AIIMS in Changsari: চাংসাৰী AIIMSৰ তৃতীয়-চতুৰ্থ বৰ্গৰ পদত এশ শতাংশ থলুৱা নিযুক্তিৰ দাবী

By

Published : Nov 26, 2021, 11:29 AM IST

thumbnail

সদৌ অসম ছাত্ৰ সন্থাৰ এটা সজাঁতি দলে বৃহস্পতিবাৰে চাংসাৰীত নিৰ্মীয়মান AIIMS (AIIMS in Changsari) পৰিদৰ্শন কৰে ৷ আছুৰ উপদেষ্টা প্ৰকাশ দাসৰ নেতৃত্বত কামৰূপ জিলা ছাত্ৰ সন্থাই (Kamrup dist AASU) পৰিদৰ্শন কৰে এইমছৰ নিৰ্মানস্থলী ৷ পৰিদৰ্শনকালত সজাঁতি দলটোৱে দাবী কৰে যে AIIMS (All India Institut of medical science)ত মুকলি হ'বলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত এশ শতাংশই অসমৰ থলুৱা লোকক নিযুক্তি প্ৰদান কৰাৰ লগতে ব্যৱসায় আদিত স্থানীয় যুৱক-যুৱতীক অগ্ৰাধিকাৰ প্ৰদান কৰিব লাগে ৷ এই দাবীপত্ৰ কামৰূপ জিলা উপায়ুক্ত (Kamrup DC)ৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীলৈও প্ৰৰেণ কৰা বুলি উল্লেখ কৰে আছুৰ উপদেষ্টা প্ৰকাশ দাসে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.