ETV Bharat / health

থুঁতৰিৰ অতিৰিক্ত মাংসপেশীৰ সমস্যাত ভুগিছে নেকি? চিকিৎসকৰ পৰা জানক সমাধান - Exercises to Reduce Double Chin

author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 10:51 PM IST

Exercises to Reduce Double Chin: থুঁতৰিৰ তলত চৰ্বি জমা হোৱাটো এটা সমস্যা যিয়ে আমাৰ সৌন্দৰ্যতাত প্ৰভাৱ পেলাব পাৰে । বহুতে এই সমস্যাৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰে যদিও সক্ষম নহয় । কিন্তু আপোনালোকক জনাই দিও যে ঘৰতে সাধাৰণ ব্যায়াম কৰিলে সহজেই থুঁতৰিৰ তলত চৰ্বি জমা হোৱা সমস্যা কম কৰিব পাৰি বুলি ছালৰ বিশেষজ্ঞ ডাঃ অৰ্পিতা হাতিয়ে কয় ।

Sukhibhava
ডাবল চিনৰ সমস্যা আছে নেকি ? তেন্তে চিকিৎসকৰ পৰা জানি লওক ইয়াৰ সমাধান (ETV BHARAT BANGLA)

আমি যিমানেই সৌন্দৰ্যৰ যত্ন নলও কিয় কিন্তু কিছুমান সৰু সৰু সমস্যাই মুখৰ সৌন্দৰ্য নষ্ট কৰি পেলায় ৷ তেনে এটা সমস্যা হ’ল থুঁতৰিৰ তলত চৰ্বি জমা হোৱা ৷ বহুতৰে এই সমস্যা আছে, যিটো থুতৰিৰ তলৰ অংশত অতিৰিক্ত স্তৰৰ দৰে দেখা যায় ৷

ছালৰ বিশেষজ্ঞ ডাঃ অৰ্পিতা হাতিয়ে কৈছে, "ডাবল চিনক চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা ইয়াক চাবমেণ্টেল ফেট বুলি কোৱা হয় ৷ ই কোনো ৰোগ নহয়, ই আমাৰ শৰীৰৰে এটা অংশ ৷ য'ত আমাৰ চৰ্বি জমা হয় ৷ ইয়াৰ ভিতৰত এটা সাধাৰণ কাৰক হ'ল জেনেটিক্স মানে বংশগত ৷ দ্বিতীয়টো কাৰক হ'ল বয়স ৷ লগতে ই আমাৰ অংগী-ভংগীৰ ওপৰতো নিৰ্ভৰ কৰে ৷" মেদবহুলতা থকা লোকসকলৰো বিভিন্ন বিপাকীয় আৰু হৰম'নৰ সমস্যাৰ বাবে এই সমস্যা হ'ব পাৰে ৷

চ্যুইংগাম: চিকিৎসকৰ মতে যিসকলে থুঁতৰিৰ তলত চৰ্বি জমা হোৱা সমস্যাত ভুগি আছে তেওঁলোকে চ্যুইংগাম চোৱাই ভাল ফলাফল পাব পাৰে ৷ কাৰণ চ্যুইংগাম চোবালে পেশীবোৰক শক্তিশালী হয় ৷ সেইবাবেই দিনটোত কমেও এঘণ্টাকৈ চ্যুইংগামে থুতৰিৰ ওচৰত জমা হোৱা চৰ্বি গলোৱাই নহয়, মুখৰ আকৃতিও উন্নত কৰে ৷ কিন্তু এই ক্ষেত্ৰত চেনিবিহীন চ্যুইংগাম বাছি লোৱাটো ভাল ৷

চিন টাইটনিং: বিশেষজ্ঞসকলৰ মতে থুঁতৰিৰ তলত চৰ্বি জমা হোৱা সমস্যাত ভুগি থকাসকলে এই ৱৰ্কআউট কৰিলে ভাল ফলাফল পাব ৷ কোৱা হয় যে থুঁতৰি টানিলে তলত চৰ্বি জমা হোৱা সমস্যা কম হোৱাই নহয়, আপোনাৰ মুখমণ্ডল আৰু ডিঙিৰ পেশীবোৰৰ বাবেও এক ভাল ব্যায়াম ৷

পদ্ধতি: প্ৰথমে থিয় হৈ মূৰটো ওপৰলৈ তুলি লওক ৷ তাৰ পিছত জিভাখন মুখৰ ভিতৰলৈ টানিব ৷ ৫ ছেকেণ্ডৰ বাবে মূৰটো এনে অৱস্থাত ৰাখিব আৰু তাৰ পিছত মূৰটো তললৈ নমাই দিব ৷ দিনটোত ৫ৰ পৰা ৬ বাৰ এনে কৰিলে আপোনাৰ থুঁতৰিৰ পেশীবোৰ কোমল হৈ পৰিব আৰু ডাবল চিন কমি যাব ৷

লগতে পঢ়ক: কম বয়সতে কিয় চুলি পকে ? বিশেষজ্ঞৰ পৰা জানি লওক ইয়াৰ সমাধান - Hair Care Tips

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.