ETV Bharat / state

Pijush Hazarika visits Baksa: হিতাধিকাৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰী পীযুষ হাজৰিকাই

author img

By

Published : Nov 26, 2021, 9:15 AM IST

বৃহস্পতিবাৰে বাক্সা জিলা পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika visits Baksa) ৷ জিলাখনৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ বাসগৃহত উপস্থিত হৈ তেওঁলোকৰ সমস্যাৰ বুজ লয় ৷

pijush-hazarika-visits-baksa
Pijush Hazarika visits Baksa: হিতাধিকাৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰী পীযুষ হাজৰিকাই

বাক্সা, 26 নৱেম্বৰ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি বৃহস্পতিবাৰে বাক্সাত উপস্থিত হয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা (Pijush Hazarika visits Baksa) ৷ বাক্সাত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই জিলাখনৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰাৰ লগতে বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ বাসগৃহত উপস্থিত হৈ তেওঁলোকৰ সমস্যাৰ বুজ লয় ৷ লগতে হিতাধিকাৰীসকলে চৰকাৰী আঁচনিসমূহৰ সুবিধা সঠিকভাৱে পাইছে নে নাই সেই বিষয়েও বুজ লয় জলসম্পদ মন্ত্ৰীগৰাকীয়ে ৷

Pijush Hazarika visits Baksa: হিতাধিকাৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰী পীযুষ হাজৰিকাই

ইয়াৰোপৰি বৰমাৰ দীঘেলীত অটল অমৃত অভিযান আঁচনি (Atal Amrit Abhiyan scheme)ৰ হিতাধিকাৰী বিণা বড়োৰ বাসগৃহত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই তেওঁৰ বৰ্তমান অৱস্থাৰ বুজ লয় ৷ উল্লেখ্য যে, 2017 চনত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 'অটল অমৃতৰ কাৰ্ড' লাভ কৰিছিল বিণা বড়োৱে । এই কাৰ্ডৰ সুবিধামৰ্মে 2018 চনত উত্তৰ গুৱাহাটীৰ জিএনআৰছি(GNRC)ত সম্পূৰ্ণ বিনামূলীয়াকৈ কিডনী ষ্টোনৰ অস্ত্ৰপ্ৰচাৰ কৰিছিল বিণা বড়োৱে । সেয়ে মন্ত্ৰী পীযুষ হাজৰিকাই বিণা বড়োৰ বৰ্তমানৰ স্বাস্থ্য সম্পৰ্কেও বুজ লয় ৷

ইফালে অখিল গগৈ সন্দৰ্ভত কৰা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অখিল গগৈয়ে বিধায়ক পদ এৰি ‘কা’ আন্দোলন কৰিলে শিৱসাগৰত বিজেপিয়ে শেষ হাঁহি মাৰিব বুলি মন্তব্য কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই । লগতে ‘কা’ আন্দোলনৰ বাবে অখিল গগৈক অভিনন্দন জ্ঞাপন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ।

লগতে পঢ়ক: Atul Bora visits Baihata : কুৰ্ম মাধৱ দেৱালয়ৰ জল জীৱন আঁচনি পৰিদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.