাৰো বিজেপিয়ে ২৬ নৱেম্বৰৰ পৰা "সংবিধান গৌৰৱ যাত্ৰা" আৰম্ভ কৰিব ।

ভাৰতৰ সংবিধান বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘলীয়া লিখিত সংবিধানসমূহৰ ভিতৰত এখন । প্ৰস্তাৱনা, ৩৯৫টা অনুচ্ছেদ আৰু আঠটা অনুসূচী, ২২টা অংশ অন্তৰ্ভুক্ত হৈ আছে ভাৰতৰ সংবিধানত ।

লগতে পঢ়ক:26/11 Mumbai attacks : ভাৰত-পাকিস্তানৰ সম্পৰ্কত পৰিৱৰ্তন অনাৰ এক কাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.