ETV Bharat / state

ASTC Crisis : বিশাল ভূ-সম্পত্তি থাকিও মৃত্যুৰ দুৱাৰদলিত থিয় হৈ আছে ৰাজ্যৰ পৰিবহন বিভাগ

author img

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 7:42 PM IST

৮২২ বিঘা ভূ-সম্পত্তিৰে বিয়াগোম অসম ৰাজ্যিক পৰিবহন নিগমৰ মৃত্যুমুখী যাত্ৰা অব্যাহত । জিলাই জিলাই নিগমৰ ভূমিত ব্যাপক বেদখল । অস্তিত্বহীন ৩৫টা বাছ আস্থান । ঠায়ে ঠায়ে ভূমি লীজত দিবলগা অৱস্থাৰ সৃষ্টি হৈছে লোকচানত থকা নিগমৰ । পৰিবহন নিগমৰ নিজা ৯৩৬ খন বাছৰ ৬১৫ খনহে চলাচল কৰিব পৰা অৱস্থাত আছে । সামান্য মেৰামতিৰ অভাৱৰ বাবেই বাছ আস্থানতে পৰি আছে ৩২১ খন বাছ ।

ASTC Crisis
মৃত্যুৰ দুৱাৰদলিত থিয় হৈ আছে ৰাজ্যৰ পৰিবহন বিভাগ

গুৱাহাটী, ১২ নৱেম্বৰ : ৰাজ্য চৰকাৰৰ গাফিলতিৰ বাবেই ৰাজ্যখনৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ এটাৰ পাচত আনটোকৈ বন্ধ হৈ পৰিছে । আনহাতে বহু প্ৰতিষ্ঠান ব্যক্তিগত খণ্ডক গতাই দিয়া হৈছে । অসমৰ ৰাইজৰ আবেগ-অনুভূতি জড়িত হৈ থকা অসম ৰাজ্যিক পৰিবহন নিগমো এতিয়া মৃত্যুমুখলৈ গতি কৰিছে ।

লক্ষ্যণীয় বিষয় যে ভূ-সম্পদেৰে বিশাল সম্পত্তিৰ অধিকাৰী হোৱাৰ পাচতো এই বিয়াগোম প্ৰতিষ্ঠানটোৱে আজি মৃত্যুৰ ক্ষণ গণিবলগীয়া হৈছে । ধাৰাবাহিকভাৱে লোকচান ভৰি থকা নিগমটোৱে ধনৰ অভাৱত নিলামত দি আহিছে ইখনৰ পাচত সিখনকৈ বাছ । তিনি শতাধিক বাছ মেৰামতিৰ অভাৱত আস্থানতে পৰি থকাটো এতিয়া নতুন কথা নহয় । অৱশ্যে প্ৰতিষ্ঠানটোৰ ধ্বংসমুখী যাত্ৰাৰ আঁৰত বহুকেইটা কাৰণ জড়িত হৈ আছে ।

অতি পৰিতাপৰ বিষয় যে একাংশ বিষয়া-কৰ্মচাৰীৰ সন্দেহজনক ভূমিকা আৰু ৰাজ্য চৰকাৰৰ অৱহেলাৰ বাবেই ৰাজ্যখনৰ জিলাই জিলাই পৰিবহন নিগমৰ বিঘাই বিঘাই মাটি বেদখলৰ কবলত আছে । কেৱল সেয়াই নহয়, ৰাজ্যখনৰ ৩৫টা বাছ আস্থানেই আজি অস্তিত্বহীন । উক্ত বাছ আস্থানসমূহত থকা গৃহসমূহো হৈ পৰিছে জৰাজীৰ্ণ । উপায়হীন হৈ ৰাজ্যৰ এই বিয়াগোম নিগমটোৱে এতিয়া ঠায়ে ঠায়ে ভূমি লীজত দিবলগা অৱস্থাৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত বর্তমান ১৩০টা আস্থান আৰু উপ-আস্থান আছে যদিও ইয়াৰে ৩৫টাৰে কোনো ধৰণৰ চিন-মোকাম নোহোৱা হোৱাৰ উপক্ৰম হৈছে । উক্ত আস্থানকেইটাৰ মাটি বেদখল হোৱাৰ লগতে কাৰ্যালয় গৃহৰো কোনো অস্তিত্ব নোহোৱা হৈ পৰিছে ।

তথ্য অনুসৰি অসম ৰাজ্যিক পৰিবহণ নিগমৰ নামত থকা মুঠ ভূমিৰ পৰিমাণ হৈছে ৮২২ বিঘা একঠা ৯ লেচা । এই পৰিবহন নিগমৰ অধীনত থকা বঙাইগাঁও সংমণ্ডল, গুৱাহাটী সংমণ্ডল, উত্তৰ লখিমপুৰ সংমণ্ডল, শিলচৰ সংমণ্ডল, তেজপুৰ সংমণ্ডলৰ ৩৫টা আস্থানৰ এতিয়া কোনো অস্তিত্ব নাই তথা পৰিত্যক্ত হৈ আছে ।

তেনেদৰে ৰংজুলি, সৰভোগ, গৌৰীপুৰ, ছিপাঝাৰ, বদৰপুৰ, মৰাণ, কৰিমগঞ্জ, তেজপুৰৰ জয়মতী পথাৰকে ধৰি বহু আস্থানৰ প্ৰায় ৫০ বিঘা মাটি বেদখলকাৰীৰ কবলত । অসম ৰাজ্যিক পৰিবহন নিগমৰ তথ্য মতে ৰাজ্যত অস্তিত্বহীন অথবা পৰিত্যক্ত অৱস্থাত পৰি থকা আস্থানকেইটা হ'ল বঙাইগাঁও সংমণ্ডলৰ অধীনৰ অভয়াপুৰী উপ-আস্থান, আগিয়া, বহুলপুৰ, চাপৰ, ধূপধৰা, দুধনৈ, গৌৰীপুৰ, কোকৰাঝাৰ, কৃষ্ণাই, পাঠশালা, সৰভোগ, যোগীঘোপা উপ-আস্থান ।

তেনেদৰে গুৱাহাটী সংমণ্ডলৰ অধীনত টিহু উপ-আস্থানৰ নাই কোনো সক্ৰিয়তা । ইফালে নগাঁও সংমণ্ডলৰ অধীনত হোজাই, হাওৰাঘাট, কামপুৰ, লংকা, উমৰাংচু, মাইবং, শিলঘাট, ৰহা, উলুকুছিউপ-আস্থান অস্তিত্বহীন । উত্তৰ লখিমপুৰ সংমণ্ডলৰ অধীনত থকা চিমেন চাপৰি, ঘিলামৰা, নাৰায়ণপুৰ উপ-বাছ আস্থান, শিলচৰ সংমণ্ডলৰ ভিতৰত থকা উদাৰবন্দ উপ-আস্থান, তেজপুৰ সংমণ্ডলৰ অধীনত থকা দুমুনিচকী, ঘাঁহিগাঁও, হাৱাজান, জামুগুৰি, কলাইগাঁও, চতিয়া, ঠেলামৰা উপ-আস্থান আৰু তিনিচুকীয়া সংমণ্ডলৰ অধীনত চাপাখোৱা আৰু খোৱাং উপ-বাছ আস্থান পৰিত্যক্ত অৱস্থাত আছে ।

উক্ত উপ-আস্থানসমূহৰ ভূমিও ক্ৰমাগতভাৱে বেদখলৰ কবলত পৰাৰ আশংকা কৰা হৈছে । পৰিত্যক্ত প্ৰায়কেইটা আস্থানতে অসম আৰ্হিৰ ঘৰ আছে । লক্ষণীয়ভাৱে জামুগুৰিহাটৰ দৰে ঐতিহ্যমণ্ডিত আস্থানটো আজি পৰিত্যক্ত অথচ ইয়াৰ মাটিকালি হ'ল ৭ বিঘা একঠা ১০ লেচা ।

তেনেদৰে চতিয়া আস্থানৰ ভূমিৰ পৰিমাণ ৪ বিঘা ৯ লেচা, ঠেলামৰা আস্থানৰ নামত আছে ৫ বিঘা ২ লেচা, গৌৰীপুৰ বাছ আস্থানৰ নামত আছে ৩ বিঘা একঠা ১৭ লেচা মাটি আৰু গৃহ । একেদৰে চাপৰ বাছ আস্থানটোৰ মাটি আছে তিনি বিঘা আৰু তাত আছে এটা অসম আৰ্হিৰ ঘৰ । ধূপধৰাতো আছে ২ বিঘা একঠা ১৬ লেচা মাটি আৰু ঘৰ, শিলঘাটত আছে ৩ বিঘা মাটি আৰু ঘৰ, ৰহাৰ আস্থানৰ নামত আছে ২ বিঘা ৪ কঠা ৮ লেচা ভূমি ।

ঘিলামৰা আস্থানৰ নামত ২ বিঘা ১৫ লেচা মাটি । খোৱাং আস্থানৰ নামত আছে ২ বিঘা ৩ কঠা ১৩ লেচা ভূমি । গৌৰীপুৰ আস্থানৰ নামত আছে ৩ বিঘা একঠা ১৭ লেচা ভূমি । এনেদৰে প্ৰতিটো আস্থানৰ নামত থকা ভূমি আৰু গৃহ-সম্পত্তিৰ আজি অস্তিত্ব বিপদাপন্ন ।

তথ্য অনুসৰি তেজপুৰ সংমণ্ডলৰ অধীনস্থ তেজপুৰত (জয়মতী পথাৰ) অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত থকা মুঠ ২৬ বিঘা ৩ কঠা এলেকা ভূমিৰ ভিতৰত ১৪ বিঘাই বেদখলৰ কবলত । চৰকাৰী তথ্যমতে এই ভূমি বিহু কমিটীয়ে দখলত ৰাখিছে । তেনেদৰে সৰভোগ আস্থানৰ সমুদায় ১ বিঘা একঠা ভূমি বেদখল কৰি ৰাখিছে বিভিন্ন পক্ষই ।

ৰংজুলিতো দুটা কোঠা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কৰ্তৃপক্ষই বেদখল কৰি ৰাখিছে । গৌৰীপুৰৰ এক বিঘা একঠা ১৩ লেচা ভূমি সুৰক্ষা কৰ্মীয়ে বেদখল কৰি ৰাখিছে । ছিপাঝাৰৰ ২ বিঘা ৩ কঠা ১৭ লেচা ভূমি পূজা কমিটীয়ে বেদখল কৰি ৰাখিছে । বদৰপুৰৰ ৪ কঠা ২ লেচা ভূমি নবীন চন্দ্ৰ কলেজ কর্তৃপক্ষই বেদখল কৰি ৰাখিছে ।

কৰিমগঞ্জৰ ১৫ লেচা ভূমিও বেদখল হৈ আছে । তেনেদৰে ডিব্ৰুগড় জিলাৰ মৰাণ বাছ আস্থানৰ ২ বিঘা ভূমি নিগমৰ দখলত আছে যদিও মাটিখিনি আনৰ নামত ভূমি নথিত নামজাৰি হৈ আছে । বর্তমান বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে । তদুপৰি জিলাখনৰ চৌকিডিঙী আস্থানৰ সন্মুখত নিগমৰ অন্য এক ভূমি আছে । ইয়াৰ পৰিমাণ ৩ বিঘা ১০ লেচা ।

উক্ত ভূমিত অসম গেছ কোম্পানী লিমিটেডৰ সহযোগত এটা 'চি এন জি ফিলিং ষ্টেচন' স্থাপন হৈছে আৰু অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ সহযোগত এটা ব্যৱসায়িক গৃহ নিৰ্মাণ কৰা হৈছে । অসম ৰাজ্যিক পৰিবহন নিগমৰ মৃত্যুমুখী যাত্ৰাৰ তালিকাখন বহু দীঘলীয়া ।

বিগত পাঁচ বছৰত নিগমে নিলাম কৰিলে ৬৬৬ খন বাছ । শেহতীয়াকৈ পুনৰ ২১০ খন বাছ নিলাম কৰিবলৈ প্ৰস্তুতি চলাইছে । বিগত ৫ বছৰত ৬৬৬ খন বাছ নিলাম কৰি ৯ কোটি ২১ লাখ টকা পাইছিল । গভীৰ বিত্তীয় সংকটত থকা নিগমে উপায়হীন হৈ ১৫ বছৰ নৌহওঁতেই বাছ নিলাম কৰিবলৈ সাজু হৈছে ।

বাছ নিলাম কৰা এই ঘটনাৰ পৰাই পৰিবহন নিগমৰ ভয়াৱহ দুৰৱস্থাৰ ছবি ওলাই পৰে । তথ্য অনুসৰি অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত নিজাকৈ ৯৩৬ খন বাছ আছে যদিও ইয়াৰে ৬১৫ খন বাছহে চলাচল কৰিব পৰা অৱস্থাত আছে । সামান্য মেৰামতিৰ অভাৱৰ বাবেই ৩২১খন বাছ আস্থানতে পৰি আছে ।

এনেদৰে চৰকাৰৰ গাফিলতি আৰু অদুৰদৰ্শীতাৰ বাবে এটা সময়ত লাভজনক হৈ থকা পৰিবহন নিগম এতিয়া মৃত্যুৰ দুৱাৰদলিত ।

লগতে পঢ়ক : KMSS on ASTC: অসম ৰাজ্যিক পৰিবহন নিগমৰ আস্থান লীজত দিয়াৰ বিৰোধিতা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.