ETV Bharat / state

বৰপেটাৰ হাউলীত বিজেপিৰ তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰ

author img

By

Published : Nov 26, 2021, 12:56 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তত ভাৰতীয় জনতা পাৰ্টিয়ে আয়োজন কৰিছে জিলা ভিত্তিক প্ৰশিক্ষণ শিবিৰ । দলৰ নেতা-কৰ্মী আৰু নতুনকৈ যোগদান কৰা কৰ্মীসকল দিয়া হৈছে প্ৰশিক্ষণ । বৰপেটা জিলাৰ হাউলীৰ প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ বহু দলীয় কৰ্মীৰ (BJP training camp at Howly)।

BJP training camp
বৰপেটাৰ হাউলীত বিজেপিৰ তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰ

বৰপেটা, ২৬ নৱেম্বৰ : বৰপেটা জিলাৰ হাউলীত আৰম্ভ হৈছে ভাৰতীয় জনতা পাৰ্টীৰ তিনিদিনীয়‍া প্ৰশিক্ষণ শিবিৰৰ (BJP training camp at Howly) । বিজেপি অসম প্ৰদেশৰ প্ৰশিক্ষণ বিভাগৰ উদ্যোগত বৰপেটা জিলাখনক সামৰি আয়োজন কৰা হৈছে এই প্ৰশিক্ষণ শিবিৰৰ । হাউলীৰ নিৰ্মালী বিবাহ ভৱনত আয়োজন কৰা হৈছে এই প্ৰশিক্ষণ শিবিৰ ।

BJP training camp
বৰপেটাৰ হাউলীত বিজেপিৰ তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰ

বিজেপি দলৰ সাংগঠনিক স্থিতি মজবুত কৰাৰ লগতে দলীয় কৰ্মীসকলৰ মাজত সেৱাৰ মনোভাৱ গঢ়ি তোলাৰ উদ্দেশ্যেৰে এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে বুলি দলটোৱে অৱগত কৰে । উক্ত প্ৰশিক্ষণ শিবিৰত দলটোৰ কেইবাগৰাকীয়ো শীৰ্ষ নেতা উপস্থিত থাকে । বিজেপিৰ বৰপেটা জিলা সমিতিৰ সভাপতি অনিল কুমাৰ দাস, সম্পাদক নিপা কলিতা, হেমন্ত কুমাৰ দেউৰীৰ লগতে আন কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰে শিবিৰত ।

সমান্তৰলাকৈ, জিলাখনৰ বহু বিজেপি কৰ্মীয়ে অংশগ্ৰহণ কৰিছে এই শিবিৰত । জানিব পৰা মতে ৰাজ্যৰ শিক্ষামন্ত্ৰী তথা বিজেপি নেতা ডাঃ ৰণোজ পেগুৱে এই শিবিৰত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, শেহতীয়াকৈ বিজেপি দলৰ মন্ত্ৰী, বিধায়কসকলেও মুম্বাইত প্ৰশিক্ষণ গ্ৰহণ কৰিছে । সমান্তৰালকৈ ৰাজ্যিক, জিলা আৰু মণ্ডল পৰ্যায়টো বিজেপিয়ে প্ৰশিক্ষণৰ আয়োজন কৰি আহিছে । বিজেপিৰ নেতাসকলে জনোৱা মতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে জিলা ভিত্তিক প্ৰশিক্ষণৰ কাৰ্যসূচী ।

লগতে পঢ়ক :Barpeta MC college: বৰপেটাৰ এম চি কলেজত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.