ETV Bharat / state

কোনে অন্ধকাৰলৈ ঠেলিছে পৰিবহন নিগমৰ ১২৫০ গৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ ভৱিষ্যৎ ? - Assam State Transport Corporation

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 10:49 PM IST

Demand for the recovery due: অসম ৰাজ্যিক পৰিবহন নিগমৰ উজনি অসম সংমণ্ডলৰ কৰ্মচাৰীসকলৰ সংবাদমেল সম্বোধন ৷ সংবাদমেলযোগে প্ৰাপ্য আদায়ৰ দাবী তোলে পৰিবহন নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে ৷ চৰকাৰ তথা নিগমৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ৷

press meet of Upper Assam Division of Transport Corporation in Jorhat
প্ৰাপ্যৰ দাবীত পৰিবহন নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ সংবাদমেল (Etv bharat assam)

প্ৰাপ্যৰ দাবীত পৰিবহন নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ সংবাদমেল (Etv bharat assam)

যোৰহাট, 15 মে': ‘‘বছৰ বছৰ ধৰি ৰাইজ তথা চৰকাৰক সহায় কৰি ৰাইজৰ সেৱা কৰি অৱসৰ গ্ৰহণ কৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকল কিন্তু আজিও নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিবলগীয়া হৈছে । নিজৰ প্ৰাপ্যৰ বাবে বহুবাৰ চৰকাৰ তথা নিগমৰ উৰ্ধতম কৰ্তৃপক্ষৰ ওচৰত দাবী জনায় অহাৰ পাছতো কিন্তু এই ক্ষেত্ৰত বিভাগ অথবা চৰকাৰে কোনো সঁহাৰি জনোৱা নাই ।’’ এই অভিযোগ অসম ৰাজ্যিক পৰিবহন নিগমৰ উজনি অসম সংমণ্ডলৰ কৰ্মচাৰীসকলৰ ।

বিভাগীয় অমনোযোগিতাৰ বাবেই নিগমত নিষ্ঠাৰে কৰ্ম কৰি অৱসৰ গ্ৰহণ কৰা কৰ্মীসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে । যিসময়ত চৰকাৰে নিগমৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰা ব্যক্তি সকলক সকলো সুবিধা দিছে, তেনে সময়ত কিন্তু নিজৰ প্ৰাপ্যৰ বাবে যুজঁ দিবলগীয়া হৈছে নিগমৰ পৰা সময়ত অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলে । যাৰ বাবে এতিয়া অৱসৰপ্ৰাপ্ত প্ৰায় 1250 গৰাকী কৰ্মচাৰীৰ জীৱন অন্ধকাৰৰ দিশে গতি কৰিছে বুলি তেওঁলোকে জানিবলৈ দিয়ে ৷

বুধবাৰে সংমণ্ডলৰ উজনি অসম সন্থাৰ উদ্যোগত যোৰহাট প্ৰেছ ক্লাৱত আয়োজন কৰা হয় সংবাদমেলৰ ৷ সন্থাৰ সম্পাদক আবুল হুছেইনে সংবাদমেলত কয়, "নিগমৰ পৰা সময়ত অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলে 2016 বর্ষৰ এপ্ৰিল মাহৰ পৰা 2024 বর্ষৰ মাৰ্চ মাহ পৰ্যন্ত গ্ৰেচুইটি, ভৱিষ্যত নিধিৰ ধন লাভ কৰা নাই । যাৰ ফলত এইসকল কৰ্মচাৰীৰ জীৱন জৰ্জৰিত হৈ পৰিছে । এই প্ৰাপ্যৰ বাবে সন্থাই দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছে যদিও কোনো সুফল লাভ কৰা নাই ।’’

তেওঁ লগতে কয়, ‘‘চৰকাৰে 2022-23 বর্ষৰ বাজেটত নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ বাবে 50 কোটি টকা ধার্য কৰিছিল আৰু স্বেচ্ছামূলক অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ বাবে 55 কোটি টকা ধার্য কৰিছিল । ইয়াৰে 25 কোটি টকা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰাসকলৰ বাবে আৰু 25 কোটি অৱসৰপ্ৰাপ্তসকলৰ বাবে মুকলি কৰি দিয়া হৈছিল । সেই ধন কি হিচাপত প্ৰদান কৰা হ’ল সেই সন্দৰ্ভত কোনো জ্ঞাত নহয় । নিয়ম অনুসৰি অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলক চৰকাৰ তথা বিভাগে মাহী আইৰ চকুৰে চোৱা পৰিলক্ষিত হৈছে । তদুপৰি চৰকাৰ তথা বিভাগ অসম ৰাজ্যিক পৰিবহণ নিগম কৰ্মচাৰী সন্থাৰ কথা মতে চলা যেন আমাৰ অনুধাৱন হৈছে। যাৰ বাবে আমি বাধ্য হৈ উজনি অসম অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থা খুলিবলৈ বাধ্য হৈছোঁ ।"

সংবাদমেলত আবুল হুছেইনে আৰু কয়, "চৰকাৰে অসম ৰাজ্যিক পৰিবহণ নিগমক ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ ব্যৱস্থা কৰিছে । যাৰ বাবে কৰ্মচাৰী সকলক স্বেচ্ছামূলক অৱসৰ দিছে । নিগমৰ অস্থায়ী কৰ্মচাৰীসকলক চাকৰিৰ পৰা অব্যাহতি দিছে । যাৰ বাবে গোচৰ বৰ্তমানো উচ্চ আদালতত চলি আছে । নিগমৰ অধীনৰ মাটি বৰ্তমান সময়ত বিক্ৰী কৰা হৈছে । গুৱাহাটীৰ পল্টন বজাৰৰ মাটি ৰে’লৱেক গতাই দিয়া হৈছে । যাৰ বাবে চৰকাৰে যথেষ্ট ধন অৰ্জন কৰিছে । সেই ধন চৰকাৰ তথা বিভাগে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক প্ৰদান কৰাৰ ব্যৱস্থাও কৰিব পাৰিলেহেঁতেন । নিগম বৰ্তমান সময়ত মৃত্যুৰ মুখলৈ গতি কৰিছে । নিগমৰ অধীনৰ বাছৰ সংখ্যা নগণ্য মাত্ৰ । বিপর্যৰ মাজৰ পৰা এক উজ্জীৱিত ৰূপ লাভ কৰিবলৈ সক্ষম হোৱা নিগমক চৰকাৰে ব্যক্তিগত খণ্ডৰ হাতত গটোৱাৰ ব্যৱস্থা কৰিছে ।’’

তেওঁ লগতে কয়, "নিগমৰ প্ৰাক্তন পৰিচালন সঞ্চালক ৰাহুল চন্দ্ৰ দাসৰ দিনত 100 খন গ্ৰীণ বাছ অনা হৈছিল । কিন্তু চলোৱাৰ ব্যৱস্থা কৰিব নোৱাৰাৰ বাবে সেইসমূহ ব্যক্তিগত খণ্ডক অৰ্পণ কৰা হয় । আনহাতে, শুনিব পৰা মতে বোকাখাতৰ নিগমৰ সম্পত্তিও বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে চৰকাৰে । গতিকে আমি চৰকাৰ তথা বিভাগক দাবী জনাইছো যাতে আমাৰ প্ৰাপ্যখিনি আমাক অতি সোনকালে দিয়াৰ ব্যৱস্থা কৰক । অন্যথা অনাগত দিনত নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে আন্দোলনৰ পথ বাছি লবলৈ বাধ্য হ’ব ।"

আজিৰ সংবাদমেলত অসম ৰাজ্যিক পৰিবহণ নিগমৰ উজনি অসম সংমণ্ডলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থাৰ সভাপতি খগেন বুঢ়াগোহাঁই, সদস্য প্ৰণৱ শৰ্মা, স্বপ্নন মজুমদাৰ, তুলসী বৰা প্ৰমুখ্যে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকল উপস্থিত থাকে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত পৰিবহন নিগমত সৰ্বাধিক লোকচান

ASTC Crisis : বিশাল ভূ-সম্পত্তি থাকিও মৃত্যুৰ দুৱাৰদলিত থিয় হৈ আছে ৰাজ্যৰ পৰিবহন বিভাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.