ETV Bharat / bharat

ছত্তীশগড়ৰ বুধনচাপাৰ জংঘলত ভাৰত-তিব্বত সীমান্ত আৰক্ষী (ITBP)ৰ অভিযান

author img

By

Published : Nov 12, 2021, 11:32 AM IST

Updated : Nov 12, 2021, 11:47 AM IST

ছত্তীশগড়ৰ ৰাজনন্দগাঁৱৰ বুধনচাপাৰ জংঘলত ছত্তীশগড় আৰক্ষীৰ সৈতে 38তম বেটেলিয়ন ভাৰত-তিব্বত সীমান্ত আৰক্ষী (Indo-Tibetan Border Police)য়ে এক যুটীয়া তালাচী অভিযান চলায় ৷ অভিযানকালত দলটোৱে এক বুজন পৰিমাণৰ আগ্নেয়াস্ত্ৰ, আই ই ডি (IED) আৰু মাওবাদী সংগঠনৰ সৈতে জড়িত বিভিন্নধৰণৰ নথি-পত্ৰ উদ্ধাৰ কৰে ।

security-forces-recover-firearms-ied-components-in-chhattisgarhs-rajnandgaon
ছত্তীশগড়ৰ ৰাজনন্দগাঁও অঞ্চলৰ বুধনচাপাৰ জংঘলত আইটিবিপিৰ অভিযান

নেশ্যনেল ডেস্ক , 12 নৱেম্বৰ : ছত্তীশগড়ৰ ৰাজনন্দগাঁৱৰ বুধনচাপাৰ জংঘলত ছত্তীশগড় আৰক্ষীৰ সৈতে 38তম বেটেলিয়ন ভাৰত-তিব্বত সীমান্ত আৰক্ষী (Indo-Tibetan Border Police)য়ে এক যুটীয়া তালাচী অভিযান চলায় ৷ অভিযানকালত দলটোৱে এক বুজন পৰিমাণৰ আগ্নেয়াস্ত্ৰ, আই ই ডি (IED) আৰু মাওবাদী সংগঠনৰ সৈতে জড়িত বিভিন্নধৰণৰ নথি-পত্ৰ উদ্ধাৰ কৰে ।

এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত এই অভিযান চলোৱা হৈছিল বুলি ইণ্ডো-তিব্বত সীমান্ত আৰক্ষী (ITBP)য়ে জানিবলৈ দিয়ে । এই সমগ্ৰ অভিযানত ITBPৰ খণ্ড মুখ্য কাৰ্যালয় আৰু সেনাৰ 'বৰ্তালাভ কোম্পানী অপাৰেটিং বেছ'ত নিয়োজিত সৈন্যসকলে যুটীয়াভাৱে তালাচী চলায় । এই অভিযানত নক্সাল ডাম্পৰ পৰা ৩.১৫ বোৰ বন্দুক আৰু নক্সালবাদী সদস্যসকলে ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী, এটা নীলা প্লাষ্টিকৰ ড্ৰামত নক্সালবাদীসকলে লুকুৱাই থোৱা বিভিন্ন অস্ত্ৰ-শস্ত্ৰ, ঔষধ ইত্যাদি উদ্ধাৰ কৰা হৈছে ৷

ছত্তীশগড় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বৰতালৱা আব্দুল সমীৰৰ নেতৃত্বত এক যুটীয়া আৰক্ষী বাহিনী, সহকাৰী যুঁজাৰু অজয় সিং ITBP বৰতালৱাছে উক্ত অনুসন্ধান অভিযানৰ নেতৃত্ব দিয়ে ৷

উল্লেখ্য যে, 2009 বৰ্ষৰ পৰা ছত্তীশগড়ত নিয়োজিত হৈ আছে 'আইটিবিপি' । বৰ্তমান, 'আইটিবিপি'ৰ 8টা বেটেলিয়নৰ দল ছত্তীশগড়ৰ ৰাজনন্দগাঁও, নাৰায়ণপুৰ আৰু কোন্দাগাওঁ জিলাত মোতায়েন কৰা হৈছে । ইতিমধ্যে 2015 বৰ্ষৰ পৰা 'আইটিবিপি'ক দুখন মাওবাদী অধ্যুষিত ৰাজ্য ক্ৰমে নাৰায়ণপুৰ আৰু কোন্দাগাওঁত নিয়োজিত কৰা হৈছিল ৷

এই অঞ্চলকেইটাত আইটিবিপিয়ে বহুসংখ্যক মাওবাদী বিৰোধী অভিযান চলাই আহিছে ৷ ইয়াৰোপৰি, আইটিবিপিয়ে যুৱসকলক সন্ত্ৰাসৰ মজিয়াৰ পৰা মূলসুঁতিলৈ উভতাই অনাৰ ক্ষেত্ৰত আৰু দক্ষতা বৃদ্ধিৰ লগতে ক্ৰীড়া প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবেও অহৰহ প্ৰচেষ্টা চলাই আহিছে । উক্ত বাহিনীটোৱে স্থানীয় লোকসকলৰ সৈতে সঠিক যোগাযোগ কৰিবলৈ স্থানীয় ভাষা 'হালবি'ও শিকি আছে ।

লগতে পঢ়ক : বিশ্ব নিউমোনিয়া দিৱস 2021

Last Updated :Nov 12, 2021, 11:47 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.