ETV Bharat / bharat

ক্ৰমাৎ বৃদ্ধি পাইছে মিজোৰামত প্ৰৱেশ কৰা ম্যানমাৰৰ শৰণাৰ্থীৰ সংখ্যা

author img

By

Published : Oct 24, 2021, 2:17 PM IST

মিজোৰামৰ বিভিন্ন অঞ্চলত প্ৰায় 12,939 গৰাকী ম্যানমাৰ শৰণাৰ্থীয়ে আশ্ৰয় গ্ৰহণ কৰি আছে ৷ ইয়াৰে ভিতৰত 1,518 গৰাকী শৰণাৰ্থীৰ তথ্য এতিয়াও সংগ্ৰহ কৰা হোৱা নাই ৷ এই সংখ্যা সঘনে সলনি হৈ আছে যিহেতু দেশখনৰ পৰা শৰণাৰ্থীৰ প্ৰৱেশ এতিয়াও অব্যাহত আছে ৷

More Myanmar refugees entering Mizoram due to clashes: Police
ম্যানমাৰ সংঘাত : ক্ৰমাৎ বৃদ্ধি পাইছে মিজোৰামত প্ৰৱেশ কৰা ম্যানমাৰৰ শৰণাৰ্থী সংখ্যা

নেশ্যনেল ডেস্ক, 24 অক্টোবৰ : ম্যানমাৰৰ চীন ৰাজ্যৰ পৰা মিজোৰামৰ দক্ষিণ আৰু পূৱ সীমান্তৱৰ্তী অঞ্চলত প্ৰৱেশ কৰি আছে শৰণাৰ্থীসকল ৷ দেশখনৰ সেনা আৰু বিদ্ৰোহীৰ মাজত অব্যাহত থকা ধাৰাবাহিক সংঘাতৰ বাবেই এইদৰে মিজোৰামত প্ৰৱেশ কৰি আছে ম্যানমাৰৰ শৰণাৰ্থীসকল ৷

শেহতীয়াকৈ মিজোৰামৰ বিভিন্ন অঞ্চলত প্ৰায় 12,939 গৰাকী ম্যানমাৰ শৰণাৰ্থীয়ে আশ্ৰয় গ্ৰহণ কৰি আছে ৷ ইয়াৰে ভিতৰত 1,518 গৰাকী শৰণাৰ্থীৰ তথ্য এতিয়াও সংগ্ৰহ কৰা হোৱা নাই ৷ এই সংখ্যা সঘনে সলনি হৈ আছে, যিহেতু দেশখনৰ পৰা শৰণাৰ্থীৰ প্ৰৱেশ এতিয়াও অব্যাহত আছে ৷

এই শৰণাৰ্থীসকলৰ যিসকলে আন্তঃৰাষ্ট্ৰীয় সীমান্তত বাস কৰে, তেওঁলোকে নিয়মীয়াভাৱে ভাৰতত প্ৰৱেশ আৰু প্ৰস্থান অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে এগৰাকী আৰক্ষী বিষয়াই ৷ আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়, এইসকল শৰণাৰ্থীক স্থানীয় সম্প্ৰদায়ৰ নেতা, NGO তথা গীৰ্জাৰ তৰফৰ পৰা খাদ্য আৰু আশ্ৰয় প্ৰদান কৰা হৈছে ৷

মিজোৰাম আৰক্ষীয়ে সদৰী কৰা অনুসৰি, মিজোৰামৰ ছয়খনকৈ সীমান্ত জিলা ক্ৰমে চম্ফাই, লংলাই, চিয়াহা, চেৰছিপ, হানাথিয়াল, চাইটুৱেলত প্ৰায় 9,811 গৰাকী ম্যানমাৰ শৰণাৰ্থীয়ে আশ্ৰয় গ্ৰহণ কৰি আছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, ম্যানমাৰৰ নাগৰিকসকলে মিজোৰামৰ 11 খন জিলাতে আশ্ৰয় গ্ৰহণ কৰি আছে ৷

ইয়াৰ ভিতৰত আটাইতকৈ বেছি 5,998 গৰাকী শৰণাৰ্থী আছে চম্ফাই হাউছিঙত, ইয়াৰ বিপৰীতে 1,622 গৰাকী শৰণাৰ্থী আছে ৰাজধানী আইজলত ৷ যুৱ মিজো এছ’ছিয়েশ্যনৰ টুইপুইৰেল ইউনিটৰ সভাপতি এম চি লালৰামেংগাই কয়, প্ৰায় 2,690 গৰাকী ম্যানমাৰ শৰণাৰ্থীয়ে টুইপুইৰেল অঞ্চলৰ 21 খন গাঁৱত আশ্ৰয় গ্ৰহণ কৰি আছে ৷

লগতে পঢ়ক : সীমান্তত বৃদ্ধি পাইছে চীনা সেনাৰ অনুশীলন

তেওঁ লগতে কয়, ম্যানমাৰৰ চীন ৰাজ্যৰ পৰা ধাৰাবাহিকভাৱে শৰনাৰ্থীসকল মিজোৰামত প্ৰৱেশ কৰি আছে যাৰ বাবে এই সংখ্যা বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ স্থানীয় লোকৰ দ্বাৰা 14 খন গাঁৱত শৰনাৰ্থীসকলৰ বাবে অস্থায়ী আশ্ৰয়গৃহ স্থাপন কৰা হৈছে ৷

কেবাটাও NGOৰ লগতে বাপটিষ্ট আৰু ৰোমান কেথলিক গীৰ্জাই আৰ্থিক সাহাৰ্যৰ উপৰিও শৰনাৰ্থীসকলক খাদ্য আৰু বস্ত্ৰ প্ৰদান কৰি আহিছে ৷ Central Young Mizo Associationৰ উপ সবাপতি লালহামাছুৱানাই কয়, সংগঠনটোৱে শেহতীয়াকৈ ৰাইজৰ পৰা সংগ্ৰহ কৰি শৰনাৰ্থীসকলৰ মাজত 15 লাখ টকাৰ সাহাৰ্য বিতৰণ কৰিছে ৷

ইয়াৰ উপৰিও সংগঠনটোৱে দক্ষিণৰ জিলাসমূহত টুখনকৈ ট্ৰাকভৰ্তি বস্ত্ৰ প্ৰেৰণৰ যো-জা চলাইছে ৷ উল্লেখ্য যে, মিজোৰামে ম্যানমাৰৰ সৈতে প্ৰায় 510 কিলোমিটাৰ দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় সীমা ভগাই লয় ৷

ফেব্ৰুৱাৰীত এক অভ্যুত্থানৰ জৰিয়তে সামৰিক জান্তাই ক্ষমতা দখল কৰাৰ পিছৰে পৰা উত্তৰ-পূবৰ ৰাজ্যখনে ম্যানমাৰৰ পৰা স্থিৰ প্ৰৱেশৰ সন্মুখীন হৈছে। মিজোৰামত আশ্ৰয় লোৱা ম্যানমাৰৰ নাগৰিকসকল বেছিভাগ চিন সম্প্ৰদায়ৰ, যিমিজোসকলৰ সৈতে জাতিগত সম্পৰ্ক ভাগ বতৰা কৰে

লগতে পঢ়ক : কি হৈছে ভাৰত-চীন সীমান্তত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.