ETV Bharat / state

‘পলাশৰ ৰং’ বোলছবিৰ মূল নায়িকাৰ দেহাৱসান

author img

By

Published : Oct 24, 2021, 2:05 PM IST

‘পলাশৰ ৰং’ নামৰ বোলছবিখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰা প্ৰবীণ অভিনেত্ৰী শেৱালি কাকতি শইকীয়া(Sewali Kakati Saikia) আৰু নাই ৷ শনিবাৰে নিশা 9.45 বজাত চিকিৎসাধীন অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাল(GMCH)ত মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ ৷

actress sewali kakati saikia passes away
অভিনেত্ৰী শেৱালি কাকতি শইকীয়াৰ মৃত্যু

বিহপুৰীয়া, 24 অক্টোবৰ : অসমীয়া বোলছবি জগতৰ প্ৰবীণ অভিনেত্ৰী শেৱালি কাকতি শইকীয়া(Sewali Kakati Saikia)ৰ বিয়োগ ৷ 1977 চনত প্ৰগতি চিনে প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত ‘পলাশৰ ৰং’ নামৰ বোলছবিখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছিল অভিনেত্ৰীগৰাকীয়ে ৷

প্ৰগতি চিনে প্ৰডাকশ্যন আৰু পানীগাঁও প্ৰগতি সংঘৰ পৰাই সাংস্কৃতিক জীৱন আৰম্ভ কৰা শেৱালী কাকতি শইকীয়াৰ মৃত্যুৰ সময়ত বয়স আছিল 63 বছৰ ৷ গুৱাহাটী মেডিকেল কলেজ হাস্পতাল(GMCH)ত চিকিৎসাধীন হৈ থকা অৱস্থাত শনিবাৰে নিশা 9.45 বজাত মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ ৷

actress sewali kakati saikia passes away
অভিনেত্ৰী শেৱালি কাকতি শইকীয়াৰ মৃত্যু

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সাউকুছি গাঁৱৰ বীৰেন শইকীয়াৰ পত্নী শেৱালী কাকতি শইকীয়াৰ মৃত্যুত সমগ্ৰ নাৰায়ণপুৰ অঞ্চলতে পৰিছে গভীৰ শোকৰ ছাঁ ৷ মৃত্যুৰ সময়ত তেওঁ স্বামীৰ লগতে এটি পুত্ৰ আৰু এটি কন্যা সন্তান সংসাৰত এৰি থৈ যায় ৷ শেৱালি কাকতি শইকীয়াই অভিনয় জগতৰ উপৰিও নাৰায়ণপুৰৰ সামাজিক আৰুৰাজনৈতিক ক্ষেত্ৰখনতো জড়িত আছিল ৷

বিশেষকৈ আঞ্চলিকতাবাদত বিশ্বাসী অভিনেত্ৰী শেৱালি কাকতি শইকীয়াই অসম গণ পৰিষদ দল(AGP)ৰ মহিলা পৰিষদৰ বিহপুৰীয়া সমষ্টি সমিতিৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ ৰাজনৈতিক ক্ষেত্ৰখনত নিষ্ঠা আৰু সততাৰে কাম কৰিছিল ৷

লগতে পঢ়ক : 28 অক্টোবৰৰ পৰা লখিমপুৰত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় নাট মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.