ETV Bharat / lifestyle

ভাৰতত কাম, স্বাস্থ্য আৰু বিত্তীয় সমস্যাই প্ৰাপ্তবয়স্কৰ মাজত অধিক চাপ সৃষ্টি কৰে

author img

By

Published : Oct 24, 2021, 11:19 AM IST

2019 ত Cigna Corporation, TTK Group আৰু Manipal Group এ চলোৱা 'Well-Being Survey' ত এই কথা পোহৰলৈ আহিছে যে প্ৰায় 82 শতাংশ ভাৰতীয়ই কাম, স্বাস্থ্য আৰু অৰ্থিক বিষয়ক লৈ চাপত ডুবি থাকে ৷ মহিলাৰ তুলনাত পুৰুষসকল অধিক চাপগ্ৰস্ত হৈ থাকে ৷ চাৰ্ভেত প্ৰকাশ পোৱা অনুসৰি, 84 শতাংশ পুৰুষে বিভিন্ন কাৰণত চাপত ডুবি থাকে, এই সংখ্যাৰ বিপৰীতে মহিলাৰ সংখ্যা 10 শতাংশ কম অৰ্থাৎ 74 শতাংশ ৷

sb/mental health
কাম, স্বাস্থ্য আৰু ধনৰ বিষয়বোৰে ভাৰতীয় প্ৰাপ্তবয়স্কসকলৰ মাজত চাপ সৃষ্টি কৰে

নিউজ ডেস্ক, 24 অক্টোবৰ : চাপ (Stress) এটি সাধাৰণ স্থিতি, কিন্তু ইয়াৰ কাৰণ আৰু স্তৰে ইয়াক পৃথক কৰি তোলে ৷ ক্ষুদ্ৰ চাপ প্ৰয়োজনীয় বুলি বিশেষজ্ঞসকলে কয় কাৰণ ই প্ৰতিগৰাকী ব্যক্তিকে আগুৱাই যাবলৈ অনুপ্ৰেৰণা দিয়ে ৷ কিন্তু অতিমাত্ৰা চাপে আপোনাক ৰোগী কৰি তুলিব পাৰে ৷

চাপে কেৱল এগৰাকী ব্যক্তিৰ কৰ্ম জীৱনতে প্ৰভাৱ নেপেলায়, ই মানুহৰ দৈনন্দিন জীৱনতো প্ৰভাৱ পেলায় ৷ সেয়েহে ইয়াৰ লক্ষণসমূহ চিনাক্ত কৰি ইয়াক সময় থাকোতেই নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয় ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদনত কোৱা হৈছে যে বিশ্বজুৰি প্ৰায় 800 লোক কিবা নহয় কিবা মানসিক ৰোগত আক্ৰান্ত থাকে ৷

ইয়াৰ বিপৰীতে 2019 ত Cigna Corporation, TTK Group আৰু Manipal Group এ চলোৱা 'Well-Being Survey' ত এই কথা পোহৰলৈ আহিছে যে প্ৰায় 82 শতাংশ ভাৰতীয়ই কাম, স্বাস্থ্য আৰু বিত্তীয় বিষয়ক লৈ চাপত থাকে ৷

এই চাৰ্ভে ৰিপোৰ্টে কি কয় ?

এই চাৰ্ভে ৰিপোৰ্ট অনুসৰি, 35-49 বয়সৰ প্ৰায় 89 শতাংশ লোকেই যথেষ্ট চাপত থাকে ৷ ইয়াৰ ভিতৰত 87 শতাংশ যুৱক/যুৱতী আৰু 50 বছৰৰ ঊৰ্ধৰ 64 শতাংশ লোক ইয়াৰ ভুক্তভোগী ৷ ৰিপোৰ্টখনত প্ৰকাশ পোৱা অনুসৰি, 87 শতাংশ চাকৰিয়াল ভাৰতীয়ই মানসিক চাপত ভূগি থাকে ৷ ইয়াৰ বিপৰীতে 70 শতাংশ ভাৰতীয়, যিসকলে কোনো ধৰণৰ কাম নকৰে তেওঁলোক অন্য কাৰণত চাপত থাকে ৷

আনহাতে, মহিলাৰ তুলনাত পুৰুষসকল অধিক চাপগ্ৰস্ত হৈ থাকে ৷ চাৰ্ভেত প্ৰকাশ পোৱা অনুসৰি, 84 শতাংশ পুৰুষে বিভিন্ন কাৰণত চাপত ভোগে ৷ এই সংখ্যাৰ বিপৰীতে মহিলাৰ সংখ্যা 10 শতাংশ কম অৰ্থাৎ 74 শতাংশ ৷ অধ্যয়নত প্ৰকাশ পাইছে যে, অধিক সংখ্যক লোকৰ চাপৰ কাৰণ হ’ল ব্যক্তিগত স্বাস্থ্য আৰু আৰ্থিক স্থিতি, যাৰ ফলত কেৱল তেওঁলোকৰ কৰ্ম জীৱনতে প্ৰভাৱ পৰাই নহয়, তেওঁলোকৰ দৈনিক জীৱনো ভাগৰুৱা হৈ পৰাৰ লগতে মূৰৰ বিষত আক্ৰান্ত হয় ৷

চাপৰ কাৰণ :

চাপৰ কাৰণ আৰু ইয়াক নিৰ্মূলৰ উপায়সমূহ জানিবলৈ ইটিভি ভাৰতৰ সুখীভৱৰ দলে জ্যেষ্ঠ চিকিৎসক ডাঃ বীণা কৃষ্ণণৰ সৈতে বাৰ্তালাপ কৰে ৷ তেওঁ কয় যে, কেতিয়াবা আমাৰ দৈনন্দিন জীৱনৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ঘটনাসমূহে আমাক চিন্তিত কৰি তুলিব পাৰে ৷ কিন্তু যদি চাপ দীঘলীয়া হয় আৰু দৈনন্দিন কামত বাধা দিবলৈ আৰম্ভ কৰে, ই এজন ব্যক্তিক শাৰীৰিকভাৱেও প্ৰভাৱিত কৰা আৰম্ভ কৰিব পাৰে ৷

তেওঁ কয় যে, সামান্য চাপ ভাল যেতিয়ালৈকে ই আপোনাক আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰে ৷ কিন্তু যেতিয়া ই এগৰাকী ব্যক্তিৰ চিন্তা শক্তিক প্ৰভাৱান্বিত নকৰে ৷ মানসিক চাপত আক্ৰান্ত ব্যক্তিগৰাকীয়ে অৱসাদ, কোনো কামতে মনোযোগ দিব নোৱাৰা বা সঠিকভাৱে সহাঁৰি দিব নোৱাৰা অনুভৱ কৰে ৷ কেতিয়াবা শাৰিৰীক স্বাস্থ্যতো প্ৰভাৱ পেলায় ৷

চিকিৎক ডাঃ বীণাই কয়, কেতিয়াবা সৃষ্টি হোৱা চাপ কেৱল কৰ্মস্থলী বা ঘৰুৱা সমস্যাৰ বাবেই নহয়, আমাৰ জীৱনশৈলীতো প্ৰভাৱ পেলায় ৷ অত্যাধিক শোৱা বা খুব কম শোৱা, সঠিক পুষ্টিৰ অভাৱ, অ-স্বাস্থ্যকৰ জীৱন প্ৰণালী, ব্যায়াম নকৰা আদিয়েও চাপৰ কাৰণ হ’ব পাৰে ৷ ইয়াৰ উপৰিও বৰ্তমান সময়ত সামাজিক মাধ্যমত অধিক সময় অতিবাহিত কৰা, বাতৰি চোৱা আদিয়েও মানুহৰ মাজত চাপ বৃদ্ধি কৰে ৷

তেওঁ উপদেশ দিয়ে যদি অধিক সময়তেই ব্যক্তি এগৰাকীয়ে চাপ অনুভৱ কৰে আৰু ই তেওঁৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে, তেন্তে তেওঁ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত ৷

চাপ হ্ৰাস কৰাৰ উপায় :

বিশেষজ্ঞসকলে বিশ্বাস কৰে যে আপোনাৰ চাপৰ ক্ষেত্ৰত কিছু সালসলনি, জীৱনশৈলী আৰু ৰুটিনে কিছু পৰিমাণে হ’লেও আপোনাৰ চাপ হ্ৰাস কৰিব পাৰে ৷ আপুনি ইয়াৰ বাবে তলত দিয়া উপায়সমূহ অনুসৰণ বা অভ্যাস কৰিব পাৰে-

  • ধনাত্মক চিন্তাধাৰা বৃদ্ধি কৰক
  • খোজকঢ়াৰে দিনটোৰ আৰম্ভণি কৰক/ ধ্যান বা ব্যায়াম কৰক ৷ প্ৰতিদিনে 10 ৰ পৰা 15 মিনিট deep breathing ৰ অভ্যাস গঢ়ি তোলক
  • সমস্যাসমূহক লৈ চিন্তিত হোৱাৰ বিপৰীতে, ইয়াক বুজি সমাধানৰ চেষ্টা কৰক
  • নিজৰ বন্ধুবৰ্গ আৰু আত্মীয়ৰ সৈতে কথা পাতক, আপোনাৰ কিবা সমস্যা থাকিলে যদি সম্ভৱ তেওঁলোকৰ সৈতে শ্বেয়াৰ কৰক
  • দিনটোৰ কিছু সময় নিজৰ ভালপোৱা কামবোৰ কৰিবলৈ যত্ন কৰক, নিজৰ Hobby ত মনোনিৱেশ কৰক ৷ ইয়াৰ দ্বাৰা good hormone অৰ্থাৎ Endorphin মুকলি হয়
  • সামাজিক মাধ্যমৰ পৰা যিমান পাৰে বিৰত থাকক বা নিৰ্দিষ্ট সময়ৰ বাবে সামাজিক মাধ্যম ব্যৱহাৰ কৰক
  • সঠিক সময়ত পুষ্টিকৰ আৰু সন্তুলিত আহাৰ গ্ৰহণ কৰক
  • শোৱাৰ সময়সূচী নিয়ন্ত্ৰণ কৰক, চেষ্টা কৰক sleep hygiene মানি চলিবলৈ
  • বহি থকা জীৱনশৈলীৰ পৰা আঁতৰি থাকক

লগতে পঢ়ক : হিমোফিলিয়া: এক বিৰল ৰক্তক্ষৰণ ব্যাধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.