ETV Bharat / state

চিমেন চাপৰিত নাই অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয় : ফল ভোগ কৰিছে ৰাইজে

author img

By

Published : Oct 24, 2021, 12:33 PM IST

ASC10072_Jonainews_23oct
চিমেন চাপৰিত অগ্নি নিৰ্বাপক বাহিনীৰ আস্থানৰ অভাৱ; ফল ভোগ কৰিছে ৰাইজে

জোনাই চমকং লামাজান বিহিয়া গাঁৱত শনিবাৰে সূত্ৰপাত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ৷ কিন্তু অঞ্চলটোৰ ওচৰে পাজৰে কোনো অগ্নি নিৰ্বাপক বাহিনীৰ আস্থান নথকাৰ বাবে অগ্নিকাণ্ডত সকলো সা-সম্পত্তি হেৰুৱায় পৰিয়ালটোৱে ৷

জোনাই, 24 অক্টোবৰ : এফালে চৰকাৰৰ উন্নয়নৰ শ্ল’গান, আনফালে ভিন্ন প্ৰান্তত প্ৰতিদিনে পোহৰলৈ অহা উন্নয়নৰ প্ৰকৃত ফোঁপোলা ছবি ৷ যি ছবিসমূহ ৰাজ্যবাসীৰ বাবে হৈ পৰিছে তেনেই চিনাকী ৷ সেই একেই এই ছবি জোনাইৰ চিমেন চাপৰিৰ ৷

বৃহত্তৰ চিমেন চাপৰি আঞ্চলত স্বাধীনতাৰ ইমান বছৰ পিছতো স্থাপন নহ’ল অগ্নি নিৰ্বাপক বাহিনীৰ আস্থান ৷ যাৰ ফল ভোগ কৰিবলগীয়া হৈছে ইয়াৰ সমীপৰ গাঁৱৰ ৰাইজে ৷

চিমেন চাপৰিত অগ্নি নিৰ্বাপক বাহিনীৰ আস্থানৰ অভাৱ

এনে এক ঘটনা সংঘটিত হয় জোনাইৰ চমকং লামাজান বিহিয়া গাঁৱত ৷ গাঁৱখনৰ কমলা পেগু নামৰ লোকজনৰ বাসগৃহত শনিবাৰে সূত্ৰপাত হয় এক অগ্নিকাণ্ডৰ ৷ ঘৰত কোনো নথকা অৱস্থাতে পাকঘৰৰ পৰা জুইৰ সূত্ৰপাত ঘটে আৰু এই জুয়ে নিমিষতে মূল ঘৰটো সম্পূৰ্ণৰূপে ভষ্মীভূত কৰে ৷

গাঁৱৰ ৰাইজে জুই নুমুৱাবলৈ আপ্ৰাণ চেষ্টা চলায় কিন্তু অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে, পৰিয়ালটোৰ সকলো প্ৰয়োজনীয় নথি-পত্ৰ, সা-সম্পত্তি জুইত জাহ যায় ৷ ৰাইজৰ ক্ষোভ চিমেন চাপৰিত এটা অগ্নি নিৰ্বাপক বাহিনীৰ আস্থানৰ অভাৱৰ বাবেই পৰিয়ালটোৱে নিজৰ সৰ্বস্ব হেৰুৱাবলগীয়া হ’ল ৷ অঞ্চলটোত অতি শীঘ্ৰে এটা অগ্নি নিৰ্বাপক বাহিনীৰ আস্থান স্থাপনৰ দাবী জনায় গাঁৱবাসীয়ে ৷

লগতে পঢ়ক : কলিয়াবৰ কাণ্ডৰ ঘটনাস্থলীত উপস্থিত শিশু অধিকাৰ সুৰক্ষা আয়োগৰ প্ৰতিনিধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.