ETV Bharat / state

মহানগৰীৰ পল্টন বজাৰত সন্দেহজনক নৃশংস হত্যাকাণ্ড

author img

By

Published : Nov 12, 2021, 11:05 AM IST

Updated : Nov 12, 2021, 2:52 PM IST

পল্টন বজাৰৰ কালীবাৰীৰ ৰে’লৱে ক’লনীত ঘৰৰখীয়া হিচাপে থকা পূজাৰীক নৃশংসভাৱে হত্যা(Brutal Murder) কোনো অজ্ঞাত দুষ্কৃতিকাৰীৰ । নাৰায়ণ চক্ৰৱৰ্তী কালীবাৰীৰ কালী মন্দিৰৰ পূজাৰী আছিল । ওচৰে-পাজৰে কোনো লোক নথকাৰ বাবে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ আৰক্ষীৰ ৷

suspected-brutal-murder-case-again-in-guwahati
মহানগৰীত সন্দেহজনক নৃশংস হত্যাকাণ্ড

গুৱাহাটী, 12 নৱেম্বৰ : ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড(Brutal Murder) । এইবাৰ স্থান মহানগৰীৰ পল্টন বজাৰ । পল্টন বজাৰৰ কালীবাৰীৰ ৰে’লৱে কলনীত সংঘটিত হৈছে এই সন্দেহজনক হত্যাকাণ্ডটো । বৃহস্পতিবাৰে নিশা ৰে’লৱে ক’লনীৰ কোৱাৰ্টাৰত উদ্ধাৰ হয় নাৰায়ণ চক্ৰৱৰ্তী নামৰ লোকজনৰ মৃতদেহ ।

কোৱাৰ্টাৰৰ মালিকে ঘৰৰখীয়া হিচাপে থৈ গৈছিল চক্ৰৱৰ্তীক । ঘটনাৰ বিৱৰণী মতে, কোৱাৰ্টাৰৰ মালিক সঞ্জীৱ চৌধুৰীয়ে ষট পূজাৰ বাবে ঘৰলৈ গৈছিল । নাৰায়ণ চক্ৰৱৰ্তী কালীবাৰিৰ কালী মন্দিৰৰ পূজাৰী আছিল । সেই সময়ত সমীপৰ কোৱাৰ্টাৰত কোনো লোক নাছিল ৷ সেয়েহে চক্ৰৱৰ্তীক পৰিকল্পিতভাৱে হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

মৃত নাৰায়ণ চক্ৰৱৰ্তীৰ ঘৰ কোচবিহাৰত । আনহাতে তেওঁৰ পত্নীৰ ঘৰ অসম-বেংগল সীমান্তৰ বক্সিহাটত বুলি জানিব পৰা গৈছে । দুগৰাকী কন্যা সন্তানৰ পিতৃ আছিল মৃত নাৰায়ণ চক্ৰৱৰ্তী ।

ডাঙৰ কন্যাগৰাকীৰ বয়স 14 বছৰ সৰুগৰাকীৰ বয়স 4 বছৰ । নাৰায়ণ চক্ৰবৰ্তী আৰু কোৱাৰ্টাৰৰ মালিক সঞ্জীৱ চৌধুৰী অতি ঘনিষ্ঠ বন্ধু আছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ।নিশাই ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ নাৰায়ণ চক্ৰৱৰ্তীৰ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে ।

সোধ-পোচৰ বাবে ইতিমধ্যে চুবুৰীয়া সত্য নাৰায়ণ বাছফ’ৰ নামৰ এজন লোকক আটক কৰিছে আৰক্ষীয়ে । ইয়াৰোপৰি মৃত নাৰায়ণ চক্ৰৱৰ্তীৰ পত্নীকো সোধ-পোচৰ বাবে জেৰা কৰা হৈছে ৷

লগতে পঢ়ক : লাহৰীজানত বন্দুকসহ এজনক আটক

Last Updated : Nov 12, 2021, 2:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.