ETV Bharat / state

3 বজাৰ দহটা শীৰ্ষ খবৰ...

author img

By

Published : Oct 24, 2021, 3:01 PM IST

3 বজাৰ দহটা শীৰ্ষ খবৰ
3 বজাৰ দহটা শীৰ্ষ খবৰ

3 বজাৰ দহটা শীৰ্ষ খবৰ...

ভাৰতত কাম, স্বাস্থ্য আৰু বিত্তীয় সমস্যাই প্ৰাপ্তবয়স্কৰ মাজত অধিক চাপ সৃষ্টি কৰে

2019 ত Cigna Corporation, TTK Group আৰু Manipal Group এ চলোৱা 'Well-Being Survey' ত এই কথা পোহৰলৈ আহিছে যে প্ৰায় 82 শতাংশ ভাৰতীয়ই কাম, স্বাস্থ্য আৰু অৰ্থিক বিষয়ক লৈ চাপত ডুবি থাকে ৷ মহিলাৰ তুলনাত পুৰুষসকল অধিক চাপগ্ৰস্ত হৈ থাকে ৷ চাৰ্ভেত প্ৰকাশ পোৱা অনুসৰি, 84 শতাংশ পুৰুষে বিভিন্ন কাৰণত চাপত ডুবি থাকে, এই সংখ্যাৰ বিপৰীতে মহিলাৰ সংখ্যা 10 শতাংশ কম অৰ্থাৎ 74 শতাংশ ৷

নিঃশেষ হৈ যাব নেকি ডবকা সংৰক্ষিত বনাঞ্চল ?

ডবকা সংৰক্ষিত বনাঞ্চল(Dabaka Reserve Forest)লৈ নামি আহিছে তীব্ৰ ভাবুকি ৷ ফ’ৰলেন(Four Lane Road)যুক্ত ঘাইপথ নিৰ্মাণৰ নামত কাটি পেলোৱা হ’ব বনাঞ্চলখনৰ পাঁচ সহস্ৰাধিক মূল্যৱান গছ । ই বনাঞ্চলখনৰ বৃহৎ ক্ষতিসাধন কৰাৰ লগতে ইয়াৰ সৌন্দৰ্য আৰু জীৱকূলৰ মাজত ব্যাপক প্ৰভাৱ পেলাব বুলি আশংকা কৰা হৈছে ৷

ক্ৰমাৎ বৃদ্ধি পাইছে মিজোৰামত প্ৰৱেশ কৰা ম্যানমাৰৰ শৰণাৰ্থীৰ সংখ্যা

মিজোৰামৰ বিভিন্ন অঞ্চলত প্ৰায় 12,939 গৰাকী ম্যানমাৰ শৰণাৰ্থীয়ে আশ্ৰয় গ্ৰহণ কৰি আছে ৷ ইয়াৰে ভিতৰত 1,518 গৰাকী শৰণাৰ্থীৰ তথ্য এতিয়াও সংগ্ৰহ কৰা হোৱা নাই ৷ এই সংখ্যা সঘনে সলনি হৈ আছে যিহেতু দেশখনৰ পৰা শৰণাৰ্থীৰ প্ৰৱেশ এতিয়াও অব্যাহত আছে ৷

আফগানিস্তানত অসুৰক্ষিত হিন্দু ; ভাৰতত স্থান দিয়াৰ আহ্বান নিৰ্যাতিতৰ

তালিবানৰ কু-কৰ্মই জোকাৰিছে দেশ তথা বিশ্ব ৷ আফগানিস্তানত সংখ্যালঘু হিচাপে চিহ্নিত ১৮০ গৰাকী শিখ সম্প্ৰদায়ৰ ব্যক্তিৰ ওপৰত তালিবানে চলাইছে অকথ্য নিৰ্যাতন ৷ আফগানিস্তানত নিৰ্যাতিত হিন্দুসকলক ভাৰতলৈ অনাৰ বাবে প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে নিৰ্যাতিতসকলে ৷

ষ্টেনফৰ্ডৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত 2,042 ভাৰতীয়

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ এখন তালিকা প্ৰকাশ কৰি উলিয়াইছে ৷ এই তালিকাত স্থান লাভ কৰিছে ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ 2,042 গৰাকী ভাৰতীয় ৷


গোলাঘাটত বিদ্যুৎস্পৃষ্ট হৈ মাইকী হাতীৰ মৃত্যু

গোলাঘাটৰ মৰঙী ধলাখাট গাঁৱৰ পথাৰৰ মাজত 11 KV লাইনত বিদ্যুৎস্পৃষ্ট হৈ এজনী প্ৰাপ্তবয়স্ক মাইকী হাতীৰ মৃত্যু । ধাননি পথাৰত ধান খাই পুৱা উভতি যাওতেই সংঘটিত হয় এই কৰুণ ঘটনা । নিতৌ খাদ্যৰ সন্ধানত পথাৰখনৰ মাজত বিচৰণ কৰি আছিল প্ৰায় এশজনীয়া এটা বৃহৎ বন্যহস্তীৰ জাকে । মাইকী হাতীজনীৰ মৃত্যুৰ পাচতে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ।

‘পলাশৰ ৰং’ বোলছবিৰ মূল নায়িকাৰ দেহাৱসান

‘পলাশৰ ৰং’ নামৰ বোলছবিখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰা প্ৰবীণ অভিনেত্ৰী শেৱালি কাকতি শইকীয়া(Sewali Kakati Saikia) আৰু নাই ৷ শনিবাৰে নিশা 9.45 বজাত চিকিৎসাধীন অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাল(GMCH)ত মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ ৷

চিমেন চাপৰিত নাই অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয় : ফল ভোগ কৰিছে ৰাইজে

জোনাই চমকং লামাজান বিহিয়া গাঁৱত শনিবাৰে সূত্ৰপাত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ৷ কিন্তু অঞ্চলটোৰ ওচৰে পাজৰে কোনো অগ্নি নিৰ্বাপক বাহিনীৰ আস্থান নথকাৰ বাবে অগ্নিকাণ্ডত সকলো সা-সম্পত্তি হেৰুৱায় পৰিয়ালটোৱে ৷

কলিয়াবৰ কাণ্ডৰ ঘটনাস্থলীত উপস্থিত শিশু অধিকাৰ সুৰক্ষা আয়োগৰ প্ৰতিনিধি

ছবছৰীয়া নাবালিকা হত্যাকাণ্ড(Minor Girl Murder)ৰ বুজ ল’বলৈ শনিবাৰে কলিয়াবৰত উপস্থিত হয় অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগ(Assam State Commission for Protection of Child Rights)ৰ তিনিজনীয়া প্ৰতিনিধিৰ দল ৷ নাবালিকা আৰু অভিযুক্ত কিশোৰ তিনিটাৰ বাসগৃহত উপস্থিত হৈ স্থানীয় ৰাইজ আৰু জিলা প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হয় দলটোৱে ৷

বাংলাদেশ কাণ্ডৰ বিৰোধিতাৰে সচেতন নাগৰিক মঞ্চৰ প্ৰতিবাদ

ধুবুৰীত সচেতন নাগৰিক মঞ্চৰ প্ৰতিবাদী সমদল ৷ বাংলাদেশত হিন্দু নাগৰিকৰ ওপৰত চলোৱা আক্ৰমণৰ বিৰোধিতা কৰি বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সচেতন নাগৰিক মঞ্চই । সহস্ৰাধিক পুৰুষ-মহিলা, যুৱক-যুৱতীয়ে হাতে হাতে বেনাৰ, প্লে-কাৰ্ড আৰু জোঁৰ লৈ বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.