ETV Bharat / state

বাংলাদেশ কাণ্ডৰ বিৰোধিতাৰে সচেতন নাগৰিক মঞ্চৰ প্ৰতিবাদ

author img

By

Published : Oct 24, 2021, 1:34 PM IST

protest-against-bangladesh-violence-in-dhubri
সচেতন নাগৰিক মঞ্চৰ প্ৰতিবাদ

ধুবুৰীত সচেতন নাগৰিক মঞ্চৰ প্ৰতিবাদী সমদল ৷ বাংলাদেশত হিন্দু নাগৰিকৰ ওপৰত চলোৱা আক্ৰমণৰ বিৰোধিতা কৰি বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সচেতন নাগৰিক মঞ্চই । সহস্ৰাধিক পুৰুষ-মহিলা, যুৱক-যুৱতীয়ে হাতে হাতে বেনাৰ, প্লে-কাৰ্ড আৰু জোঁৰ লৈ বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷

ধুবুৰী, 24 অক্টোবৰ : বাংলাদেশত দুৰ্গা পূজা(Durga Puja)ৰ সময়চোৱাত হিন্দু সম্প্ৰদায়(Hindu Comminity)ৰ লোকৰ ওপৰত কোনো অপশক্তিয়ে চলোৱা আক্ৰমণৰ বিৰুদ্ধে বৰ্তমানেও অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ৷ বাংলাদেশত হিন্দু নাগৰিকৰ ওপৰত চলোৱা আক্ৰমণৰ বিৰোধিতা কৰি ধুবুৰীত বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে সচেতন নাগৰিক মঞ্চই ৷

protest-against-bangladesh-violence-in-dhubri
সচেতন নাগৰিক মঞ্চৰ প্ৰতিবাদ

চহৰৰ মাজমজিয়াৰ চাউলপট্টিৰ পৰা এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সচেতন নাগৰিক মঞ্চই । প্ৰতিবাদী সমদলত অংশ লোৱা সহস্ৰাধিক পুৰুষ-মহিলা, যুৱক-যুৱতীয়ে হাতে হাতে বেনাৰ, প্লে-কাৰ্ড আৰু জোঁৰ লৈ এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

protest-against-bangladesh-violence-in-dhubri
সচেতন নাগৰিক মঞ্চৰ প্ৰতিবাদ

বাংলাদেশ ইছলামিক জেহাদী হুঁচিয়াৰ, হিন্দুৰ ওপৰত আক্ৰমণকাৰী হুঁচিয়াৰ, বাংলাদেশ চৰকাৰ মূর্দাবাদ, প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা মূর্দাবাদ আদি বিভিন্ন প্ৰতিবাদী ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে দলটোৱে । বিশাল প্ৰতিবাদী সমদলটোৱে চহৰখনৰ বিভিন্ন পথ পৰিভ্ৰমণ কৰি বাংলাদেশ চৰকাৰ(Bangladesh Govt)ক সকীয়নি প্ৰদান কৰাৰ লগতে হিন্দু নাগৰিকক সুৰক্ষা প্ৰদানৰ দাবী উত্থাপন কৰে ৷

protest-against-bangladesh-violence-in-dhubri
সচেতন নাগৰিক মঞ্চৰ প্ৰতিবাদ

আনহাতে, বাংলাদেশৰ সাম্প্ৰদায়িক হিংসাৰ মূল অভিযুক্তক ফাঁচী দিয়াৰো দাবী জনায় প্ৰতিবাদী সচেতন নাগৰিক মঞ্চই ৷ বাংলাদেশত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ আৰু সংখ্যালঘু হিন্দুৰ ওপৰত চলা নিৰ্যাতন, হত্যাৰ বিৰুদ্ধে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত জ্বলি আছে এই প্ৰতিবাদৰ জুই ৷ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ধুবুৰীতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছে বিভিন্ন দল-সংগঠনে ।

লগতে পঢ়ক : ভাৰত বাংলাদেশ সীমান্তত বজৰং দলৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.