ETV Bharat / state

KMSS on ASTC: অসম ৰাজ্যিক পৰিবহন নিগমৰ আস্থান লীজত দিয়াৰ বিৰোধিতা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 7:07 PM IST

KMSS reacts Over Property Sale of ASTC
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিক্ৰিয়া

অসম ৰাজ্যিক পৰিবহন নিগমৰ স্থাৱৰ সম্পত্তি লীজত দিয়াৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ পৰিবহন নিগমক চলাব নোৱাৰাটো চৰকাৰখনৰ ব্যৰ্থতা বুলি মন্তব্য কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই ৷

পৰিবহন নিগমৰ স্থাৱৰ সম্পত্তি লীজত দিয়াৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৃষক মুক্তিৰ

গুৱাহাটী, 23 আগষ্ট : অসম ৰাজ্যিক পৰিবহন নিগমৰ স্থাৱৰ সম্পত্তি লীজত দিয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই ৷

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে চৰকাৰে এটাৰ পাছত আনটোকৈ ৰাজহুৱা সম্পত্তি বিক্ৰী কৰি আহিছে চৰকাৰে ৷ এইবাৰ বিজেপি চৰকাৰে অসম ৰাজ্যিক পৰিবহন নিগমৰ 120 টা আস্থান লীজত দিবলৈ ওলাইছে ৷ এই আস্থানসমূহ লীজত দিয়াৰ পাছত পৰ্যায়ক্ৰমে বিক্ৰী কৰিব ৷ আনহাতে অসমৰ বিভিন্ন চহৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা মূল্যবান প্ৰায় 800 বিঘা ভূমি এতিয়া চৰকাৰে লীজত দিব বিচাৰিছে ৷

অসম ৰাজ্যিক পৰিবহন নিগমৰ লোকচানৰ জোৰা মাৰিবৰ বাবে সম্পত্তি লীজত দিয়াৰ কথাটো সম্পূৰ্ণ মিছা বুলি অভিযোগ কৰি তেওঁ কয় যে পৰিবহন নিগমক চলাব নোৱাৰাটো চৰকাৰখনৰ ব্যৰ্থতা ৷ দেশৰ অবিজেপি শাসিত ৰাজ্যই নিজৰ পৰিবহন নিগমক ৰাইজৰ মাজলৈ লৈ গৈছে বুলি সদৰী কৰি তেওঁ কয় যে অসমত দক্ষতা নথকা লোকক দায়িত্ব দিয়া হৈছে এই বিভাগত ৷ তেওঁ কয় যে চৰকাৰে ৰাজহুৱা খণ্ডৰ পৰিবহন খণ্ডটোক ব্যক্তিগতকৰণ কৰিব বিচাৰিছে ৷ যিটো কোনো কাৰণতে মানি লোৱা নহ'ব ৷

মোদী চৰকাৰে আধুনিকীকৰণৰ নামত দেশৰ লগতে অসমৰো 32 টা ৰে'লৱে ষ্টেচন ব্যক্তিগতকৰণ কৰাৰ ব্যৱস্থা কৰিছে বুলি তেওঁ অভিযোগ কৰে ৷ তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীক অনুকৰণ কৰি ৰাজহুৱা সম্পদ বিক্ৰী কৰি আহিছে ৷ এতিয়া পৰিবহন নিগমটোক ব্যক্তিগতকৰণ কৰিব বিচৰা হৈছে ৷ ইয়াক কোনো কাৰণতে মানি লোৱা নহ’ব বুলি চৰকাৰক সকিয়াই দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই ৷

লগতে পঢ়ক : NPS Employee Protest: বৰপেটাত দ্বিতীয় দিনাও এন পি এছ কৰ্মচাৰীৰ সৰ্বাত্মক কৰ্মবিৰতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.