ETV Bharat / state

1 বজাৰ দহটা শীৰ্ষ সংবাদ

author img

By

Published : Nov 12, 2021, 1:01 PM IST

top10 news
শীৰ্ষ সংবাদ

দিনৰ 1 বজাৰ দহটা শীৰ্ষ সংবাদ...

1 বজাৰ দহটা শীৰ্ষ সংবাদ-

মহানগৰীৰ পল্টন বজাৰত সন্দেহজনক নৃশংস হত্যাকাণ্ড

পল্টন বজাৰৰ কালীবাৰীৰ ৰে’লৱে ক’লনীত ঘৰৰখীয়া হিচাপে থকা পূজাৰীক নৃশংসভাৱে হত্যা(Brutal Murder) কোনো অজ্ঞাত দুষ্কৃতিকাৰীৰ । নাৰায়ণ চক্ৰৱৰ্তী কালীবাৰীৰ কালী মন্দিৰৰ পূজাৰী আছিল । ওচৰে-পাজৰে কোনো লোক নথকাৰ বাবে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ আৰক্ষীৰ ৷

ছত্তীশগড়ৰ বুধনচাপাৰ জংঘলত ভাৰত-তিব্বত সীমান্ত আৰক্ষী (ITBP)ৰ অভিযান

ছত্তীশগড়ৰ ৰাজনন্দগাঁৱৰ বুধনচাপাৰ জংঘলত ছত্তীশগড় আৰক্ষীৰ সৈতে 38তম বেটেলিয়ন ভাৰত-তিব্বত সীমান্ত আৰক্ষী (Indo-Tibetan Border Police)য়ে এক যুটীয়া তালাচী অভিযান চলায় ৷ অভিযানকালত দলটোৱে এক বুজন পৰিমাণৰ আগ্নেয়াস্ত্ৰ, আই ই ডি (IED) আৰু মাওবাদী সংগঠনৰ সৈতে জড়িত বিভিন্নধৰণৰ নথি-পত্ৰ উদ্ধাৰ কৰে ।

অইলৰ ৰাসায়নিক দ্ৰব্যই বিনষ্ট কৰিছে খেতিপথাৰ; ক্ষুব্ধ জনতা

দুলীয়াজানৰ 2 নং জাগুনত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি । অইল ইণ্ডিয়া লিমিটেড(OIL)ৰ তৈলখাদৰ বৰ্জিত বিষাক্ত ৰাসায়নিক দ্ৰব্য(Chemicals) সংমিশ্ৰণ তেল ধাননী পথাৰত বিয়পি পথাৰৰ বিস্তৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে । অইল ইণ্ডিয়া লিমিটেডৰ একাংশ বিষয়া তথা কৰ্মচাৰীৰ দায়িত্বজ্ঞানহীনতাৰ দোহাই দি ৰাইজৰ মাজত সৃষ্টি হৈছে এই হাহাকাৰ পৰিস্থিতিৰ ।

মোমায়েকক হানি-খুচি হত্যাৰ চেষ্টা ভাগিনীয়েকৰ

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত হালধীবাৰী 2 য় খণ্ডত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ মোমায়েকক ভাগিনীয়েকে হানি-খুচি হত্যাৰ চেষ্টা(Attempt to Murder) কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ পাৰিবাৰিক কন্দলৰ পৰিণতিত এই ভয়ংকৰ কাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷

পশ্চিম বংগৰ ভাৰত-বাংলা সীমান্তত BSFৰ গুলিত নিহত দুই বাংলাদেশী সৰৱৰাহকাৰী

শুকুৰবাৰে পশ্চিং বংগৰ ভাৰত-বাংলা সীমান্ত (Indo-Bangla Border)ৰ নিৰীক্ষণৰ দায়িত্বত থকা সীমান্ত সুৰক্ষা বাহিনীৰ (Border Security Force) গুলিত নিহত হয় দুজন বাংলাদেশী সৰৱৰাহকাৰী ৷ দুয়োগৰাকীয়ে বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰি গুৰু মূৰ সৰৱৰাহৰ কৰাৰ প্ৰয়াস কৰিছিল বুলি জানিব পৰা গৈছে ৷

টি-20 বিশ্বকাপ: পাকিস্তানক পৰাজিত কৰি ফাইনেলত প্ৰৱেশ অষ্ট্ৰেলিয়াৰ

বৃহস্পতিবাৰে টি-20 বিশ্বকাপৰ ছেমি ফাইনেলত পাকিস্তানক 5 উইকেট পৰাস্ত কৰে অষ্ট্ৰেলিয়াই ৷ টছত জয়লাভ কৰি প্ৰথমে বলিঙৰ সিদ্ধান্ত লৈছিল অষ্ট্ৰেলিয়াই ৷

শীঘ্ৰেই OTT প্লেটফৰ্মত প্ৰৱেশ কৰিব যশৰাজ ফিল্মছে

ভাৰতীয় OTT প্লেটফৰ্মত প্ৰৱেশ কৰাৰ উদ্দেশ্যেৰে যশৰাজ ফিল্মছ(Yash Raj Films)ৰ বেনাৰত আৰম্ভ হ'ব এটা নতুন ব্যৱসায়িক উদ্যোগ । ইয়াৰ বাবে ৫০০ কোটি টকা বিনিয়োগ কৰিব আদিত্য চোপ্ৰা(Aditya Chopra)ই । ইতিমধ্যে ২০২১-২০২২ বৰ্ষৰ বাবে চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ১,২০০ কোটি টকা বিনিয়োগ কৰাৰ পাচত এতিয়া ভাৰতৰ সৰ্ববৃহৎ প্ৰডাকছন হাউচ যশৰাজ ফিল্মছে OTT প্লেটফৰ্মত প্ৰৱেশ কৰিবলৈ সাজু হৈছে ।

ডম্বুৰ হ্ৰদৰ সমীপত হেলিপেড মুকলি কৰি আনন্দিত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী

ত্ৰিপুৰালৈ যাব বিচৰা পৰ্যটকৰ বাবে সুখবৰ । ৰাজ্যখনৰ অন্যতম পৰ্যটনস্থলী ডম্বুৰ হ্ৰদৰ সমীপত মুকলি কৰা হ'ল হেলিপেড । বাকী ৮ টা পৰ্যটনস্থলীটো হেলিপেড নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা অব্যাহত ৰাখিছে ত্ৰিপুৰা চৰকাৰে ।

ত্ৰিপুৰাৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ বৈঠক

জিবি পন্ত চিকিৎসালয়ৰ 'ৰোগী কল্যাণ সমিতি'ৰ বৈঠকত উপস্থিত থাকে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক । আগৰতলা চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু জিবি পন্ত চিকিৎসালয়ত এটা প্ৰশাসনিক ভৱন নিৰ্মাণ কৰা হ'ব । জিবি পন্ত চিকিৎসালয়ৰ ৰোগীসকলৰ বাবে এটা আশ্ৰয় গৃহও নিৰ্মাণ কৰা হ'ব ।

কৃষি আইনৰ বিৰোধিতাৰে ত্ৰিপুৰাত পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিব AIKSই

তিনিখন কৃষি আইন(Farm Bill)ৰ বিৰুদ্ধে দিল্লীত কৃষকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ এটা বছৰ সম্পূৰ্ণ হ'বলৈ মাজত মাথোঁ কেইদিনমান বাকী । এতিয়াও কেন্দ্ৰীয় চৰকাৰে কৃষকৰ দাবী মানি ল'বলৈ সন্মত হোৱা নাই । সেয়ে, কৃষি আইন বাতিলৰ দাবীত নিখিল ভাৰত কৃষক সভা(All India Kishan Sabha)ই পুনৰ ত্ৰিপুৰাত গ্ৰহণ কৰিব প্ৰতিবাদী কাৰ্যসূচী । সংগঠনটোৰ ত্ৰিপুৰা গোটৰ সম্পাদক পবিত্ৰ কাৰে এই কথা জানিবলৈ দিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.